মনোৰঞ্জন

দ্ৰাষ্টি ধামীৰ গ্লেমাৰচ লুক

Sentinel Digital Desk

দ্ৰাষ্টি ধামী হৈছে ভাৰতীয় টেলিভিছনৰ এগৰাকী অন্যতম প্ৰতিভাশালী অভিনেত্ৰী । বৰ্তমান কালাৰ্চ চেনেলত সম্পচাৰিত হোৱা 'সিলসিলা পিয়াৰ কি' ধাৰাবাহিক খনত নন্দিনী চৰিত্ৰটিত অভিনয় কৰি আছে । দ্ৰাষ্টিক অলপতে চাহিৰ শ্বেইখ আৰু আৰজিত টানেজাৰ সৈতে ইন্দোনেছিয়াত দেখা পোৱা গৈছে।

দ্ৰাষ্টিয়ে নিতা লুল্লাৰ আউটফিত দীঘল কলা ৰঙৰ শ্লীম ফিট ট্ৰাউচাৰ পৰিধান কৰিছে ।ভৰিত পিন্ধিছে নিউড হিলচ,ডিঙিত পিন্ধিছে গ্লীটাৰিং চকাৰ ।

আনহাতে আন খন ফটোত দেখা পোৱা অনুসৰি দ্ৰাষ্টিয়ে পৰিধিত কৰিছে ৰাফেল শাৰী । শাৰী খন ডিজাইন কৰিছে শিৱানী শিৰালি,শাৰী খনৰ ৰঙ গ্ৰে' আৰু মেজেণ্টা,এই লুকতো অতি সুন্দৰ দেখা হৈছে সৰু পৰ্দাৰ অভিনেত্ৰী গৰাকীক ।