মনোৰঞ্জন

বলীউডৰ এই গৰাকী অভিনেত্ৰীৰ লগত অভিনয় কৰিবলৈ উৎসুক চলমান খান

Sentinel Digital Desk

বলীউডৰ অভিনেতা চলমান খানক বি টাউনৰ সকলো অভিনেত্ৰীৰ লগতে দৰ্শকে প্ৰত্যক্ষ কৰিলে ৷ কিন্তু অন্য এগৰাকী বলীউড সুন্দৰী দীপিকা পাডুকনৰ লগত চলমান খানক কেতিয়া দেখিবলৈ পাব দৰ্শকে ৷ এইটো চলমান খানৰ অনুৰাগী সকলৰ এক বৃহৎ প্ৰশ্ন ৷ ইফালে চলমান খানে নিজেও দীপিকা পাডুকনৰ লগত অভিনয় কৰিবলৈ থকা ইচ্ছাৰ কথা প্ৰকাশ কৰে এটি সাক্ষাৎকাৰ অনুষ্ঠানত ৷

অনুষ্ঠানটিত চলমানে কয় যে মই নিজেও দীপিকা পাডুকনৰ লগত কাম কৰিবলৈ ইচ্ছুক ৷ এতিয়ালৈকে মোক কোনেও দীপিকাৰ সৈতে কাষ্ট কৰিবলৈ অহা নাই ৷ দীপিকা পাডুকন ছুপাৰষ্টাৰ ৷ গতিকে দীপিকা পাডুকনৰ লগত কাম কৰিবলৈ হ’লে তেওঁৰ চৰিত্ৰটোও শক্তিশালী হ’ব লাগিব ৷ ইফালে শেহতীয়াকৈ চলমান খানে সঞ্জয় লীলা ভাঞ্চালীৰ ইনচে আল্লাহত অভিনয় কৰাৰ কথা ঘোষণা কৰে ৷ ইনচে আল্লাহত চলমান খানৰ লগত চুক্তি বদ্ধ হৈছে বলীউডৰ আন এগৰাকী অভিনেত্ৰী আলিয়া ভাট্ট ৷

লগতে চলমান খানে নিজৰ মুক্তিৰ অপেক্ষাত থকা ছবি ভাৰতৰ বিষয়েও প্ৰসংগ ক্ৰমে উল্লেখ কৰে । ভাৰত ছবি খনত চলমান খানৰ হিৰোইনৰ ৰূপত অভিনয় কৰিছে কেটেৰীনা কাইফে ৷ অভিনেত্ৰী কেটেৰীনা কাইফ টাইগাৰ তৃতীয় খণ্ডতো থাকিব ৷ দাবাঙৰ তৃতীয় পাৰ্টত থাকিব সোনাক্ষী সিন্হা। চাজিদ নাডিয়াৱালাৰ কিক ২ ত থাকিব জেকলীন ফাণাণ্ডেজ ৷ ইফালে চলমান খানে অনতি পলমেই থ্ৰিলাৰ ছবিত কাম কৰাৰ খবৰ পোৱা গৈছে ৷ এই ছবিখনত ছজন যুৱকৰ কাহিনী আছে ৷

ইফালে এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এই ছবিখন হলীউড ছবি "ফাষ্ট এণ্ড ফিউৰিয়াছ"ৰ কাহিনীৰ লগত সাদৃশ্য আছে ৷ ছবিখনত চলমান খানে কৰা এতিয়ালৈকে কাষ্ট কৰা সকলো অভিনেতা অভিনেত্ৰীক লন্স কৰিব৷ অন্যহাতে চলমান খানে বডীগাৰ্ড শেৰাৰ পুত্ৰ টাইগাৰক লন্স কৰিব ৷ এই সময়ত চলমান খানে টীম টাইগাৰৰ কামত ব্যস্ত আছে ৷ অন্যহাতে চলমান খানে বিগত বৰ্ষত সুৰজ পাঞ্চালী,অথিয়া চেট্টী,আয়ুষ শৰ্মা,বৰীন হুচেইন,জহীৰ ইকৱাল,প্ৰনুতন বহলৰ দৰে অভিনেতা অভিনেত্ৰীক ইণ্ডাষ্ট্ৰীত লন্স কৰে ৷

ছলমান খানে বলীউডত নতুন মুখৰ লগত চিনাকী কৰাই দিয়ে দৰ্শকসকলক৷ ছলমান খানৰ ওচৰলৈ সহায়ৰ কাৰণে গ’লে মিষ্টাৰ খানে কেতিয়াও খালী হাতে নপঠায়৷ এনেকৈয়ে ছলমান খানে বলীউডৰ গড ফাদাৰলৈ ৰুপান্তৰিত হয়। ছলমান খানে নতুন প্ৰতিভা সমূহক বলীউডলৈ আনি লঞ্চ কৰি তেওঁলোকক আগবঢ়াই নিছে ৷ অৱশ্যে ছলমান খানে যেতিয়া চলমান খান ফিল্ম প্ৰডাকচন হাউচ আৰম্ভ কৰিছিল, তেতিয়াই ঘোষণা কৰিছিল যে,ছলমানে নতুন প্ৰতিভা সমূহক উলিয়াই আনিব ৷কিন্তু নতুন প্ৰতিভাসমূহক ছলমানে ছবিসমূহত স্থান দিলে যদিও সেই ষ্টাৰ সমূহে চলচ্চিত্ৰ প্ৰেমীৰ হৃদয়ত স্থান পাবলৈ সক্ষম ন’হল।

ছলমান খানে আকৌ নটবুকৰ জৰিয়তে দুটি নতুন প্ৰতিভাক চিনাকী কৰাই দিব বিচাৰিছে চলচ্চিত্ৰ প্ৰেমীৰ মাজত ৷ বলীউডৰ অভিনেত্ৰী নুতনৰ নাতিনী আৰু অভিনেতা মোহনীশ বহলৰ জীয়ৰী প্ৰনুতনেমুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ সহশিল্পী হিচাপে আছে জহীৰ ইকবাল ৷ গতিকে বলীউডৰ এই নতুন প্ৰতিভাক দৰ্শকে কেনেদৰে আকোঁৱালি লয় সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন