মনোৰঞ্জন

পলকতে চাওঁ আহক বলীউডৰ আপোনাৰ প্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ সৰু সৰু খবৰ

Sentinel Digital Desk

বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন ব্যস্ত আছে মেঘনা গুলজাৰ চপাক ছবিৰ চিত্ৰ গ্ৰহণত ৷ দিপীকা পাডুকনৰ অনুৰাগীসকল অভিনেত্ৰী গৰাকীক চাবলৈ এতিয়াও উৎসুক হৈ আছে ৷ ইফালে ছপাক ছবিৰ দৃশ্যগ্ৰহণ হৈ আছে দিল্লীত ৷ সেয়েহে দীপিকা পাদুকনক চাবলৈ দৃশ্যগ্ৰহণ স্থলীত ভিৰ কৰিছেহি অনুৰাগীসকলে। এক বিশেষ তথ্য অনুসৰি নিৰ্মাতাসকলে সম্প্ৰতি দিল্লীত দৃশ্য গ্ৰহণ কৰাৰ পিছত নয়ডাত দৃশ্যগ্ৰহণ কৰাৰ কাৰণে গমন কৰিব ৷ ছবিখন এচিড আক্ৰমণ কৰা লক্ষ্মী আগৰৱালাৰ জীৱনৰ ওপৰত আধাৰিত ৷ সম্প্ৰতি লক্ষ্মী আগৰৱালে এচিড আক্ৰমণৰ সন্মুখীন হোৱা সকলৰ হৈ কাম কৰাৰ লগতে,আৰু যাতে এনে ধৰণৰ ঘটনা আৰু সংঘটিত নহয় তাৰ প্ৰতি সজাগ সৃষ্টি কৰে ৷

বলীউডৰ আন এগৰাকী অভিনেত্ৰী সোনালী ব্ৰেণ্ডে সম্প্ৰতি সুস্থ হৈ উঠিছে ৷ কাৰণ অলপতে সোনালী বেণ্ডেক দেখা গ’ল অভিনেত্ৰীগৰাকীৰ বেষ্ট ফেণ্ড সুজেইন খান আৰু গায়ত্ৰী অৱৰয়ৰ লগত ৷ সুজেইন খান আৰু গায়ত্ৰী অবৰয় সোনালী বেণ্ডেৰ অসুস্থতাৰ দিনটোতো অভিনেত্ৰী গৰাকীৰ লগত আছিল ৷ ইফালে অসুস্থতাৰ পিছত সোনালী বেণ্ডেৰ নতুন লুকত বহুত সুন্দৰ লাগিছে ৷

বলীউডৰ অভিনেতা তথা ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজেতা ৰাজকুমাৰ ৰাওে লাভ কৰিছে এটি বিশেষ বিশেষ পুৰস্কাৰ ৷ এই সন্দৰ্ভত ৰাজকুমাৰ ৰাওে কয় যে পুৰস্কাৰে এক বিশেষ সুখ দিয়ে ৷ কিন্তু ৰাজকুমাৰ ৰাওৰ কাৰণে বৃহৎ পুৰস্কাৰ হৈছে দৰ্শকক মনোৰঞ্জন কৰা ।ৰাজকুমাৰ ৰাওে ষ্ট্ৰী আৰু অ’ম্ৰেটা ছবিখনৰ জৰিয়তে দৰ্শকসকলক আকৰ্ষণ কৰে ৷ ৰাজকুমাৰ ৰাওে মন্তব্য কৰে যে বিগত সময়ত আমি যিসমূহ ছবি কৰিছিলো তাৰ তুলনাত এই ছবিখন আছিল বিশেষভাৱে উল্লেখ্য ৷

বিভিন্ন ছবিৰ জৰিয়তে বিভিন্ন অভিজ্ঞতা হোৱাৰ কথাও উল্লেখ কৰে অভিনেতা ৰাজকুমাৰ ৰাওয়ে লগতে দৰ্শকসকলক মৰম আৰু আশীৰ্বাদৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে সকলোকে ৷ উল্লেখ্যযে, এক লড়কী কো দেখা টো এইচা লাগা, মেড ইন চাইন, মেন্টল হ্যে কিয়া,ইমলী, আদি বিভিন্ন ছবিত অভিনয় কৰে ৰাজকুমাৰ ৰাওয়ে ৷ ইফালে ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰ অভিনীত হৰৰ কমেডী ছবি "ষ্ট্ৰী" সফলতাৰ পিছত "ষ্ট্ৰী" নিৰ্মাতাই আগবাঢ়িছে ষ্ট্ৰী২ ৰ নিৰ্মাণৰ কাৰণে ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ষ্ট্ৰীৰ দ্বিতীয় চিকুৱেলত অনুৰাগী সকলে দেখা পাব পাৰে বৰুণ ধাৱনক ৷অৱশ্যে বৰুণ ধাৱনক কাষ্ট কৰাৰ কথাটোত এতিয়াও সিদ্ধান্ত লোৱা নাই ছবিখনৰ নিৰ্মাতা সকলে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন