মনোৰঞ্জন

বলীউডৰ অভিনেত্ৰী কেটৰীনা কাইফৰ ভাৰত ছবিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

Sentinel Digital Desk

বলীউডৰ অভিনেত্ৰী কেটৰীনা কাইফ সম্প্ৰতি ব্যস্ত আছে ভাৰত ছবিত ৷ সদ্যহতে বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাই ভাৰত ছবিত অভিনয় নকৰাৰ কথা চৰ্চা লাভ কৰি আছে ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ লগত হোৱা কথা বাৰ্তাত কেটৰীনা কাইফে কয় যে ভাৰত ছবিখনৰ কাৰণে কেটৰীনা কাইফক কোনো যোগাযোগ কৰিছিল সেইটো ডাঙৰ কথা নহয়। অৱশ্যে ভাৰত ছবিৰ কাৰণে মোক কোনো নিৰ্বাচন কৰিলে সেয়াও ডাঙৰ কথা নহয় ৷

ছলমান খানৰ লগত টাইগাৰ জিন্দা হ্যে ছবিখনৰ দৃশ্য গ্ৰহণত ব্যস্ত হৈ থাঁকোতে আলি আব্বাছে মোক ভাৰতৰ কাহিনী শুনাইছিল ৷লগতে কেটৰীনা কাইফে কয় যে মই প্ৰত্যেকবাৰে ছলমান খানৰ ছবিত অভিনয় নকৰোঁ ৷যদি প্ৰিয়াংকা চোপ্ৰাক ভাৰত ছবিৰ কাৰণে নিৰ্বাচন কৰা হৈছিল ৷আৰু প্ৰিয়াংকাৰ সেই প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ নিজৰ কাৰণ আছে ৷ ভাৰত মোৰ ভাগ্যত আছিল ৷আৰু এই ছবিখনত অভিনয় কৰি মই বহুত সুখী ৷যেতিয়া মই ভাৰত ছবিৰ কাহিনী পঢ়িছিলো ৷তেতিয়াই মই কাইনীটোৰ প্ৰতি আকৃষ্ট হৈছিলো ৷আৰু মোৰ মতে অভিনয় জীৱনৰ আটাইতকৈ ভাল চৰিত্ৰ ভাৰত ছবিৰ চৰিত্ৰটো ৷

ইফালে প্ৰিয়াংকা চোপ্ৰাক উদ্দেশ্য কৰি বলীউডৰ ভাইজান ছলমান খানে মন্তব্য কৰিছিল যে প্ৰিয়াংকা চোপ্ৰাই নিজৰ সম্পূৰ্ণ জীৱনত কঠিন শ্ৰম কৰিছে ৷ইয়াৰ পিছত যেতিয়া জীৱনৰ আটাইতকৈ বৃহৎ ছবিখন হাতলৈ আহিছিল,তেতিয়া প্ৰিয়াংকাক সেই ছবিখনৰ প্ৰস্তাৱক প্ৰত্যাখ্যান কৰি বিবাহ পাশত আৱদ্ধ হ’ল ৷ সাধাৰণতে,কিছু সংখ্যক মহিলাই এনেধৰণৰ ছবিৰ কাৰণে স্বামীক এৰি দিয়ে ৷

গতিকে এই ক্ষেত্ৰত প্ৰিয়াংকা চোপ্ৰা যথেষ্ট সন্মানীয় ৷অন্যহাতে প্ৰিয়াংকা চোপ্ৰাই ভাৰত ছবিৰ দৃশ্যগ্ৰহণৰ প্ৰাকমুহুৰ্তত ছবিখনত অভিনয় নকৰাৰ সিদ্ধান্ত লয়। প্ৰিয়াংকা চোপ্ৰাৰ ওপৰত কৰা এক মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সোনা মহাপাত্ৰই ৷ গায়িকা গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে প্ৰিয়াংকাৰ লগত জীৱনত আগৱাঢ়ি যাবলৈ বহুত দিশ আছে ৷গুৰুত্বপূৰ্ণ কথা যে ,প্ৰিয়াংকা সম্প্ৰতি জীৱনৰ প্ৰধান ব্যক্তি জনৰ লগত আছে ৷এই সন্দৰ্ভত ট্ৰ’লিঙৰ সন্মুখীন হয় সোনা মহাপাত্ৰ ৷

ছলমান খান সংবাদ মাধ্যমক কয় যে প্ৰিয়াংকা চোপ্ৰা ভাৰত ছবিখনৰ কাৰণে যথেষ্ট উৎসুক আছিল ৷ সেই সময়ত প্ৰিয়াংকা ২০ দিনৰ কাৰণে ভাৰতলৈ আহিছিল ৷ ছবিখনৰ ডাইৰেক্টৰ আলীক ছবিখনৰ সন্দৰ্ভত যোগাযোগ কৰে ৷ কিন্তু তাৰ মাজতে হঠাৎতে নিক জ’নাছ লগত হোৱা বিয়াৰ কথাই প্ৰিয়াংকাই ভাৰত ছবিত অভিনয় নকৰাৰ সিদ্ধান্ত লয় ৷

ছলমান খানে লগতে কয় যে প্ৰিয়াংকাই মোক কয় যে নিক জ’নাছে মোক বিয়াৰ কাৰণে প্ৰস্তাৱ দিছে ৷ গতিকে এই ক্ষেত্ৰত বিয়াৰ তাৰিখক লৈ অসুবিধাৰ সৃষ্টি হ’ব পাৰে। সেই সময়ত ছলমানে প্ৰিয়াংকাক কয় যে আপুনি বিয়াত ব্যস্ত থাকক,আমি ব্যৱস্থা কৰি ল’ম ৷ কিন্তু শেষত ছবিখনত অভিনয় নকৰাৰ সিদ্ধান্ত লয় ৷

প্ৰিয়াংকা চোপ্ৰা এগৰাকী কৰ্মস্পৃহা থকা অভিনেত্ৰী ৷ বিয়াৰ কাৰণে এখন বৃহৎ ছবি এৰি দিবলৈ সাহস লাগিব। ছলমানৰ মতে প্ৰিয়াংকা চোপ্ৰাই যি ভাল দেখিলে সেয়া কৰিলে আৰু কেটৰীনা কাইফে নিজৰ প্ৰতিভা দেখুৱালৈ সুবিধা পালে।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন