মনোৰঞ্জন

প্ৰথমবাৰলৈ সন্মুখলৈ আহিল ছানিয়া মিৰ্জাৰ পুত্ৰ সন্তানৰ ফটো

Sentinel Digital Desk

অলপতে টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই জন্ম দিলে এটি পুত্ৰ সন্তান । ছানিয়া মিৰ্জাৰ স্বামী তথা পাকিস্তানী ক্ৰিকেট খেলুৱৈ চোৱেব মলিকে নিজে চ'চিয়েল মিডিয়াত অনুৰাগী সকলক দিছিল এই খবৰ । ইয়াৰ পিছতে তেওঁৰ পুত্ৰৰ নামটোও প্ৰকাশ কৰে । চোৱেবে নিজ পুত্ৰৰ নাম ৰাখে ইজান মলিক মিৰ্জা । পুত্ৰৰ নামটোৰ বিষয়ে মত প্ৰকাশ কৰি ছানিয়া আৰু চোৱেবে কয় যে,প্ৰথম নাম ভগৱানৰ নামত সেয়ে তেওঁলোকৰ পুত্ৰৰ নাম ইজান ৰাখিছে । এই সময়তে পুত্ৰৰ প্ৰথম খন ফটো সকলোৰে সন্মুখলৈ আহিছে ।

সন্মুখলৈ অহা ফটো খনত দেখা পোৱা অনুসৰি ইজান মলিক মিৰ্জাই নিজৰ মাক ছানিয়াৰ কোলাত থকা দেখিবলৈ পোৱা গৈছে । তলত ফটো প্ৰকাশ কৰা হ'ল………………

https://www.instagram.com/p/BpsFJRUn3qy/?utm_source=ig_embed&utm_campaign=embed_loading_state_camera

ইয়াৰোপৰি ছানিয়া মিৰ্জাই ইনষ্টাৰ জড়িয়তে প্ৰকাশ কৰিছে ফটো………

https://www.instagram.com/p/BptlClyFcea/

পুত্ৰৰ জন্মৰ পিছত সকলোৱে অভিনন্দন,শুভেচ্ছা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে । ইয়াৰ মাজতে ইজান মলিক মিৰ্জা তথা পুত্ৰৰ নাগৰিকত্বক লৈও বিভিন্ন ধৰনৰ প্ৰশ্ন উত্থাপিত হোৱা দেখা পোৱা গৈছে । বৰ্তমানলৈ এই প্ৰশ্ন ওপৰত কোনো ধৰনৰ সঠিক উত্তৰ পোৱা হোৱা নাই । বাৰু এই সকলোবোৰক বাদ দি ছানিয়া মিৰ্জাই মত প্ৰকাশ কৰি কৈছে যে,"পুত্ৰৰ জন্মৰ পিছতে অতি সোনকালে তেওঁ নিজ কৰ্মলৈ উভতিব আৰু লগতে অহা ২০২০চনত অনুষ্ঠিত হ'বলগীয়া অলিম্পিকত খেলাৰ বাবেও পৰিকল্পনা কৰি আছে" ।