মনোৰঞ্জন

বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ সৈতে সাদৃশ্য থকা এগৰাকী যুৱতীয়ে লাভ কৰিছে চৰ্চা

Sentinel Digital Desk

এইবাৰ বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ (Jacqueline Fernandez) সৈতে সাদৃশ্য থকা এগৰাকী যুৱতীৰ ফ’টোৱে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰে ৷ জেকলিন ফাৰ্নাণ্ডেজৰ সৈতে দেখাত প্ৰায় একে যুৱতী গৰাকী হৈছে জাৰ্মানীৰ আমাণ্ডা চেৰ্নী। ইফালে অভিনেত্ৰী জেকলিনে ইতিমধ্যে ইনষ্টাগ্ৰামত এটা প’ষ্টৰ জৰিয়তে আমাণ্ডাক ভাৰতলৈ স্বাগতম জনাইছে ৷ আৰু আমাণ্ডায়েও জেকলিনৰ প’ষ্টত সহাঁৰি জনাইছে ৷

https://www.instagram.com/p/BvdMIWcgdik/

কাৰণ আমাণ্ডা চেৰ্নীও এখন ফ’টোৰ জৰিয়তে ভাৰতলৈ অহাৰ প্ৰসংগত উৎসুকতাৰ কথা প্ৰকাশ কৰে ৷ ইফালে আমাণ্ডা চেৰ্নীৰ এই উৎসুকতাত জেকলিন ফাৰ্ণাণ্ডেজেও প্ৰতিক্ৰিয়া দিয়ে ৷ উল্লেখযোগ্য আমাণ্ডা চেৰ্নী হৈছে জাৰ্মানীৰ যুৱতী ৷ ছ’চিয়েল মিডিয়াত সততে সক্ৰিয় আমাণ্ডা চেৰ্নী।

https://www.instagram.com/p/BvdOhDpFSic/

ইনষ্টাগ্ৰামত ২৪ মিলিয়ন ফ’ল’ৱাৰ আছে আমাণ্ডাৰ ৷ ইয়াৰে প্ৰায় সংখ্যকেই হৈছে ভাৰতৰ ৷ অন্যহাতে সততে দেখা যায় বা মুখে মুখে চলিত যে পৃথিৱীত একে সাদৃশ্য থকা সাতজন পৰ্যন্ত লোক থাকে । শেহতীয়া বলীউডৰ আন এগৰাকী অভিনেত্ৰী অনুষ্কা শৰ্মাৰ আৰু জুলিয়া মাইকেলচৰ ফ’টোৱে চৰ্চা লাভ কৰিছিল।

বিগত সময়ত অনুস্কা আৰু হলীউডৰ এগৰাকী অভিনেত্ৰীৰ লগত হোৱা সাদৃশ্যই বাৰুকৈয়ে ব্যতিব্যস্ত কৰিছিল বিৰাট কোহলীক ৷ আমেৰিকাৰ প্ৰসিদ্ধ গায়িকা-গীতিকাৰ জুলীয়া মাইকেল্সে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এখন ফ’টো শ্বেয়াৰ কৰিছিল৷ কিন্তু আশ্চৰ্যপূৰ্ণ কথা এইটোৱে যে জুলীয়া মাইকল্সৰ এই ফ’টোখন শ্বেয়াৰ কৰাৰ পিছতে বলীউডৰ অনুৰাগীসকলৰ মনত এটাই প্ৰশ্ন যে, সচাঁকৈয়ে অনুষ্কা শৰ্মাই নিজৰ লুক পৰিৱৰ্তন কৰিলে নেকি? ন’হবনো কিয়,কাৰণ অনুষ্কা শৰ্মা আৰু জুলীয়া মাইকল্সৰ সাদৃশ্য দেখিলে আপুনিও দোমোজাত পৰিব ৷

কাৰণ অনুষ্কা আৰু জুলীয়া দেখিবলৈ প্ৰায় একে ৷ইফালে জুলীয়াৰ এগৰাকী অনুৰাগীয়ে জুলীয়া আৰু অনুষ্কাৰ সাদৃশ্যৰ বিষয়ে টুইট কৰে৷অনুৰাগী গৰাকীয়ে জুলীয়াক প্ৰশ্ন কৰে যে তেওঁ বলীউডৰ ষ্টাৰসকলৰ কথা শুনিছেনে ? তেতিয়া জুলিয়াই মন্তব্য কৰে যে জুলীয়াই তেওঁক ভালকৈ জানে ৷ তুলনা কৰাৰ কাৰণে ধন্যবাদ ৷অন্যহাতে,জুলীয়া হৈছে গ্ৰেমী নামাংকৃত শিল্পী ৷ সম্প্ৰতি জুলীয়াৰ চেলেনা গোমেজৰ লগত এখন নতুন এলবাম Anxietyৰ উন্মোচন হয় ৷

ইফালে জুলীয়াই অনুষ্কাৰ সন্দৰ্ভত জানিবলৈ উৎসুক বুলি জানিব পৰা গৈছে ৷ সচাঁকৈয়ে অনুষ্কা শৰ্মা আৰু জুলীয়া মাইকেল্সৰ সাদৃশ্য দেখিলে হিন্দী ছবিৰ দৰেই মেলাত বিছিন্ন হৈ যোৱা দুগৰাকী ভগ্নীৰ কাহিনীৰ দৰে ।আমোদ জনক কথা যে জুলীয়া আৰু অনুষ্কাৰ সাদৃশ্যত প্ৰশ্নৰ সন্মুখীন হৈছে অনুষ্কাৰ শৰ্মাৰ স্বামী ক্ৰিকেটাৰ বিৰাট কোহলী ৷ কোনোৱে আকৌ বিৰাট কোহলীলৈ নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰাৰ পিছত অনুষ্কাই নিজৰ নাম পৰিৱৰ্তন কৰিলে নেকি বুলিও প্ৰশ্ন কৰে ৷

উল্লেখ্য যে,দুবাৰকৈ এই খিতাপ লাভ কৰা একমাত্ৰ মহিলা হিচাপে পৰিগণিত হৈছে অভিনেত্ৰী অনুষ্কা শৰ্মা ৷২০১৭ চনত পেটা ইণ্ডিয়াৰ পাৰ্চন অৱ দ্য ইয়েৰ খ্যাত অনুষ্কা শৰ্মাই পেটা ইণ্ডিয়াৰ কাৰণে এক বিজ্ঞাপনত অংশ লয় ৷ আৰু ঘোষণা কৰে যে “I Am Anushka Sharma,I’m a Vegetarian”৷ইফালে অনুষ্কা শৰ্মাই জীৱ জন্তুসমূহৰ কাৰণে সততে বিভিন্ন পদক্ষেপ লৈ থকা কথাই চৰ্চা লাভ কৰি থাকে ৷ সদ্যহতে জীৱ জন্তু সুৰক্ষিত কৰিবৰ কাৰণে মুম্বাইৰ এক অঞ্চলত পশুৰ আশ্ৰয় গৃহ মুকলি কৰাৰ কাৰণে এক পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে অনুষ্কাই।

লগতে জীৱ জন্তুসমূহৰ সুৰক্ষা কৰিবৰ কাৰণে বিভিন্ন জাগৰণ সম্বন্ধীয় প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে অনুষ্কাই ৷ উল্লেখ্য যে অভিনেত্ৰী অনুষ্কা শৰ্মাই নিৰামীষ আহাৰ খোৱাৰ ক্ষেত্ৰত কয় যে নিৰামীষ আহাৰ কোৱাৰ সিদ্ধান্তটো আছিল মোৰ জীৱনৰ আটাইতকৈ উচিত নিৰ্ণয় ৷ মই নিজেই বহুত স্বাস্থ্যবান অনুভৱ কৰোঁ ৷লগতে মোৰ খাদ্যৰ কাৰণে কোনো জীৱই আঘাত নোপোৱাটো মোৰ কাৰণ বহুত সুখৰ কথা ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন