মনোৰঞ্জন

"ধড়ক"ৰ পিছত জাহ্নৱীক দেখা পোৱা গল চুইটজাৰলেণ্ডত

Sentinel Digital Desk

অলপতে মনিষ মলহোত্ৰাৰ লগত জাহ্নৱী কাপুৰক দেখা পোৱা গল চুইটাজাৰলেণ্ডত।এক ফটোশ্বতৰ বাবে জাহ্নৱী গৈছে চুইটজাৰলেণ্ডত।ফটোশ্বটৰ ফটো সমূহত জাহ্নৱীক মাতৃ শ্ৰীদেৱীৰ সৈতে প্ৰায় একে দেখা গৈছে।

বলীউদ 'হাৱা-হাৱাই'ৰ অভিনেত্ৰী শ্ৰীদেৱী ফেব্ৰুৱাৰী মাহত মৃত্যুবৰন কৰা পিছতে জাহ্নৱীৰ সন্দৰ অভিনয়ৰে প্ৰথম খন ছবি "ধড়ক" মুক্তি পায়।মাতৃ গুনৰ সমাহৰে পৰিপূৰ্ন জাহ্নৱীয়ে অতি কম সময়তে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

'ধড়ক'ৰ অভিনেত্ৰী জাহ্নৱীক অলপতে দেখা পোৱা গল ফেশ্বন ডিজাইনাৰ মনিষ মলহোত্ৰাই ডিজাইন কৰা লেহেংগা পৰিধিত ৰূপত চুইটজাৰলেণ্ডত।এই সাজত মাতৃ শ্ৰীদেৱীৰ সৈতে প্ৰায় একে দেখা গৈছে জাহ্নৱীক।

পৰৱৰ্ত্তী সময়ত জাহ্নৱীক দেখা পোৱা যাব কৰন জহৰৰ ছবি 'তখ্ট',জাহ্নৱীৰ লগতে দেখা পোৱা যাব চুপাৰ ষ্টাৰ ৰনবীৰ সিং,অনিল কাপুৰ,কৰিনা কাপুৰ খান,আলিয়া ভট্ট,বিকি কুশাল আৰু ভূমি পেডনেকাৰ।