মনোৰঞ্জন

কান্স ছবি মহোৎসৱত সাধাৰণ লুকেৰে অসাধাৰণ বলীউডৰ অভিনেত্ৰী হুমা কুৰেশ্বীৰ যাত্ৰা

Sentinel Digital Desk

বলীউডৰ অভিনেত্ৰী হুমা কুৰেশীয়ে কান্স ছবি মহোৎসৱত প্ৰথম খোজ পেলাই ৷কিন্তু প্ৰথম প্ৰবেশ কৰিয়েই হুমাই দৃষ্টি আকৰ্ষণ কৰিছে ৷ হলীউডৰ চেলীব্ৰেট্টীৰ দৰে হুমাই গৌৰৱ গুপ্তা গ্ৰে ৰফল্ড গ্ৰাউন পৰিধান কৰিছে ৷ হুমাই কান্স ছবি মহোৎসৱৰ কিছু ফ’টো ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে ৷

সীমিত পৰিমাণৰ প্ৰসাধন আৰু নীলা কাণফুলিৰে হুমাক অত্যন্ত ধুনীয়া লাগিছে ৷ লগতে হুমাক প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছৰ লগত এটি পাৰ্টিত দেখা গৈছিল ৷ পাৰ্টিটোত হুমা ক’লা ৰঙৰ পোচাক পৰিধান কৰিছে ৷

অন্যহাতে,কান্স ছবি মহোৎসৱত হুমা কুৰেশীৰ উপৰিও প্ৰিয়ংকা চোপ্ৰা,ঐশ্বৰ্য ৰায় বচ্চন,কংগনা ৰানাউট,দীপিকা পাডুকন,হিনা খানে,ডাইনা পেন্টিও পদাৰ্পন কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন