মনোৰঞ্জন

বলীউডত নৱাজুদ্দীন চিদ্দীকী আৰু মৌনি ৰয়ৰ কেমেষ্ট্ৰীৰ চৰ্চা সবৰ্ত্ৰেঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

Sentinel Digital Desk

বলীউডত সম্প্ৰতি নতুন ছবিসমূহৰ তালিকাত অন্য এখন ছবিৰ নাম সন্নিবিষ্ট হ’বলৈ গৈ আছে ৷ এইবাৰ ছবি ব’লে চুৰিয়াত একেলগে দেখিবলৈ পোৱা যাব নৱাজুদ্দীন চিদ্দীকী আৰু মৌনি ৰয়ক ৷ বুডপেকৰ মুভীছৰ প্ৰডাকশ্যনত নিৰ্মিত ছবিখনৰ নিৰ্দেশন কৰিছে নবাজ সমাস চিদ্দীকীয়ে ৷ব'লে চুৰিয়াৰ দৃশ্য গ্ৰহণ মে'ৰ পৰা আৰম্ভ হ’ব ৷ লগতে ছবিখন মুক্তি পাব অক্টোবৰত ৷ ব'লে চুৰিয়া ছবিখনৰ সন্দৰ্ভত পৰিচালক ৰাজেশ ভাটিয়াই কয় যে,নৱাজুদ্দীন চিদ্দীকী আৰু মৌনি ৰয়ৰ কেমেষ্টী,এই ছবি খনৰ কাৰণে বিশেষ ভাৱেই উল্লেখ্য, কাৰণ নৱাজুদ্দীন আৰু মৌনি অসাধাৰণ কলাকাৰ ৷

ছবিখনৰ অন্য এগৰাকী পৰিচালক কিৰণ ভাটিয়াই কয় যে যেতিয়াই আমি প্ৰথমবাৰৰ কাৰণে নৱাজুদ্দীন আৰু মৌনি ৰয়ৰ লগত দৃশ্যগ্ৰহণ কৰিছিলো তেতিয়াই আমি দুয়োজনৰে অসাধাৰণ কেমেষ্টী প্ৰত্যক্ষ কৰিছিলো । আৰু অনুভৱ কৰিছিলো যে নৱাজুদ্দীন আৰু মৌনি ৰয়ৰ কেমেষ্টীয়ে বি টাউনত খলকনি তুলিব ৷মৌনি ৰয়ৰ সন্দৰ্ভত নৱাজুদ্দিন চিদ্দীকীয়ে কয় যে ,মৌনিৰ প্ৰতিভা বিকাশ হ’বলৈ এতিয়াও বাকী আছে । মৌনিৰ মাজত বহুত প্ৰতিভা আছে ৷ মৌনি নিজৰ চৰিত্ৰত বিশ্লেষণ কৰি ভাল পায় ৷মৌনি ৰয় এই চৰিত্ৰটোৰ কাৰণে উপযুক্ত ৷ মোৰ অনুভৱ আমি দুয়ো মিলি বি টাউনত স্থান লাভ কৰাত সফল হ’ম ৷ এই কাহিনীটো পৃথক ৷মই এই চৰিত্ৰটোত কাম কৰাৰ কাৰণে আগ্ৰহী ৷

ইফালে ২০১৮ চনত অক্ষয় কুমাৰৰ লগত ছবি গল্ডত অভিনয় কৰা মৌনি ৰয় নৱাজুদ্দীন চিদ্দীকীৰ লগত অভিনয় কৰাৰ কাৰণে যথেষ্ট সুখী ৷ ছবি খনত নিজৰ চৰিত্ৰটোৰ সন্দৰ্ভত মৌনি ৰয়ে কয় যে মোৰ চৰিত্ৰটো সৰু চহৰৰ এজনী উৎপতীয়া ছোৱালীৰ ৷ মোৰ অনুভৱ যে সম্প্ৰতি, মই মোৰ চৰিত্ৰটোৰ বিষয়ে একো নকওঁ ৷ মই মোৰ চৰিত্ৰটোক ভালকৈ বুজিবলৈ চেষ্টা কৰি আছোঁ ৷ লগতে মৌনি ৰয়ে কয় যে,মোৰ চৰিত্ৰ টোৰ বিশেষত্ব এইয়াই যে মই কথা কোৱাত বৰ পাকৈত ৷ চৰিত্ৰটোৱে নৃত্য কৰি ভাল পায় । আৰু বাস্তৱত বিশ্বাস কৰি ভাল পোৱা এজনী ছোৱালী ৷ মই হিন্দী ছবিৰ অভিনেত্ৰী হিচাপে এই বিশেষ চৰিত্ৰটোত অভিনয় কৰিবলৈ পায় অত্যন্ত সুখী ৷ তাৰ কাৰণে মোৰ চিন্তা ভাৱনাক পৃথক কৰিব লাগিব ৷ যাতে মই মোৰ চৰিত্ৰটোৰ লগত ন্যায় কৰিব পাৰো আৰু চৰিত্ৰটোক বাস্তৱত ৰূপায়িত কৰিব পাৰো ৷

এই যাত্ৰা, চৰিত্ৰটোৰ কাৰণে কৰা প্ৰস্তুষ্টি কোনো দীঘলীয়া যাত্ৰাতকৈ কম নহয় ৷ নৱাজুদ্দীন ছিদ্দীকীৰ দৰে অভিনেতাৰ লগত অভিনয় কৰিবলৈ পায় অত্যন্ত উৎসাহী মৌনি ৰয় ৷ এই সন্দৰ্ভত অভিনেত্ৰী গৰাকীয়ে কয় যে মোৰ বিশ্বাসেই হোৱা নাই যে মই মোৰ কেৰিয়াৰত সীমিত সময়ৰ ভিতৰতে নৱাজুদ্দীন চিদ্দীকীৰ দৰে অভিনেতাৰ লগত কাম কৰিবলৈ পাইছো ৷ মোৰ ভয় লাগি আছে ৷ কিন্তু মোৰ বিশ্বাস যে নৱাজুদ্দীন চিদ্দীকীৰ পৰা মই বহুত শিকিবলৈ পাম ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন