মনোৰঞ্জন

কফী উইথ কৰণত বলীউডৰ দুগৰাকী বিশেষ চেলীব্ৰেটীঃ কিন্তু কোন এই দুগৰাকী চেলীব্ৰেটী?

Sentinel Digital Desk

সৰু পৰ্দাৰ জনপ্ৰিয় কৰণ জোহৰৰ অনুষ্ঠান "কফী উইথ কৰণ ৬ "ত এইবাৰ দেখিবলৈ পোৱা যাব বলীউডৰ বেবো অৰ্থাৎ কৰীণা কাপুৰ আৰু দেশী গাৰ্ল পিচি তথা বিদেশী বোৱাৰী প্ৰিয়াংকা চোপ্ৰাক ৷গতিকে এইবাৰ কফী উইথ কৰণ অনুষ্ঠানটো হৈ পৰিব বিশেষ মনোগ্ৰাহী ৷ সততে দুয়োগৰাকীৰ মাজত ভাল সম্পৰ্ক নাই বুলি গুজব উলাই থকাৰ পিছতো,কৰীণা কাপুৰ আৰু প্ৰিয়াংকা চোপ্ৰা দুয়োগৰাকী অভিনেত্ৰীয়েই অনুষ্ঠানটিত এক সৌহাৰ্দ্যপূৰ্ণতাৰে ভাগ লোৱা দেখা যাব। ইফালে কৰণ জোহৰৰ অনুষ্ঠান কফী উইথ কৰণত কৰীণাই প্ৰিয়াংকাক কেতিয়াও নিজৰ শিপা নাপাহৰিবলৈ কয়, সেই সময়তে প্ৰিয়াংকাই অভিনেতা বৰুণ ধাৱনৰ গাৰ্ল ফেণ্ডৰ সন্দৰ্ভত অজ্ঞাত বুলিও কয় ৷লগতে প্ৰিয়াংকাই কয় যে এই সন্দৰ্ভত নজনাটো একো ডাঙৰ কথা নহয়।

অন্যহাতে যেতিয়া কৰণ জোহৰে কৰীণা কাপুৰক প্ৰশ্ন কৰে যে চেইফ আলি খানে কৰীণাক ক’ত প্ৰেমৰ প্ৰস্তাৱ দিছিল? তেতিয়া কৰীণাই কয় যে গ্ৰীচত থাকোতেই চেইফ আলী খানে কৰীণাক প্ৰেমৰ প্ৰস্তাৱ দিছিল ৷ আশ্চৰ্য্যজনকভাৱে প্ৰিয়াংকা চোপ্ৰায়েও নিক জোন্সে প্ৰিয়াংকাক গ্ৰীচত প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ কথা উল্লেখ কৰে ৷অন্যহাতে বলীউডৰ দুয়োগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ উপস্থিতিত হ’ব লগা কফী উইথ কৰণলৈ সম্প্ৰতি উৎসাহৰ অন্ত নাই কৰীণা কাপুৰ আৰু প্ৰিয়াংকা চোপ্ৰাৰ অনুৰাগীসকলৰ ৷

অন্যহাতে কৰীণা কাপুৰ খানে ৰেডিঅ’ৰ এটি অনুষ্ঠান "হুৱাট ওমেন ৱান্ট"নামৰ এটি অনুষ্ঠানৰ আঁত ধৰে ৷ অনুষ্ঠানটিত মহিলা সকলৰ বিভিন্ন দিশৰ প্ৰসংগত আলোচনা কৰাৰ লগতে অন্যান্য দিশৰ সন্দৰ্ভতো আলোচনা কৰে ৷“হুৱাট ওমেন ৱান্ট” নামেৰে অনুষ্ঠানত কৰীণা কাপুৰ খানে মন্তব্য কৰে যে,সম্প্ৰতি মোৰ অনুভৱ হয় যে বলীউডত মোৰ এন্টী পলমকৈ কৰা হ’লে ভাল আছিল। কাৰণ,মই ১৭ বছৰ বয়সতে মই মোৰ ছবিৰ শ্বুটিং আৰম্ভ কৰিছিলো। সম্প্ৰতি মোৰ অনুভৱ হয় যে, মোৰ বহুত দুৰ্বল সিদ্ধান্ত ল’লো ৷ কাৰণ মই মোৰ শিক্ষা আধৰুৱা কৰিলোঁ ৷ লগতে কৰীনা কাপুৰ খানে কয় যে,সাম্প্ৰতিক সময়ত শিক্ষা অতি প্ৰয়োজন ৷ কিন্তু পুৰ্বতে শিক্ষাৰ প্ৰয়োজনীয়তাতকৈ মই শ্বুটিং অৰ্থাৎ দৃশ্য গ্ৰহণত অধিক মনোনিবেশ কৰিলোঁ ৷

লগতে কয় যে,সম্প্ৰতি মই মোৰ দুৰ্বলতা বুজি পাইছোঁ । ইফালে কৰীনাই পুত্ৰ টাইমূৰ আলী খানৰ সন্দৰ্ভত কয় যে, মই টাইমূৰৰ শিক্ষাত অধিক গুৰুত্ব দিম ৷ ইয়াৰ পিছতহে টাইমূৰে নিজৰ মতে কাম কৰিব পাৰিব। শিক্ষাৰ সন্দৰ্ভত কৰীনাই চৈইফ আলি খানৰ পৰিয়ালৰ সন্দৰ্ভত কয় যে,চেইফৰ পৰিয়াল তথা বন্ধু বৰ্গ শিক্ষা দীক্ষাত অত্যন্ত আগবঢ়া ৷বেছি ভাগেই অক্সফৰ্ড,কেম্ব্ৰিজ আদিৰ দৰে প্ৰসিদ্ধ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে ৷ চৈইফ আলি খানে শিক্ষা দীক্ষাত অধিক গুৰুত্ব দিয়ে ৷ কাৰণ সাৰা আৰু ইব্ৰাহীমৰ শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে ৷ সম্প্ৰতি,টাইমূৰৰ শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিব চেইফে ৷ লগত কৰীনাই কয় যে,মই এনেকুৱা এটা পৰিয়ালৰ পৰা আহিছো যিটো পৰিয়ালত অভিনয়ক অধিক গুৰুত্ব দিয়ে ৷

সম্প্ৰতি মই বুজি পাইছো যে,অভিনয়,নৃত্যৰ বাহিৰেও জীৱনত আৰু বহুত পৰ্যায় আছে ৷আনহাতে মই এতিয়াও অধিক ভ্ৰমণ কৰোঁ ৷ বিভিন্ন জনসাধাৰণৰ লগত মই কৰ্থা বাৰ্তা হয়৷আৰু বহুত নতুন কথা শিকোঁ ৷গতিকে মই বিচাৰোঁ যে টাইমূৰেও বহুত কথা শিকক । এই মন্তব্য কৰীণা কাপুৰ খানৰ ৷ইফালে কৰীণা কাপুৰ আৰু প্ৰিয়াংকা চোপ্ৰাৰ উপৰিও কফী উইথ কৰণ অনুষ্ঠানৰ মজিয়া শুৱনি কৰা চেলীব্ৰেটীসকলৰ ভিতৰত আছে দীপিকা পাডুকন,আলিয়া ভাট্ট,সাৰা আলী খান,চেইফ আলী খান,জাহ্নৱী কাপুৰ,অৰ্জুন কাপুৰ,সোনম কাপুৰ,হাৰ্দিক পেটেল,কেএল ৰাহুল,অক্ষয় কুমাৰ,ৰনৱীৰ সিঙ আদি ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন