মনোৰঞ্জন

জেকলিন ফাৰ্নেনণ্ডাইজৰ ৱেষ্টান ফৰ্মত লাভয়াত্ৰি ছবিৰ জনপ্ৰিয় গীতত কৰা নৃত্য ; ভিডিঅ'টি উপভোগ কৰক

Sentinel Digital Desk

বলীউদৰ অন্যতম শ্ৰীলংকাৰ সুন্দৰী হৈছে জেকলিন ফাৰ্নেনণ্ডাইজ । জেকলিনে হৈছে একমাত্ৰ এনে এগৰাকী অভিনেত্ৰী যিয়ে নতুনকৈ অহা যিকোনো ট্ৰেণ্ডৰ বিষয়ে চ'চিয়েল মিডিয়াৰ যোগেদি প্ৰকাশ কৰে ।ইয়াৰোপৰি,এইটো কোৱা প্ৰয়োজনীয় লগতে আমি সকলোৱে জানো যে,জেকলিনে যিকোনো শ্বুট নাইবা শ্বুট্যিংৰ স্ক্ৰিনৰ পিছপিনৰ দৃশাংশ সমূহ ইনষ্টা নাইবা অইন চ'চিয়েল মিডিয়াৰ যোগেদি মানুহৰ মাজলৈ প্ৰেৰন কৰে ।

বৰ্তমান সময়ত নতুনকৈ আহিবলগীয়া অতি চৰ্চাত থকা জনপ্ৰিয় ছবি 'লাভয়াত্ৰি'ৰ গীত সমূহ সকলো লোকৰ মুখে মুখে শুনিব পোৱা গৈছে । এই ছবি খনৰ অতিকৈ জনপ্ৰিয় গীত "চোগাড়া" গীতটোত নৃত্য কৰি ইনষ্টাৰ যোগেদি প্ৰকাশ কৰিলে জেকলিনে ।আয়োশ শৰ্মা আৰু ৱাৰিনা হুছেইনৰ ছবি লাভয়াত্ৰি'ৰ এই "চোগাড়া" গীতটিত গুজৰাটী সকলৰ লোক নৃত্যৰ মিউজিক তথা সুৰ বাদ্য যন্ত্ৰ ব্যৱহাৰ হৈছে । লোক নৃত্যৰ সুৰ আৰু ৱেষ্টাৰ্ন ফৰ্ম মিউজিক সংমিশ্ৰিত সৃষ্টি হোৱা এই গীতটোত জেকলিনে নিজ দুগৰাকী বান্ধৱীৰ সৈতে ৱেষ্টাৰ্ন ফৰ্মত নৃত্য কৰি চ'চিয়েল মিডিয়াত প্ৰকাশ কৰিলে ।তলত জেকলিনে ইনষ্টাৰ যোগেদি প্ৰকাশ কৰা ভিডিঅ'টি প্ৰকাশ কৰা হ'ল…………

https://www.instagram.com/p/BoaeVzsHYpk/?utm_source=ig_embed