বলীউডৰ অভিনেতা ছলমান খানৰ হৃদয় সকলোৰে কাৰণে খোলা ৷কাৰণ, প্ৰায়ে ছলমান খানে বলীউডত নতুন মুখৰ লগত চিনাকী কৰাই দিয়ে দৰ্শকসকলক৷ ছলমান খানৰ ওচৰলৈ সহায়ৰ কাৰণে গ’লে মিষ্টাৰ খানে কেতিয়াও খালী হাতে নপঠায়৷ এনেকৈয়ে ছলমান খানে বলীউডৰ গড ফাদাৰলৈ ৰুপান্তৰিত হয়। ছলমান খানে নতুন প্ৰতিভা সমূহক বলীউডলৈ আনি লঞ্চ কৰি তেওঁলোকক আগবঢ়াই নিছে ৷ অৱশ্যে ছলমান খানে যেতিয়া চলমান খান ফিল্ম প্ৰডাকচন হাউচ আৰম্ভ কৰিছিল, তেতিয়াই ঘোষণা কৰিছিল যে,ছলমানে নতুন প্ৰতিভা সমূহক উলিয়াই আনিব ৷কিন্তু নতুন প্ৰতিভাসমূহক ছলমানে ছবিসমূহত স্থান দিলে যদিও সেই ষ্টাৰ সমূহে চলচ্চিত্ৰ প্ৰেমীৰ হৃদয়ত স্থান পাবলৈ সক্ষম ন’হল।
সেই ষ্টাৰ সমূহৰ ভিতৰত আছে জেৰিন খান ৷ কেটৰীনা কাইফৰ লুকৰ অভিনেত্ৰী জেৰিন খানে বলীউডত প্ৰথম খোজ পেলাইছিল বীৰ ছবিখনৰ যোগেদি ৷ ইয়াৰ পিছত ২০১১ চনত ছলমান খানৰ ৰেড্ডী ছবিখনত অভিনয় কৰে জেৰিনে। ছবিৰ আইটেম গীত অথবা স্পেছিয়েল গেষ্ট সমূহতো অভিনয় কৰে জেৰিনে ৷জেৰিনে বলীউডৰ লগতে তামিল ছবিত অভিনয় কৰে ৷কিন্তু জেৰিনে অভিনয় কেৰিয়াৰত বিশেষ আগবঢ়া দেখা নগ’ল ৷
দ্বিতীয়তে ছলমানৰ খানৰ প্ৰাক্তন প্ৰেমিকা ঐশ্বৰ্য্য ৰায় বচ্চনৰ লুকৰ অভিনেত্ৰী স্নেহা উলালেও খোজ দিয়ে বলীউডত ৷ছলমানে ২০০৫ চনত নিৰ্মিত ছবি লাকীৰ জৰিয়তে লঞ্চ কৰে স্নেহা উলালক ৷ যেতিয়া স্নেহাক দৰ্শকে প্ৰথম দেখিছিল তেতিয়া সকলো আচৰিত হৈছিল ।ছবি খনত স্নেহাক এটা গীতৰ দৃশ্যত এনেকৈ সজোৱা হৈছিল যে দৰ্শকে হাম দিল দে চুকে চনমৰ কথা স্মৰণ কৰিছিল ৷ স্নেহা আছিল ছলমানৰ ভগ্নী অৰ্পিতাৰ বান্ধবী আৰু এনেকৈয়ে ছলমানে স্নেহাক বলীউডলৈ আনে ৷কিন্তু স্নেহাৰ অভিনয়ে চলচ্চিত্ৰ প্ৰেমীৰ মন জয় কৰিব নোৱাৰিলে ৷ইয়াৰ পিছত স্নেহাই তামিল,তেলেগু,বেংগলী ছবিত অভিনয় কৰে যদিও চলচ্চিত্ৰ প্ৰেমীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম ন’হল ৷
সুনীল চেট্টীৰ জীয়ৰী আথিয়া চেট্টীকো হিৰো ছবিৰ জৰিয়তে বলীউডলৈ আদৰি আনে ছলমান খানে ৷ কিন্তু আথিয়াৰ অভিনয়ে দৰ্শকক সন্তুষ্টি দিব নোৱাৰিলে৷ আৰু আথিয়াই দ্বিতীয়খন ছবিৰ কাৰণে যথেষ্ট সময় দিব লগা হয় ৷২০১৭ চনত আথিয়াই অৰ্জুন কাপুৰৰ লগত মোবাৰকা ছবিত অভিনয় কৰে। সম্প্ৰতি আথিয়াই নৱাজুদ্দিন ছিদ্দিকীৰ লগত মোতীচুৰ চকনা চুৰত কাম কৰি আছে যদিও বলীউডত নিজৰ স্থান প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা নাই ৷
হিৰো ছবিৰ জৰিয়তে বলীউডলৈ যাত্ৰা কৰা আন এজন অভানেতা হৈছে আদিত্য পাঞ্চালীৰ পুত্ৰ সুৰয পাঞ্চালী ৷ সুৰয ছলমানৰ বহু ছবিত ডাৰেক্টৰ হিচাপে কাম কৰিছে ৷ হিৰোত আথিয়া চেট্টীৰ বিপৰীতে অভিনয় কৰা সুৰজ পাঞ্চালী হিৰো ছবি মুক্তিৰ প্ৰাকমুহুৰ্তত জিয়া খানৰ আত্মহত্যা কৰা কেছত অভিযুক্ত হয় ৷ ছবিখনত সুৰযৰ দুৰ্বল অভিনয় তথা জিয়া খানৰ আত্মহত্যাৰ অভিযোগে কেৰিয়াৰক দুৰ্বল কৰে ৷ অৱশ্যে সুৰযক দ্বিতীয় বাৰৰ কাৰণে ছবিত অভিনয় কৰাৰ সুযোগ ছলমান খানেই প্ৰদান কৰিছে ৷
২০১৩ চনত মুক্তি প্ৰাপ্ত জয় হো’ৰ যোগেদি বলীউডলৈ যাত্ৰা কৰিছিল ডেইজী শ্বাহে ৷ ইয়াৰ পূৰ্বতে ডেইজী আছিল কৰিঅ’গ্ৰাফাৰ আৰু ব্ৰেকগাউণ্ড ডাঞ্চাৰ ৷ ইয়াৰ পিছত ছলমান খানৰ ২০১৮ চনত মুক্তি লাভ কৰে ৰেচ ৩ ৰ যোগেদি ডেইজী শ্বাহে বলীউডলৈ আহে যদিও ছবিখনে বক্স অফিচত সফলতা লাভ নকৰিলে ৷
ছলমান খানৰ ভগ্নী অৰ্পিতা খানৰ পতি আয়ুষ শৰ্মাই বিগত বৰ্ষত লৱয়াত্ৰীৰ যোগেদি বলীউডত পদাৰ্পন কৰে ৷কিন্তু আয়ুষৰ অভিনয়ে দৰ্শকৰ হৃদয় জিনিব নোৱাৰিলে ৷সম্প্ৰতি আয়ুষৰ লগত কোনো ছবি নাই ৷ গতিকে ছলমান খানে দ্বিতীয় বাৰৰ কাৰণে আয়ুষ শৰ্মাক লন্স কৰিব বুলি তথ্য পোৱা গৈছে ৷
লৱৰাত্ৰীত আয়ুষ শৰ্মাৰ সহশিল্পী বৰীনা হুচেইনৰ অভিনয়েও দৰ্শকক সন্তুষ্টি দিব নোৱাৰিলে। কিন্তু বৰীনৰ সুন্দৰতা দৰ্শকৰ মন মুহিবলৈ সক্ষম হ’ল ৷সদ্যহতে কোনো ছবি নাই বৰীনাৰ লগত ৷
ছলমান খানৰ ভাতৃ ছোহেইল খানেও মেনে দিল তুঝকো দিয়াৰ জৰিয়তে ছবিত পদাৰ্পন কৰে ২০০২ চনত ৷কিন্তু? ছোহেইল খানক আকোঁৱালি নললে দৰ্শকে। ইফালে ছলমান খানে আকৌ নটবুকৰ জৰিয়তে দুটি নতুন প্ৰতিভাক চিনাকী কৰাই দিব বিচাৰিছে চলচ্চিত্ৰ প্ৰেমীৰ মাজত ৷ বলীউডৰ অভিনেত্ৰী নুতনৰ নাতিনী আৰু অভিনেতা মোহনীশ বহলৰ জীয়ৰী প্ৰনুতনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷সহশিল্পী হিচাপে আছে জহীৰ ইকবাল ৷ গতিকে বলীউডৰ এই নতুন প্ৰতিভাক দৰ্শকে কেনেদৰে আকোঁৱালি লয় সেয়া হ’ব লক্ষ্যনীয় ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন