অৱশেষত বলীউডত মুকলি হ’ল কবীৰ সিঙৰ টিজাৰ ৷ দক্ষিণ ভাৰতীয় ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক কবীৰ সিং। বলীউডৰ অভিনেতা ছাহিদ কাপুৰে মুখ্য ভূমিকাত অভিনয় কৰা কবীৰ সিঙৰ টিজাৰ সম্পৰ্কত অভিনেতাগৰাকীয়ে টুইট কৰে যে I am not a not a rebel without a cause . ইফালে সঞ্জয় লীলা ভাঞ্চালীৰ পদ্মাৱতত ছাহিদ কাপুৰৰ সফলতাৰ পিছত সম্প্ৰতি অনুৰাগীসকলৰ মাজত উৎসুক দেখা গৈছে ৷ সন্দীপ ৰেড্ডী ভাংগাৰ তেলেগু ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক কবীৰ সিঙ মুক্তি পাব ২০১৯ চনৰ ২১ জুনত।
সম্প্ৰতি ৰনবীৰ কাপুৰ আছে নিউয়ৰ্কত ৷ অলপতে ৰনবীৰ কাপুৰে ২০১৯ চনৰ ফিল্ম ফেয়াৰত শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছে ৷ ইয়াৰ পিছতেই ৰনবীৰ ৰাওনা হয় নিউয়ৰ্কত থকা পিতৃ ঋষি কাপুৰৰ ওচৰলৈ ৷ কাৰণ,অসুস্থ হৈ ঋষি কাপুৰ নিউয়ৰ্কত চিকিৎসাধীন হৈ আছে ৷ নিউয়ৰ্কত থকা সময়ত সঞ্জু ছবিৰ অভিনেতাজনে দুগৰাকী অনুৰাগীৰ সৈতে উঠোৱা এখন ফ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷এগৰাকী কণমানি আৰু যুৱতী আৰু ৰনবীৰ কাপুৰৰ সৈতে উঠোৱা চেলফিখনত বহুত সুন্দৰ লাগিছে অভিনেতা গৰাকীক ৷ইফালে ৰনবীৰ কাপুৰক আয়ান মুখাৰ্জীৰ ব্ৰহ্মাস্ত ছবিখনত আলিয়া ভাট্ট,মৌনি ৰয় আৰু অমিতাভ বচ্চনৰ সৈতে দেখিবলৈ পাব ৷ ছবিখন মুক্তি পাব চলিত বৰ্ষৰ বৰদিনত ৷
চলিত বৰ্ষৰ সকলোতকৈ চৰ্চিত ছবিখন হৈছে কলংক ৷ইতিমধ্যে ছবি খনৰ তিনিটা গীত চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত অত্যাধিক জনপ্ৰিয়তা লাভ কৰিছে ৷ ছবিখনৰ ফাষ্ট ক্লাচ,ঘৰ মোৰে পৰদেশীয়া আৰু কলংকৰ টাইটেল গীত অধিক জনপ্ৰিয় হৈছে চলচ্চিত্ৰ প্ৰেমী সকলৰ মাজত ৷ ইয়াৰ মাজতে ছবিখনৰ অন্য এটি গীতক লৈ উৎসুক প্ৰকাশ কৰিছে "টবাহ হো গয়া গীতটি ৷ কাৰণ প্ৰযোজক পৰিচালক কৰণ জোহৰে ইনষ্টাগ্ৰাম একাউন্টত মাধুৰী দীক্ষিতক ধন্যবাদ জ্ঞাপন কৰি তবাহ হো গয়া গীতটি অনতিপলমে যে মুক্তি পাব ৷ আৰু আজি মুক্তি পালে তবাহ হো গয়া গীতটি ৷ঠিক সেইদৰে আলিয়া ভাট্টেও ছবিখনৰ তবাহ হো গয়া গীতটিক প্ৰশংসা কৰি উৎসুকতা প্ৰকাশ কৰে ৷ অভিষেক বাৰ্মাৰ কলংক ছবিখন মুক্তি পাব ২০১৯ বৰ্ষৰ ১৭ এপ্ৰিলত ৷ছবিখনত অভিনয় কৰিছে আলিয়া ভাট্ট,সোনাক্ষী সিন্হা,বৰুন ধাৱন,আদিত্য ৰয় কাপুৰ,সঞ্জয় দত্ত আৰু মাধুৰী দীক্ষিত আদি ।
ইফালে ফাষ্ট ক্লাচ গীতটিত কাইৰা আদৱানিৰ সৈতে কৰা অভিনয় কৰা সন্দৰ্ভত বৰুণ ধাৱনে কয় যে কাইৰা প্ৰতিভাৱান অভিনেত্ৰী,তথা পৰিশ্ৰমী ৷কামৰ মাজতো কাইৰাৰ মুখত মিছিকিয়া হাঁহি থাকিবই ৷ লগতে কলংক ছবিখনত কাইৰা আদৱানিয়ে কৰা অভানয়ৰো শলাগ লয় বৰুণ ধাৱনে ৷ লগতে ভৱিষ্যতে সম্ভাৱনাপূৰ্ণ কাইৰাৰ লগত কাম কৰাৰ আশা কৰে বৰুণ ধাৱনে। ইয়াৰে মাজতে বৰুণ ধাৱন আৰু কাইৰা আদৱানিৰ মাজৰ কেমেষ্ট্ৰীক আদৰি লৈছে চলচ্চিত্ৰ প্ৰেমীসকলে ৷
অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন