মনোৰঞ্জন

দৃশ্যগ্ৰহণত ব্যস্ত বলীউডৰ অভিনেতা আদিত্য ৰয় কাপুৰ আৰু দিশা পাটানী

Sentinel Digital Desk

বলীউডৰ অভিনেতা আদিত্য ৰয় কাপুৰ আৰু দিশা পাটানীৰ (Disha Patani) মলঙ ছবিখনৰ সম্প্ৰতি দৃশ্যগ্ৰহণ আৰম্ভ হৈছে ৷ সদ্য মুক্তি প্ৰাপ্ত ছবি কলংকৰ মুক্তিৰ পিছত আদিত্য ৰয় কাপুৰৰ মলঙ ছবিখন চৰ্চাৰ শীৰ্ষত ৷

মোহিত চুৰীৰ মলঙ ছবিখনৰ সম্প্ৰতি কেইবাখনো আলোকচিত্ৰ অনুৰাগীসকলৰ মাজত তীব্ৰ গতিত বিয়পি পৰিছে ৷ ইফালে মোহিত চুৰীৰ আশিকী ২ ছবিখনৰ পিছত আদিত্য ৰয় কাপুৰৰ মলঙ ছবিখন হৈছে দ্বিতীটো প্ৰজেক্ট ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি আদিত্য ৰয় কাপুৰ আৰু দিশা পাটানীৰ উপৰিও মলঙ ছবিখনত অভিনয় কৰিছে অনিল কাপুৰ আৰু কুনাল খেমুৱে ৷

মলঙ ছবিখন মুক্তি পাব অনাগত বৰ্ষৰ ভেলেন্টাইন ডে’ট ৷ অন্যহাতে, সম্প্ৰতি আদিত্য আৰু দিশা পাটানীৰ যোৰীটোৱে বলীউডৰ দৰ্শকক কেনেদৰে আকৰ্ষণ কৰিব সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন