মনোৰঞ্জন

নতুন বৰ্ষত পাৰ্টি কৰাত ব্যস্ত বিগ বছ-১২ ৰ প্ৰতিযোগীঃ নতুন বৰ্ষৰ শুভেচ্ছা অনুৰাগীলৈ

Sentinel Digital Desk

সৰু পৰ্দাৰ জনপ্ৰিয় অনুষ্ঠান "বিগ বছ- ১২"সমাপ্ত হোৱাৰ পিছত সম্প্ৰতি প্ৰতিযোগীসকল ব্যস্ত হৈ পৰিছে পৰিয়াল তথা বন্ধু বান্ধৱীৰ লগত সময় কটোৱাত ৷ তাতে আকৌ নতুন বৰ্ষ ৷ নতুন বৰ্ষটোৰ আৰম্ভনিতে বিগ বছ-১২ ৰ প্ৰতিযোগী শিৱাশীষ মিশ্ৰা আৰু জেছলীন মাথুৰ,দুয়ো পাৰ্টি কৰা দেখা গ’ল ৷ ইয়াৰ বিপৰীতে শ্ৰীশান্ত ব্যস্ত পৰিয়াল-পৰিজনৰ লগত নতুন বৰ্ষৰ পাৰ্টি কৰাত৷ অন্যহাতে ’বিগ বছ-১২ ৰ প্ৰতিযোগী জেছলীন মাথুৰে এটি ভিডিঅ’ শ্বেয়াৰ কৰে ইনষ্টাগ্ৰাম একাউন্টত।

লগতে জেছলীনে সকলো অনুৰাগীলৈ নতুন বৰ্ষৰ শুভেচ্চা জনায়। উল্লেখ্য যে,বিগ বছৰ প্ৰতিযোগী জেছলীন মাথুৰে নিজতকৈ ৩৭ বছৰ ডাঙৰ অনুপ জলোটাৰ লগত বিগ বছৰ ঘৰত প্ৰবেশ কৰিছিল ৷এই বিষয়টোৱে সৃষ্টি কৰিছিল যথেষ্ট চাঞ্চল্যৰ ৷ কিন্তু যেতিয়া অনুপ জলোটা বিগ বছৰ ঘৰৰ পৰা বাহিৰ হোৱাৰ পিছতে শিৱাশীষ মিশ্ৰা আৰু জেছলীনৰ সম্পৰ্কটোক লৈও চৰ্চা লাভ কৰে ছ’চিয়েল মিডিয়াত ৷

ইফালে শ্ৰীশান্তৰ পত্নী ভূবনেশ্বৰীয়েও সকলোকে নতুন বছৰৰ শুভেচ্ছা জনায় । অন্যহাতে অভিনেতা তথা বিগ বছ -১২ ৰ প্ৰতিযোগী কৰনৱীৰ ৱোহৰাৰ ঘৰত নতুন বছৰৰ পাৰ্টিৰ আয়োজন কৰে ৷য’ত উপস্থিত থাকে সাবা-সোমী,নেহা পেণ্ডচ,মেঘা ধাড়ে,সৃষ্টি,সুৰভি ৰাণা,ৰোহিত সুক্ৰীতি আদি। উল্লেখ্য যে বিগত বৰ্ষত বিগ বছ -১২ বিজয়ী হয় দিপীকা কক্কৰ।

অধিক খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন