মনোৰঞ্জন

বলীউডৰ এইগৰাকী অভিনেত্ৰীৰ হ’ল ৩০ মিলিয়ন অনুৰাগীঃ ধন্যবাদ জনালে সকলো অনুৰাগীলৈ

Sentinel Digital Desk

বলীউডৰ অভিনেত্ৰী তথা কলংকৰ অভিনেত্ৰী আলিয়া ভাট্টৰ ইনষ্ট্ৰাগ্ৰামত ৩০ মিলিয়নৰো অধিক অনুগামী আছে ৷ সেয়েহে বুধবাৰে আলিয়াই বলীউডত সাত বছৰীয়া যাত্ৰাৰ এটি ভিডিঅ’ শ্বেয়াৰ কৰে । আৰু সকলো অনুৰাগীকে ধন্যবাদ জ্ঞাপন কৰে ৷ সদ্যহতে ২৬ বছৰীয়া হোৱা অভিনেত্ৰী গৰাকীয়ে বলীউডত নিজৰ দক্ষতাৰ বলতেই আগবাঢ়ি গৈছে।

https://www.instagram.com/p/Bvf2xHuD-RF/

ভাৰতীয় ছবি নিৰ্দেশক মহেশ ভাট্ট আৰু অভিনেত্ৰী সোনী ৰাজদানৰ সন্তান আলিয়া ভাট্ট ৷ পুজা ভাট্ট আৰু ৰাহুল ভাট্ট হৈছে আলিয়াৰ ভগ্নী আৰু ভাতৃ ৷ ইফালে ইমৰান হাছমী আৰু মোহিত ছুৰী হৈছে আলিয়াৰ সম্পৰ্কীয় ভাতৃ ৷ আলিয়া এগৰাকী অভিনেত্ৰী হিছাপে বলীউডত পদাৰ্পন কৰিছিল ২০১২ চনৰ ছুপাৰ হিট ছবি ষ্টুডেন্ড অৱ দ্য ইয়েৰৰ জৰিয়তে ৷ ইয়াৰ পিছত আলিয়াই ইমতিয়াজ আলীৰ ছবি হাই ৱে,টু ষ্টেটচ আৰু হামটি শৰ্মা কী দুলহনীয়া ছবিত অভিনয় কৰে ৷

বলীউডত আলিয়াৰ অভিনয়ৰ কাৰণে বহু পুৰস্কাৰেৰে সমাদৃত হয় ৷ আলিয়াই সিদ্ধাৰ্থ মালহোত্ৰা,বৰুণ ধাৱন,ঋষি কাপুৰ,ৰণদীপ হুড্ডা,অৰ্জুন কাপুৰ,ৰ’নীত ৰায়,ৰিতেশ দেশমুখ,চাহিদ কাপুৰ,দিলজীত ডোচাঞ্জ,ৰনবীৰ কাপুৰ আৰু শ্বাহৰুখ খানৰ দৰে অভিনেতাৰ লগত কাম কৰে ৷ বলীউডৰ এগৰাকী সফল অভিনেত্ৰী হোৱাৰ লগতে আলিয়া এগৰাকী সফল মডেলো ৷ লগতে এগৰাকী গায়িকা হিচাপেও চিনাকী দিছে আলিয়াই ৷ আলিয়াৰ মোহনীয়তা,অভিনয় দক্ষতাৰ কাৰণে কোটি কোটি অনুৰাগীৰ প্ৰিয় অভিনেত্ৰী গৰাকী ৷

আলিয়াৰ ৰাজী ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল ৷ এই ছবিখনৰ জৰিয়তেই আলিয়াৰ হিন্দী ছবিত তথা বলীউডত প্ৰাধান্য কিমান সেয়া অনুভৱ কৰিব পাৰি ৷ জন্ম দিনৰ শুভক্ষণত আলিয়াই এক বিশেষ ধৰণে উদযাপন কৰিছে ৷ এক বিশেষ সূত্ৰৰ অনুসৰি আলিয়াই মাতৃ সোনী ৰাজদানৰ ছবি ন’ ফাদাৰ্ছ ইন কাশ্মীৰ ছবিখন প্ৰমোট কৰিব ৷ এই ছবিখন জন আব্ৰাহামৰ ৰোমিয় অকবৰ ৱাল্টৰৰ লগত মুক্তি পাব ৷ ইফালে এই ছবিখনৰ সন্দৰ্ভত চেন্সৰ বোৰ্ডৰ লগত বিগত আঠ মাহৰ পৰা হোৱা মতভেদৰ পিছত মুক্তি পাবৰ কাৰণে আগবাঢ়িছে ৷এই সময়ত মাতৃ সৈতে একেলগে চেন্সৰ ব’ৰ্ডৰ লগত যুঁজ দিছিল আলিয়াই ৷ আৰু সম্প্ৰতি ছবিখন ৫ এপ্ৰিলত মুক্তি পাব ৷

এক বিশেষ সূত্ৰৰ মতে ছবিখনৰ টিজাৰ আলিয়াই ৰিলীজ কৰিব ৷ এই ছবিখন পৰিচালনা কৰিছে অস্কাৰত নমিনেশ্যন পোৱা পৰিচালক অশ্বিনী কুমাৰে ৷ ইফালে আলিয়া সম্প্ৰতি ব্যস্ত আছে কলংক ছবিৰ দৃশ্য গ্ৰহণত ৷ অলপতে কলংক ছবিৰ টিজাৰ মুক্তি পাইছে। চলচ্চিত্ৰ প্ৰেমীৰ মাজলৈ কলংকৰ টিজাৰ অহাৰ লগে লগে প্ৰতি মুহুৰ্ততে বাঢ়িছে অনুৰাগীৰ উৎসুকতা ৷ সঞ্জয় লীলা ভাঞ্চালীৰ সপোনৰ এটি অংশ হিছাপে কলংকৰ টিজাৰ ।কলংকৰ টিজাৰটো উৎসকতাৰে ভৰা ৷ টিজাৰটোৰ অনুসৰি ছবিখনৰ অভিনেত্ৰী আলিয়া ভাট্টে স্পষ্ট ৰূপত বৰুন ধাৱনত প্ৰেমিকা। কিন্তু বিয়া হয় আদিত্য ৰয় কাপুৰৰ লগত ৷ ইফালে বিয়াৰ মণ্ডপত বহি আলিয়াই নিৰৱে চকুলো টোকা দেখা গৈছে । লগতে মাধুৰী দিক্ষীত,সঞ্জয় দত্ত আৰু সোনাক্ষী সিন্হা সকলোকে চিন্তিত দেখা গৈছে কলংকৰ ট্ৰেইলটোত । ইয়াৰ পিছত ধুনীয়া পৰিবেশত আলিয়াক এখন নাওত উঠি গৈ থকা দেখিবলৈ পোৱা যায়।

চলিত বৰ্ষৰ ৬৪ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠানটিত ৰাজী আৰু অন্ধাধুনে সৰ্বশ্ৰেষ্ঠ ছবিৰ খিতাপ লাভ কৰে ৷ ইয়াৰ বিপৰীতে আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰে ক্ৰমে জনপ্ৰিয় অভিনেত্ৰী আৰু অভিনেতাৰ খিতাপ লাভ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন