মনোৰঞ্জন

পদ্মাৱতৰ পিছত বিতৰ্কৰ আৱৰ্তত বলীউডৰ আন এখন ছবি

Sentinel Digital Desk

২০১৮ চনৰ অহা মুক্তি লাভ কৰা "পদ্মাৱত"ৰ পিছত সম্প্ৰতি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে কংগনা ৰানাউটৰ "মণিকৰ্নিকা" ছবিখন ৷ কৰণী সেনাৰ অনুসৰি ছবিখনত লক্ষ্মীবাঈ আৰু এজন ব্ৰিটিছ বিষয়াৰ মাজত প্ৰেমক উপস্থাপন কৰা হৈছে ৷ লগতে ৰাণী লক্ষ্মীবাইৰ এটা নৃত্যক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৰণী সেনাই ৷ কাৰণ এনেধৰণৰ কাৰ্যসমূহ তেওঁলোকৰ পৰম্পৰাৰ বাহিৰত । ইফালে কৰণী সেনাৰ ৰাষ্ট্ৰীয় সচিব সুখদেৱ সিঙ শেখাৱতে এক সাক্ষাৎকাৰত কয় যে ছবিখনৰ নিৰ্মাতায়ে ইতিহাসক উপলুঙা কৰি কিছুমান দৃশ্য উপস্থাপন কৰিছে ।

লগতে স্বাধীনভাৱে নিজৰ মতামত ব্যক্ত কৰিছে ছবিখনৰ নিৰ্মাতায়ে ৷ গতিকে আমি কেতিয়াও এনেধৰণৰ কাৰ্য সহ্য নকৰোঁ ৷ অন্যহাতে ২০১৮ বৰ্ষৰ ছুপাৰহিট ছবি "পদ্মাৱত"প্ৰসংগ উত্থাপন কৰি সুখদেৱ সিঙে কয় যে ছবি খন মুক্তিৰ প্ৰাকমুহুৰ্তত আমাক দেখাওঁক৷ যদি এনেধৰণৰ কাৰ্য নকৰে তেন্তে আমি অন্য ব্যৱস্থা কৰিম বুলি কয় সুখদেৱ সিঙে ৷ অন্যহাতে চেন্ট্ৰেল বোৰ্ড অফ চাৰ্টিফিকেশ্যনে "মনিকৰ্ণিকা"ছবি খনক ক্লীন চীট প্ৰদান কৰে ৷

উল্লেখ্য যে,বলীউডৰ কুইন কংগনাৰ প্ৰায় ছবিয়েই ধুমুহাৰ সৃষ্টি কৰে বক্স অফিচত ৷ লগতে “মণিকৰ্ণিকা”ৰ ট্ৰেইলৰটোত কংগনাৰ জীৱন্ত অভিনয় দেখিবলৈ পোৱা গৈছে ৷ছবিখনত কিতাপত পোৱা সেই ঝান্সী ৰাণী লক্ষ্মীবাঈক জীৱন্ত ৰূপত ফুটাই তুলিছে কংগনাই ৷ কংগনাৰ লুক, কংগনাৰ অভিনয়,এক্সন সকলোবোৰেই জীৱন্ত ৷

আমাৰ সকলোৰে মৰমৰ তন্নু আৰু মন্নু অৰ্থাৎ কংগনাৰ লুক “মণিকৰ্ণিকা”ত সচাকৈয়ে, বিশেষভাৱেই উল্লেখযোগ্য ৷ ইফালে,ছবিখনৰ ডায়ল’গসমূহ দেশ প্ৰেমেৰে ভৰা ৷ “আমি সকলোৱে যুদ্ধ কৰিম ৷ যাতে আমাৰ পিছৰ প্ৰজন্মই স্বাধীনতাৰ উৎসৱ উদযাপন কৰিব পাৰে ৷”এনেধৰণৰ দেশপ্ৰেম মূলক ভাষাই প্ৰাধান্য পাইছে ছবিখনত ৷ অন্যহাতে,মণিকৰ্ণিকা ছবিখন ডাইৰেক্ট কৰিছে কংগনা ৰাণাউটে ৷

তৰ্ক বিতৰ্কত লিপ্ত হৈ অভিনেতা চনু ছুডে ছবিখনৰ দৃশ্য গ্ৰহণ আধাতে এৰি দিলে ৷ লগতে ডাৰেক্টৰ কৃষ জগৰলামুড়ীয়েও ছবিখন আধাতে এৰি দিয়াত ছবিখনৰ দায়িত্ব কংগনাই লয় ৷ ছবিখনত কংগনাৰ লগত অভিনয় কৰিছে অংকিতা লোখণ্ডে,জিসু সেন গুপ্তা,অতুল কুলকৰ্ণী আদি ৷উল্লেখ্য যে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী তথা পবিত্ৰ ৰিস্তাৰ “অৰ্চনা”খ্যাত অংকিতাৰ মণিকৰ্ণিকাৰ জৰিয়তে বলীউডত প্ৰথম খোজ পেলাইছে ৷ ছবিখনত অংকিতাই ঝলকাৰী বাঈ নামেৰে এটা চৰিত্ৰত অভিনয় কৰিছে ৷ আনহাতে ছবিখনত অংকিতাৰ ফাষ্ট লুকে সকলোকে আকৰ্ষণ কৰিছে ৷ সম্প্ৰতি কংগনাৰ অনুৰাগী তথা চলচ্চিত্ৰ প্ৰেমীসকলে অপেক্ষা কৰিব লাগিব ২৫ জানুৱাৰীলৈ ৷ কাৰণ ছবিখনে মুক্তি পাব ২৫ জানুৱাৰীতে ৷

কিন্তু সকলোৱে সম্প্ৰতি আকোঁৱালি লৈছে “মণিকৰ্ণিকা”ৰ ট্ৰেইলৰক ৷ গতিকে,ছবিখন মুক্তিৰ পিছতহে আমি জানিম মণিকৰ্ণিকা হিট নে ছুপাৰহিট ৷ইফালে বিভিন্ন তৰ্ক বিতৰ্ক সততে লাইমলাইটট থকা কংগনাৰ ছবিসমূহে দৰ্শকক সততে আকৰ্ষণ কৰি আহিছে। কংগনাৰ ডেবিউট ছবি গেংষ্টাৰ ছবি খনৰ কাৰণে শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী বটাঁ লাভ কৰিছিল ৷ কংগনাৰ “তন্নু ৱেডছ মন্নু”ছবি খনত কংগনাৰ অভিনয় পাহৰিব পৰা নাই চলচ্চিত্ৰ প্ৰেমীসকলে। ইয়াৰ পিছতে,”তন্নু ৱেডছ মন্নু” ৰিটাৰ্নছত কংগনাৰ যি জীৱন্ত অভিনয় সেয়া সকলোৰে জ্ঞাত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন