মনোৰঞ্জন

চীনত বলীউডৰ ছবি অন্ধাধুনৰ এক বৃহৎ সফলতাঃ অনুৰাগীলৈ ধন্যবাদ আয়ুষ্মান খুৰানাৰ

Sentinel Digital Desk

বলীউডৰ অভিনেতা তথা গায়ক আয়ুষ্মান খুৰানাৰ এখন ছবি অন্ধাধুনৰ সফলতাৰ কথা নিশ্চয় কোৱাৰ প্ৰয়োজন নাই ৷ পিছে সম্প্ৰতি অন্ধাধুনে বিশেষ জনপ্ৰিয় লাভ কৰিছে চীনত। এই সন্দৰ্ভত অভিনেতা আয়ুষ্মান খুৰানাই কয় যে মনোৰঞ্জনৰ যে কোনো ভাষা নাই সেয়াই যেন প্ৰতিপন্ন কৰিলে অন্ধাধুন ৷ কিছুমান চলচ্চিত্ৰই দেশৰ উপৰিও বিদেশত বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰে ৷ সেই সমূহ ছবিৰ তালিকাত অন্ধাধুনৰ দৰে ছবি থকাটো লক্ষ্যনীয়।

আয়ুষ্মান খুৰানাৰ এজন অন্ধ ব্যক্তি হিচাপে উপস্থাপন কৰা ছবিখনে ভাৰতত যথেষ্ট প্ৰসিদ্ধি লাভ কৰে ৷ আৰু এই ছবিখনক চীনত "পিয়ানো প্লেয়াৰ" নামেৰে মুক্তি দিয়া হৈছে ৷এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এই ছবিখনে চীনত ১০০ কোটি টকা উপাৰ্জন কৰিছিল ৷এই সন্দৰ্ভত আয়ুস্মান খুৰানাই কয় যে মই ব্যক্তিগতভাৱে অন্ধাধুনে চীনত ১০০ কোটি টকা উপাৰ্জন কৰা বিষয়টোত অতিশয় আনন্দিত ৷ ভাৰতীয় ছবিৰ এজন অভিনেতা হিচাপে মই গৰ্বিত ৷ কাৰণ মই ভাৰতীয় ছবিলৈ এনেধৰণে যোগদান দিব পাৰিছো ৷

লগতে অন্ধাধুনৰ প্ৰত্যেক গৰাকী কলা কুশলীৰ কাৰণে এক বৃহৎ সফলতা কাৰণ ভাৰতত ছবিখনে সফলতা লাভ কৰাৰ পিছত চীনত ব্লকব্লাষ্টাৰ ছবি হিছাপে পৰিগণিত হৈছে অন্ধাধুন ৷ এই ছবি খন নিৰ্দেশনা কৰিছে শ্ৰী ৰাম ৰাঘৱনে। গতিকে নিৰ্দেশক শ্ৰী ৰাম ৰাঘৱন অন্ধাধুনৰ সফলতাৰ অংশীদাৰী ৷ উল্লেখ্যযোগ্য যে ২০১৮ চনত টাবু আৰু ৰাধিকা আপ্তেৰ দৰে অভিনেত্ৰীৰ অন্ধাধুন নামৰ ছবিখন এক বৃহৎ সফলতা ৰূপে পৰিগণিত হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন