মনোৰঞ্জন

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটে কি ক’লে ৰাজনীতিৰ বিষয়ে ?

Sentinel Digital Desk

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউড (kangana Ranaut) প্ৰায়েই চৰ্চাৰ শীৰ্ষত থাকে ৷শেহতীয়াকৈ অভিনেত্ৰী কংগনা ৰানাউটে মন্তব্য কৰিছে যে কংগনাৰ মন্তব্য বা যিকোনো কথা মানুহক ওপৰত প্ৰভাৱ পেলাই। সেয়েহে বহু দলেই কংগনা ৰানাউটক ৰাজনীতিক যোগদান কৰিবলৈ আহ্বান কৰিছে ৷ কিন্তু ৰাজনীতিৰ পথাৰত ভৰি থোৱাৰ আগত কংগনা ৰানাউটে মন্তব্য কৰে যে এনে ধৰণে মই ৰাজনীতিত প্ৰৱেশ কৰি নিজৰ স্বাধীনতা হেৰুৱাব নিবিচাৰো ৷ লগতে নিজৰ ক্ষমতাকো ব্যৰ্থ কৰাব নিবিচাৰো ৷

কংগনা ৰানাউডৰ মন্তব্য অনুসৰি মোৰ আইতা সৰজু সিং হিমাচল প্ৰদেশত ৰাজনীতিৰ লগত জড়িত ৷ তেওঁক বহু ৰাজনৈতিক দলে নিজৰ দলত যোগদান দিবলৈ আহ্বান কৰিছে৷কিছুমানে মোক লোভনীয় পদৰ আশা দিছে ৷যদি মই ৰাজনীতিলৈ আহো মই জানো যে মোৰ মন্তব্য মানুহক চিন্তা ভাৱনাত প্ৰভাৱ পেলাব ৷ কিন্তু এবাৰ যদি কোনো দলৰ মোহৰ আপোনাৰ গাত লাগে তেন্তে মানুহে নিজৰ স্বাধীনতা হেৰুৱাই পেলাব ৷

আৰু মানুহে বিভিন্ন সম্পৰ্কত কথা কোৱাৰ অধিকাৰ হেৰুৱাই পেলাব ৷ লগতে কংগনা ৰানাউডে কয় যে যদি কেতিয়াবা ৰাজনীতিলৈ আহে তেন্তে নিঃস্বাৰ্থ ভাৱে কাম কৰিব ৷ সম্প্ৰতি নিজক এজন কলাকাৰৰ ৰূপত আগবঢ়াই নিব ৷ অন্যহাতে কংগনা ৰানাউডে সততে বিভিন্ন প্ৰসংগত নিজৰ মন্তব্য কৰি চৰ্চাৰ শীৰ্ষত থাকে ৷

ইফালে কংগনা ৰানাউটে অভিনেত্ৰী আৰু ৰাজনৈতিক নেত্ৰী জয়াললিতাৰ বায়’পিকত অভিনয় কৰিব অভিনেত্ৰী কংগনা ৰানাউটে ৷ কিন্তু জয়াললিতাৰ বায়’পিকত কংগনা ৰানাউটক অ’ফাৰ কৰা পাৰিশ্ৰমিকেহে সকলোকে আচম্বিত কৰিছে ৷ কাৰণ কংগনা ৰানাউটক পাৰিশ্ৰমিক হিচাপে অ’ফাৰ কৰিছে ২৪ কোটি টকা ৷ আৰু ইয়াৰ কাৰণে কংগনা ৰানাউটে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইয়াৰ কাৰণে কংগনা ৰানাউটে তামিল শিকিব ৷ যাতে জয়া ললিতাৰ চৰিত্ৰটো বাস্তৱায়িত কৰিব পাৰে ৷

এই সন্দৰ্ভত কংগনা ৰানাউটে কয় যে মই জয়াললিতাৰ চৰিত্ৰটো আৰু ওচৰৰ পৰা জানিব বিছাৰো ৷ সেই চৰিত্ৰটোৰ লগত মই একাত্ম হ’ব বিচাৰোঁ ৷ কাৰণেই মই তামিল শিকিব বিছাৰোঁ ৷ যেতিয়াই পংগা আৰু মেন্টল হ্যে কিয়া ছবি খনৰ দৃশ্য গ্ৰহণ সমাপ্ত হ’ব তেতিয়াই মই তামিল ভাষা শিকিবলৈ ক্লাছ কৰিম ৷

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটে ২৩ মাৰ্চত হৈ যোৱা জন্ম দিনত ৰাজনৈতিক নেত্ৰী জয়াললিতাৰ বায়’পিকত অভিনয় কৰাৰ কথাটো ঘোষণা কৰে । আৰু ইয়াৰ লগে লগে কংগনা ৰানাউট দেশৰ সকলোতকৈ দামী অভিনেত্ৰীৰ খিতাপো লাভ কৰে ৷ এক তথ্য অনুসৰি তামিল আৰু হিন্দী ভাষাত নিৰ্মিত হ’ব লগা এই ছবিখনৰ নিৰ্মাতাকাৰী সকলে কংগনা ৰাণাউটৰ ওপৰত বহুতো ভৰষা কৰিছে ৷ সেয়েহে ২৪ কোটি টকা দিবলৈও কোনো চিন্তা কৰা নাই ছবিখনৰ নিৰ্মাতাসকলে ।

পূৰ্বতে কংগনাৰ ফীজ আছিল ১১ কোটি টকা। কিন্তু চিমৰণ আৰু ৰংগুণ বক্স অফিচত ফ্ল’প হোৱাৰ হোৱাৰ পিছত কংগনাই ফীজৰ পৰিমাণ হ্ৰাস কৰে। বহু চৰ্চিত ছবি মণিকৰ্ণিকাৰ সফলতাৰ পিছত কংগনা ৰাণাউটে ফীজৰ পৰিমাণ বৃদ্ধি কৰে ৷ অন্যহাতে বলীউডত এয়া প্ৰথমবাৰৰ কাৰণে হৈছে যে কোনো অভিনেত্ৰীক ২৪ কোটি টকা দিয়া হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন