মনোৰঞ্জন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিকৰ ফাষ্ট লুক ৰিলীজঃ উৎসুক চলচ্চিত্ৰপ্ৰেমী

Sentinel Digital Desk

এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ মণিকৰ্নিকাৰ পিছত সম্প্ৰতি বলীউডলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিক ৷ বলীউডৰ অভিনেতা বিবেক অৱেৰয়(vivek anand oberoi) য়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰিত্ৰত অভিনয় কৰিব লগা চলচ্চিত্ৰ খনে যথেষ্ট উৎসুকতাৰে সৃষ্টি কৰিছে জনসাধাৰণৰ মাজত ৷ অৱশ্যে ছবিখনৰ অন্যান্য অভিনেতা অভিনেত্ৰী সকলৰ কথা সম্প্ৰতি জানিব পৰা হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ সকলো স্তৰ প্ৰদৰ্শন কৰিব ছবিখনত ৷ ইফালে সোমবাৰে মুক্তি পোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিক খনৰ প্ৰথম পোষ্টাৰ ২৩ টা ভাষাত মুকলি হ’ল ৷ পোষ্টাৰত লিখা আছে ৷ "দেশভক্তিয়েই মোৰ ভক্তি"৷

ইফালে পোষ্টাৰখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকাত অভিনয় কৰা বিবেক অবেৰয়ৰ ফাষ্ট লুকে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ট্ৰেড এনালিষ্ট তৰুণ আদৰ্শৰ অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিকখনৰ দৃশ্যগ্ৰহণ হ’ব চলিত মাহৰ পৰা ৷ অন্যহাতে,ওমংগ কুমাৰৰ পৰিচালনাৰে ছবিখন প্ৰযোজনা কৰিব সন্দীপ এছ সিঙে ৷

উল্লেখ্য যে ওমংগ কুমাৰে ৬ বাৰকৈ বিশ্ব বক্সিং চেম্পিয়ন হোৱা মেৰী ক’মত প্ৰিয়ংকা চোপ্ৰাৰ লগত কাম কৰিছিল আৰু ৰণডীপ হুডা আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ লগত "সৰবজীত"ত একেলগে কাম কৰিছিল ৷ ইফালে এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিকখনত জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱলে অভিনয় কৰাৰ কথা আছিল যদিও পিছত সেই সিদ্ধান্ত নাকচ কৰে পৰেশ ৰাৱলে । লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ছবিখনৰ দৃশ্যগ্ৰহণ সমাপ্ত হ’ব ।

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই ছবিখনৰ প্ৰায়ভাগ দৃশ্যগ্ৰহণ হ’ব গুজৰাটত ৷গতিকে সততে চৰ্চা লাভ কৰা ডায়নামিক পাৰ্চন নৰেন্দ্ৰ মোডীৰ বায়’পিক চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে ৷অৱশ্যে ছবিখন মুক্তি পোৱাৰ পিছতহে জানিব ছবিখন হিট নে ছুপাৰহিট ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন