মনোৰঞ্জন

উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইকৰ ধাৰা অব্যাহতঃ চেৰ পেলাব পাৰে বাহুবলী ২ ক

Sentinel Digital Desk

আদিত্য ধৰৰ ১১ জানুৱাৰীত মুক্তি লাভ কৰা ছবি "উৰি"সম্প্ৰতি চৰ্চাৰ শীৰ্ষত ৷ এতিয়াও ছবিখনে বহুত ভাল ফলাফল দেখাইছে বক্স অফিচত ৷ "উৰি" ছবিখনে ৩ ফ্ৰেব্ৰুৱাৰী পৰ্যন্ত প্ৰায় ৮.৭১ কোটি টকা উপাৰ্জন কৰে ৷ শনিবাৰে ছবিখনে ৬.৫৩ কোটি টকা উপাৰ্জন কৰে ৷ ইতিমধ্যে উৰি ছবিখনে দক্ষিন ভাৰতীয় অভিনেতা প্ৰভাসৰ ছুপাৰহিট ছবি বাহুবলী ২ ৰ ৰেকৰ্ড ভংগ কৰে ৷ কাৰণ বাহুবলী ২ য়ে মুক্তি পোৱাৰ চতুৰ্থ শনিবাৰটোত ৬.৩৫ কোটি টকা উপাৰ্জন কৰে ৷ অন্যহাতে দেওবাৰে ৭.৮০ কোটি কোটি টকা উপাৰ্জন কৰিছিল ৷গতিকে বলীউডৰ ছবি "উৰি"ৰ সম্প্ৰতি এই সাফল্যই যথেষ্ট উৎসাহিত কৰিছে কলা কুশলীসকলক ৷ ইফালে "উৰি"ৰ পিছতে কংগনা ৰাণাউটৰ ছবি "মণিকৰ্নিকা"দ্য স্কীন অফ ঝান্সীয়ে দেওবাৰে উপাৰ্জন কৰে ৬.৭৫ কোটি টকা। ইয়াৰ পিছতে বিগত ১০ দিনত মণিকৰ্নিকাই উপাৰ্জন কৰে ৭৬.৬৫ কোটি ।

ইফালে দুদিন পূৰ্বতে মুক্তি লাভ কৰা ছবি "এক লড়কী কো দেখা তো এছা লাগা"ছবিখনে দেওবাৰে উপাৰ্জন কৰে ৫.৫৮ কোটি টকা ৷ ছবিখনত অভিনয় কৰে অনিল কাপুৰ,জীয়ৰী সোনম কাপুৰ আৰু ৰাজকুমাৰ ৰাওে ৷প্ৰথম সপ্তাহতে এই ছবিখনে উপাৰ্জন কৰে ১৩.৫৩ কোটি টকা ৷ ইফালে উৰি ছবিখনে দেওবাৰে প্ৰায় ৮.৭১ কোটি উপাৰ্জন কৰাৰ লগতে ছবিখনে মুঠ ১৮৯.৭৬ কোটি টকা উপাৰ্জন কৰে ৷ইয়াৰ লগে লগে উৰি ছবিখনে প্ৰায় ২০০ কোটি উপাৰ্জন কৰাৰ আশা প্ৰকাশ কৰিছে কলা কুশলীসকলে ৷ ছবি সমীক্ষক সকলৰ মতে যদি উৰি ছবিখনে ২০০ কোটি উপাৰ্জন কৰিলে চলিত বৰ্ষত অত্যাধিক উপাৰ্জন কৰা ছবি হিছাপে চিহ্নিত হয় ৷ উৰি দ্য চাৰ্জিকেল ষ্টাইক ছবিখন ২০১৬ চনত আৰ্মী কেম্পত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ আৰু ইয়াৰ পিছত ভাৰতৰ পৰা হোৱা চাৰ্জিকেল ষ্ট্ৰাইক সম্পৰ্কত হোৱা কাহিনীৰ ওপৰত আধাৰিত ৷ উৰি ছবি খনত মুখ্য ভূমিকাত অভিনয় কৰিছে বলীউডৰ অভিনেতা ৱিকী কৌশলে৷লগতে আছে য়ামী গৌতম,পৰেশ ৰাৱল আৰু মোহিত ৰেনাই। ইফালে উৰি ছবিখনৰ সফলতাৰ পিছত অনুৰাগীসকলক ছ’চিয়েল মিডিয়াৰ যোগেদি ধন্যবাদ জনাইছে ৱিকী কৌশলে৷

এই সন্দৰ্ভত ৱিকী কৌশলে কয় যে ছবিখনৰ "How is the josh" সংলাপটো এতিয়া কেৱল এটা সংলাপেই নহয়,সংলাপটো হৈছে এটা আৱেগ৷ সম্প্ৰতি,বিদ্যালয়, কলেজ,কেফে ন জৱান,কনফাৰেন্সৰ লগতে ৯২ বছৰীয়া দাদী আম্মা,২ বছৰীয়া শিশুৰ ফালৰ পৰা How 's the Josh ভিডিঅ’টো মোক শ্বেয়াৰ কৰিছে ৷ সকলোলৈকে মোৰ ফালৰ পৰা হিয়াঁভৰা ওলগ যাচিছোঁ৷এই মন্তব্য ৱিকী কৌশলৰ ৷উল্লেখ্য যে উৰীৰ এই সংলাপটো শেহতীয়াকৈ সুঁৱৰিলে মুম্বাইৰ "মিউজিয়াম অফ ইণ্ডিয়ান চিনেমা"ৰ উৎঘাটন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ ভাষণৰ মাজতে কয় যে How's the josh৷এই অনুষ্ঠানত বলীউডৰ বহু ছুপাৰষ্টাৰ কংগনা ৰানাউট,মনোজ কুমাৰ,কৰণ জোহৰ,পৰিণীতি চোপ্ৰা,কপিল শৰ্মা উপস্থিত কৰে ৷ ইয়াৰোপৰি ১ ফ্ৰেব্ৰুৱাৰী ত যেতিয়া বিত্ত মন্ত্ৰী পীয়ুষ গোৱেলে অন্তিম ৱাজেট উত্থাপন কৰাৰ প্ৰাকমুহুৰ্তত How's the josh বুলি বাকী সাংসদ সকলক উদ্দেশ্য কৰি মন্তব্য কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন