বলীউডৰ বিভিন্ন চেলীব্ৰেট্ৰীয়ে সম্প্ৰতি পাকিস্তানত সন্ত্ৰাসবাদী ঘাটিত চলোৱা আক্ৰমণক প্ৰশংসা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ১৪ ফ্ৰেব্ৰুৱাৰীত জম্মু কাশ্মৰীৰ পুলৱামাত সংঘটিত আত্মঘাটী বোমা বিষ্ফোৰণে কঁপাই গৈছিল সমগ্ৰ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্ত ৷ বোমা বিষ্ফোৰণত ৪০ জনৰো অধিক বীৰ জোৱান নিহত হোৱাৰ লগতে আন বহুজন আহত হয় ৷ইয়াৰ পিছতে পাকিস্তানস্থিত জেইছ ই মহম্মদে এই বিষ্ফোৰণৰ সন্দৰ্ভত দায়িত্ব স্বীকাৰ কৰে ৷ ইফালে জেইছ ই মহম্মদে সংঘটিত কৰা বোমা বিষ্ফোৰণক বিভিন্ন ব্যক্তিয়ে নিন্দা কৰিছে। লগতে বীৰ শ্বহীদ সকলৰ বলীদান অথলে নাযায় বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
https://twitter.com/BeingSalmanKhan/status/1100306767664185344
https://twitter.com/Varun_dvn/status/1100310804946145280
https://twitter.com/akshaykumar/status/1100271349954764803
https://twitter.com/NimratOfficial/status/1100314448055726082
https://twitter.com/deespeak/status/1100321222431260673
https://twitter.com/ReallySwara/status/1100277620812513281
সেই প্ৰতিশ্ৰুতিক বাস্তৱায়িত কৰি ১২ ভাৰতীয় বায়ু সেনাৰ বিমানে আজি পুৱা পাকিস্তানত প্ৰবেশ কৰি জেইছ ই মহম্মদ, হিজবুল মুজাহিদ্দীন আৰু লস্কৰী তৈবাৰ দৰে সন্ত্ৰাসবাদী ঘাটিৰ ওপৰত আক্ৰমণ কৰে ৷ মুঠ ১০০০ কিঃগ্ৰাঃ ওজনৰ বোমা নিক্ষেপ বায়ুসেনাৰ। পুৱতি নিশা চাৰে ৩.৩০ বজাৰ পৰা ১২ খন মিৰাজ 2000 যুদ্ধ বিমানৰ দ্বাৰা আক্ৰমণ। ভাৰতীয় বায়ু সেনাই গোৱালিয় বিমান কোঠৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ।প্ৰায় ২০০ৰ পৰা ৩০০ সন্ত্ৰাসবাদী নিহত হয় । পাক অধিকৃত কাশ্মীৰত জইছ ঈ মহম্মদৰ ঘাটিত আক্ৰমণ কৰে । বায়ুসেনাৰ কেইবাখনো যুদ্ধ বিমানৰ LoC অতিক্ৰম।
জইছ ঈ মহম্মদৰ নিয়ন্ত্ৰণ কক্ষ ‘আলফা-৩’ আৰু লাঞ্চ পেড ধ্বংস এই আক্ৰমণত।২১ মিনিট ধৰি সন্ত্ৰাসবাদীৰ ঘাটিত একেৰাহে আক্ৰমণ ভাৰতীয় বায়ুসেনাৰ। চকোটি আৰু মুজফ্ফৰবাদতো আক্ৰমণ বায়ুসেনাৰ। বৰ্বৰ পুলৱামাকাণ্ডৰ ১২ দিনৰ পিছত ১২ খন বিমানেৰে আক্ৰমণ। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে অভিযানৰ কথা জনাহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। সীমান্তৰ সকলো নিৰাপত্তাৰক্ষীক সতৰ্ক কৰা হৈছে। কূটাঘাতৰ আশংকাত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে সীমান্তত।
ইফালে পুলৱামাত চলোৱা আক্ৰমণৰ পিছতে বলীউডৰ বিভিন্ন চেলীব্ৰেটীয়ে ক্ষোভ প্ৰকাশ কৰিছিল ৷ অভিনেত্ৰী জাহ্নৱী কাপুৰে পত্ৰখনত উল্লেখ কৰে যে, মই বহুত দুঃখিত যে,আমাৰ লোকসকলে নিজৰ কাৰণে যুদ্ধ কৰাৰ কোনো সুবিধা নাপায়। লগতে অভানেত্ৰী গৰাকীয়ে পুলৱামাত নিজৰ জীৱন দান দিয়া বীৰ জোৱানসকলৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে তাৰ কাৰণে প্ৰাৰ্থনা কৰে ৷ লগতে টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
বলীউডৰ আন এজন নতুন প্ৰজন্মৰ অভিনেতা বৰুণ ধাৱনেও পুলৱামাত শ্বহীদ হোৱা বীৰ জোৱানসকলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে। বৰুন ধাৱন সম্প্ৰতি আহিবলগীয়া ছবি “ষ্ট্ৰীট ডান্সাৰ ৩ ডী” দৃশ্যগ্ৰহণ কৰি আছে ৷ ৪০ জন বীৰ জোৱান শ্বহীদ হোৱা তথা বহুকেইজন আহত হোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দি বৰুন ধাৱানে লিখে যে “জয় হিন্দ” মই কেতিয়াওঁ হিংসাৰ ওপৰত কেতিয়াো বিশ্বাস নকৰোঁ ৷ কিন্তু আমাৰ সৈনিক সকলক আক্ৰমণ কৰিবৰ কাৰণে শত্ৰুৰ ৰূপত ভীৰুসকল আছে ৷সন্ত্ৰাসবাদ সম্প্ৰতি এটা ব্যৱসায়লৈ পৰিণত হৈছে ৷কিন্তু আমাৰ সৈনিকসকল উচ্চ পৰ্যায়ৰ ৷তেওঁলোকে মানুহৰ মাজত ঘৃণা বিয়পোৱা যিকোনো কাম নকৰে ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন