মনোৰঞ্জন

প’ষ্টাৰৰ পিছতে মুক্তি পালে কলংকৰ ট্ৰেইলৰ

Sentinel Digital Desk

মুক্তি পালে কলংক ছবিৰ ট্ৰেইলৰ ৷ চলচ্চিত্ৰ প্ৰেমীৰ মাজলৈ কলংকৰ ট্ৰেইলৰ অহাৰ লগে লগে প্ৰতি মুহুৰ্ততে বাঢ়িছে অনুৰাগীৰ উৎসুকতা ৷ সঞ্জয় লীলা ভাঞ্চালীৰ সপোনৰ এটি অংশ হিছাপে কলংকৰ ট্ৰেইলৰ ।কলংকৰ ট্ৰেইলৰটো উৎসকতাৰে ভৰা ৷ট্ৰেইলৰটোৰ অনুসৰি ছবিখনৰ অভিনেত্ৰী আলিয়া ভাট্টে স্পষ্ট ৰূপত বৰুন ধাৱনত প্ৰেমিকা। কিন্তু বিয়া হয় আদিত্য ৰয় কাপুৰৰ লগত ৷ ইফালে বিয়াৰ মণ্ডপত বহি আলিয়াই নিৰৱে চকুলো টোকা দেখা গৈছে । লগতে মাধুৰী দিক্ষীত,সঞ্জয় দত্ত আৰু সোনাক্ষী সিন্হা সকলোকে চিন্তিত দেখা গৈছে কলংকৰ ট্ৰেইলটোত ।

ইয়াৰ পিছত ধুনীয়া পৰিবেশত আলিয়াক এখন নাওত উঠি গৈ থকা দেখিবলৈ পোৱা যায়। আৰু বৰুণ ধাৱনক এটা ষাড় গৰুৰ লগত যুজঁ দিয়াৰ দৃশ্য দেখা যায়। আনহাতে কৰণ জোহৰে কলংক ছবি খনৰ জৰিয়তে মাল্টি ষ্টাৰসকলক চলচ্চিত্ৰ প্ৰেমী সকলৰ মাজলৈ লৈ আনিছে। আলিয়া ভাট্ট,বৰুণ ধাৱন,সোনাক্ষী সিন্হা,আদিত্য ৰয় কাপুৰ আৰু সঞ্জয় দত্তৰ দৰে বলীউডৰ ছুপাৰষ্টাৰসকলৰ সমাবেশত ছবিখনে ১৯৪০ চনৰ ভাৰতৰ দৃশ্য মনলৈ আনিছে। কলংক ছবিখনৰ ট্ৰেইলৰ মুক্তি পোৱাৰ প্ৰাকমূহুৰ্তত ছবিখনৰ ষ্টাৰসকলে নিজৰ ইনষ্টাগাম একাউন্টত প’ষ্টাৰসমূহ শ্বেয়াৰ কৰিছে ৷ কলংক ছবিখনৰ মুখ্য পুৰুষ চৰিত্ৰসমূহ,বৰুণ ধাৱন,সঞ্জয় দত্ত আৰু আদিত্য ৰয় কাপুৰৰ প’ষ্টাৰ ৭ মাৰ্চত অহাৰ বিপৰীতে ৮ মাৰ্চ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা আলিয়া ভাট্ট,মাধুৰী দীক্ষিত আৰু সোনাক্ষী সিন্হাৰ প’ষ্টাৰ সমূহে মুক্তি পায়।

ইফালে কৰণ জোহৰে ছবিখন তেওঁৰ কাৰণে কিমান তাৎপৰ্যপূৰ্ণ সেই কথা প্ৰকাশ কৰে ৷এই ছবিখন মোৰ মন মগজুত ১৫ পোন্ধৰ পূৰ্বতেই জন্ম হৈছিল ৷ এই ছবিখন চাবলৈ মোৰ দেউতাৰ বহুত ইচ্ছা আছিল। কিন্তু মই মোৰ দেউতাৰ সপোন বাস্তৱত ৰূপায়িত কৰিব নোৱাৰিলো। এই কথাই মোক বহুত আঘাত দিয়ে। আজি চেলুলয়ডৰ লগত দেউতাৰ ইচ্ছা আকাংক্ষাৰ এটা সম্পৰ্ক স্থাপন হ’ল ৷ কলংক ছবিখন নিৰ্মাণ কৰিছে অভিষেক বাৰ্মাই। আমি ছবি খনৰ জৰিয়তে দৰ্শকৰ ওচৰলৈ আহি আছো ৷ আমি আশা কৰিছো ৷ আমাক একত্ৰিত কৰিবলৈ আপোনাকে সহায় কৰিব।ইফালে ছবিখনৰ ষ্টাৰ কাষ্ট সকলৰ তালিকাই বিশেষ আকৰ্ষণ কৰিছে চলচ্চিত্ৰ প্ৰেমিক ৷ ইয়াৰ আলিয়া ভাট্ট আৰু বৰুণ ধাৱনৰ মাজত কেমেষ্ট্ৰী চাবলৈ অধীৰ আগ্ৰহ প্ৰকাশ কৰিছে ৷কাৰণ আলিয়া আৰু বৰুণে ষ্টুদেন্ট অৱ দ্য ইয়েৰ,হামটি শৰ্মা কী দুলহনীয়া আৰশ বদৰী নাথ কী দুলহনীয়াত অভিনয় কৰিছে।

অন্যহাতে কংলক ছবিৰ প’ষ্টাৰত জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ লুকে ইতিমধ্যে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ তাৰ ভিতৰত আলিয়া ভাট্ট আৰু সোনাক্ষী সিন্হা অন্যতম ৷কলংক ছবি আলিয়া ভাট্ট অত্যন্ত সুন্দৰ দেখাইছে ৷ৰঙা ৰঙৰ লেহেংগা পৰিধান কৰি আলিয়াই ইনষ্টাগ্ৰামত ফ’টো শ্বেয়াৰ কৰিছে ৷ছবি খনত আলিয়াই ৰূপ নামৰ এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে।দ্বিতীয়তে ছবি খনৰ আন এটা প’ষ্টাৰত আছে সোনাক্ষী সিন্হা ৷ সোনাক্ষীয়ে সত্যা নামৰ চৰিত্ৰ অভিনয় কৰিছে “কলংক”ত ৷ছবিখনত বৰুন ধাৱনে জফৰ আৰু আদিত্য ৰয় কাপুৰে দেৱ চৌধুৰীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ কলংকত সঞ্জয় দত্তকো দেখা পাব দৰ্শকে ৷ সঞ্জয় দত্তই বলৰাজ চৌধুৰীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ অন্যহাতে নিৰ্দেশক অভিষেক বৰ্মনৰ কলংক ছবিখন মুক্তি লাভ কৰিব চলিত বৰ্ষৰ এপ্ৰিল মাহত ৷ সোনাক্ষী সিন্হাই কলংকত অভিনয় কৰা সত্যা চৰিত্ৰটোৰ সম্পৰ্কত লিখে যে প্ৰেম,অখণ্ডতা আৰু ত্যাগ মানেই সত্যা ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন