মনোৰঞ্জন

প্ৰিয়ংকা চোপ্ৰা আৰু নিক জনচৰ আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন

Sentinel Digital Desk

কিছুমাহ পূৰ্ৱে দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাৰ আন্তঃৰাষ্ট্ৰীয় পপ ষ্টাৰ জনচ নিকৰ সৈতে থকা সম্পৰ্কৰ কথা সকলোৰে মাজত চৰ্চা চলিছিল।জানিব পৰা মতে প্ৰিয়ংকাৰ জন্মদিনৰ সময়তে তেওঁলোক দুয়োজনে আঙুঠি পিন্ধোৱা কাৰ্য্য সম্পন্ন কৰিছিল।মানুুহৰ চৰ্চা মাজেৰে দুয়ো আজি আনুষ্ঠানিক ভাৱে আঙুঠি পিন্ধোৱা কাৰ্য্য সম্পাদন কৰিলে।পৰম্পৰাগত ভাৰতীয় সাজেৰে দুয়ো গৰাকী তাৰকাই এই শুভ কাম সম্পন্ন কৰে।দেশী গাৰ্ল প্ৰিয়ংকাই পৰিধান কৰিছে হালধীয়া ৰঙৰ চেলৱাৰ কামিজ আৰু জনচ নিকে বগা ৰঙৰ কূৰ্টা পৰিধান কৰিছে।জানিব পৰা মতে এই আঙুঠি পিন্ধোৱা অনুষ্ঠানলৈ কোনো নিৰ্দেশক প্ৰযোজক অৰ্থাৎ বলীউদৰ কোনো লোককে নিমন্ত্ৰন কৰা নাই।প্ৰিয়ংকাই সোনালী বসৰ "স্কাই ইজ পিংক" ছবি খনৰ কাম সামৰনি সম্পন্ন কৰিছে।অহা অক্টোবৰ দুয়োগৰাকীয়ে বিবাহ পাশত আৱদ্ধ হ'ব।