বলীউডত সততে বিভিন্ন খবৰে বাতৰিৰ শিৰোনামা দখল কৰি থাকে ৷ সেয়া লাগিলে চেলীব্ৰেটী সকলেই হওঁক বা অন্য বিভিন্ন খবৰেই হওঁক ৷দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰ বলীউডৰ শীৰ্ষত চেলীব্ৰেটীসকলৰ অন্যতম ৷ এই দুইগৰাকী চেলীব্ৰেটীকে অনুৰাগীসকলে দেখিবলৈ পাব ডাইৰেক্টৰ লব ৰঞ্জনৰ এখন ছবিত ৷
শেহতীয়া তথ্য অনুযায়ী দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰে ডাইৰেক্টৰ লভ ৰঞ্জনৰ এখন ছবিত অভিনয় কৰিব ৷ ইফালে লভ ৰঞ্জনৰ এক তথ্য অনুযায়ী ২০১৫ চনত মুক্তি প্ৰাপ্ত দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰৰ"তামাশা" ছবিখনৰ পিছত দুয়ো গৰাকী ষ্টাৰ সাজু হৈছে নতুন ছবিখনৰ কাৰণে ৷ দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰৰৰ উপৰিও লভ ৰঞ্জনৰ ছবিখনত আছে বলীউডৰ অন্য এগৰাকী অভিনেতা অজয় দেৱগন ৷ ৰনবীৰ কাপুৰৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিব অজয় দেৱগনে ৷ইফালে দীপিকা পাডুকন সম্প্ৰতি ছপাক ছবিখনৰ দৃশ্যগ্ৰহণত ব্যস্ত আছে ৷ আৰু ৰনবীৰ কাপুৰ ব্যস্ত আছে ব্ৰহ্মাস্তত ৷ গতিকে এই ছবিখনৰ কাম বৰ্ষটোৰ অন্ততহে আৰম্ভ হ’ব ৷
আয়ুষ্মান খুৰানা আৰু ভূমি পেডনেকাৰক শেহতীয়াকৈ দৰ্শকে দেখিবলৈ পাব অমৰ কৌশিকৰ এখন ছবি "বালা"ত ৷ ইফালে বালা ছবিখনত ভূমি পেডনেকাৰক এগৰাকী মিঠা বৰণীয়া যুৱতীৰ চৰিত্ৰত দেখা যাব ৷ আয়ুষ্মান খুৰানাৰ বাধাই হোৰ সফলতাৰ পিছত সম্প্ৰতি অভিনেতাজন ব্যস্ত আছে ড্ৰীম গাৰ্ল ছবিখনৰ শ্বুটিঙত ৷ ইয়াৰ পিছত উত্তৰ প্ৰদেশত ভূমিৰ লগত বালা ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব৷
বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ আৰু কৰীনা কাপুৰ খান সাজু হৈছে ৰাজ মেহতাৰ গুড নিউজ ছবিখনৰ কাৰণে ৷ শেহতীয়াকৈ অক্ষয় কুমাৰে ১০ বছৰৰ প্ৰত্যাহ্বান শীৰ্ষক এখন ফ’টো শ্বেয়াৰ কৰিছে। পূৰ্বৰ ছবিখন আছিল কৰীনা কাপুৰ খান আৰু অক্ষয় কুমাৰৰ কমবখত ইস্ক ছবিখনৰ দৃশ্য গ্ৰহণ স্থলীত লোৱা ৷ ২.০ ৰ ষ্টাৰ অক্ষয় কুমাৰে কৰীনা কাপুৰ লগত গুড নিউজৰ দৃশ্যগ্ৰহণ স্থলীৰ পৰা শ্বেয়াৰ কৰা ফ’টো খন যথেষ্ট সমাদৰ লাভ কৰিছে ৷
এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ৰোহিত চেট্টীৰ ছবি সুৰ্যবংগীত বলীউডৰ অভিনেত্ৰী কেটেৰীনা কাইফ চুক্তি বদ্ধ হোৱা নাই ৷ সম্প্ৰতি কেটেৰীনা কাইফে অভিনয় কৰিছে ভাৰত নামৰ ছবিখনত ৷ চলমান খান আৰু কেটেৰীনা কাইফৰ ভাৰত ছবিখনে সকলো চলচ্চিত্ৰত প্ৰেমিকে উৎসুকতা প্ৰদান কৰিছে ৷
সম্প্ৰতি সকলোৱে অধীৰ আগ্ৰহেৰে প্ৰতীক্ষা কৰি আছে বলীউডৰ সুন্দৰী ঐশ্বৰ্য্য ৰায় বচ্চন আৰু অভিষেক বচ্চনক ছবিত একেলগে চাবলৈ ৷গতিকে সেই সকলৰ কাৰণে সুখবৰ ৷ কাৰণ গুলাব জামুন ছবিখনৰ জৰিয়তে বলীউডৰ ছবিত অভিনয় কৰিব ঐশ্বৰ্য্য ৰায় বচ্চন আৰু অভিষেক বচ্চনে ৷ ইফালে অভিষেক বচ্চন সম্প্ৰতি ব্যস্ত হৈ পৰিব পৃৃথক কামত আৰু ঐশ্বৰ্য্য ৰায় বচ্চনেও কেন ফেষ্টিভেলৰ পৰা নিজৰ গৃহ চহৰত উপস্থিত হৈছে ৷ গোলাব জামুন ছবিখন পৰিচালনা কৰিছে চাৰভেশ মেৱাৰাই ৷
হাছী টো ফ’ছী ছবিখনৰ অন স্কীণ কপ’ল পৰিনীতি চোপ্ৰা আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ অনুৰাগীসকলৰ অপেক্ষাৰ অন্ত পেলাই ছবিগৃহলৈ আহিব জাবাৰিয়া দোস্তী৷ছবিখনৰ ফাষ্ট লুক ইতিমধ্যে মুকলি হৈ গৈছে ৷ পৰিণীতি চোপ্ৰাই ইতিমধ্যে টুইটাৰ যোগে ছবিখনৰ এটি টুইট কৰিছে ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন