মনোৰঞ্জন

বলীউডৰ এগৰাকী অভিনেত্ৰীৰ লগত অভিনয় কৰাৰ কাৰণে উৎসুক আদিত্য ৰয় কাপুৰ

Sentinel Digital Desk

বলীউডৰ নৱ প্ৰজন্মৰ দুগৰাকী চেলীব্ৰেট্ৰী আদিত্য ৰয় কাপুৰ আৰু আলিয়া ভাট্ট অন্যতম ৷বিগত বৰ্ষটো আলিয়া ভাট্টৰ কাৰণে এটা বিশেষ বৰ্ষ ৷ কাৰণ বিগত বৰ্ষত আলিয়াৰ অভিনীত ছবিসমূহৰ জৰিয়তে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰে ৷ ইফালে আলিয়া আৰু আদিত্য ৰয় কাপুৰে কৰণ জোহৰৰ এখন পিৰিয়ড ড্ৰামা তথা অভিষেক বাৰ্মাৰ "কলংক"ত একেলগে অভিনয় কৰিছে ৷ কলংকৰ পিছত আদিত্য ৰয় কাপুৰে আলিয়াৰ লগত স্কীণ শ্বেয়াৰ কৰিব আলিয়া ভাট্টৰ পিতৃ মহেশ ভাট্টৰ ছবি "চদক 2"ত ৷এক সাক্ষাৎকাৰত আদিত্য ৰয় কাপুৰে সদক 2 ত আলিয়া ভাট্টৰ লগত অভিনয় কৰিবলৈ বহুত উৎসুক হোৱাৰ কথা উল্লেখ কৰে ৷ আদিত্য ৰয় কাপুৰে লগতে উল্লেখ কৰে যে কলংক আৰু চদক ২ দুয়োখনৰ পটভূমি পৃথক ৷গতিকে এনেদৰে দুখন পৃথক পটভূমিত নিৰ্মিত তথা দুয়োখন ছবিৰ একে সহ শিল্পীৰ সৈতে কাম কৰিবলৈ পায় অত্যন্ত সুখী অনুভৱ কৰিছে অভিনেতা আদিত্যই ৷

ডাইৰেক্টৰ মহেশ ভাট্টৰ ১৯৯১ চনত মুক্তি প্ৰাপ্ত ছবি "সদক"পিছত এইবাৰ চলচ্চিত্ৰ প্ৰেমীৰ মাজলৈ আহিব সদক 2 ৷"সদক" ত অভিনয় কৰিছিল পূজা ভাট্ট আৰু সঞ্জয় দত্তই। ইফালে "সদক 2" ত অভিনয় কৰিব আদিত্য ৰয় কাপুৰ,সঞ্জয় দত্ত,আলিয়া ভাট্ট আৰু পূজা ভাট্টে ৷ ছবিখন মুক্তি পাব ২০২০ বৰ্ষৰ মাৰ্চত। অন্যহাতে অভিষেক বাৰ্মাৰ কলংক ছবিখনত অভিনয় কৰিছে সঞ্জয় দত্ত,মাধুৰী দীক্ষিত,বৰুণ ধাৱন আৰু সোনাক্ষী সিন্হাই ৷ ছবিখন মুক্তি পাব ১৯ এপ্ৰিলত ৷ অন্যহাতে বলীউডৰ জনপ্ৰিয় অভিনেতা সকলৰ ভিতৰত আদিত্য ৰয় কাপুৰ অন্যতম ৷১৯৮৫ চনত জন্ম গ্ৰহণ কৰা আদিত্য ৰয় কাপুৰৰ ছবি সমূহৰ ভিতৰত আছে আশিকী ২,অ’কে জানু,ডিয়েৰ জিন্দেগী,ইয়ে জৱানী হ্যে দীৱানী,কলংক,চদক2 আদি ৷

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট্টে সদ্যহতে মুম্বাইস্থিত জুহুত ক্ৰয় কৰিছে এটি বাসগৃহ ৷সকলোফালৰ পৰা অত্যাধুনিক ষ্টাইলিছ বাসগৃহটোৰ মূল্য প্ৰায় ৭.৮ কোটি টকা ৷অৱশ্যে আলিয়া ভাট্টে এই বাসগৃহটোৰ কাৰণে ১৩ কোটিৰ টকাৰ অধিক ব্যয় কৰিছে ৷জুহুত আলিয়াই পূৰ্বেও বাসগৃহ ক্ৰয় কৰিছে ৷এইটো হৈছে আলিয়াৰ তৃতীয়টো বাসগৃহ ৷

ইফালে সম্প্ৰতি ঋষি কাপুৰ আৰু নীতু সিঙৰ পুত্ৰ ৰনবীৰ কাপুৰৰ লগত ৰিলেশ্বনত আছে আলিয়া ভাট্ট ৷ দুয়োকে মুম্বাইৰ পুলিছৰ অনুষ্ঠান ওমংগত দেখাৰ উপৰিও বিভিন্ন অনুষ্ঠানত প্ৰায়ে দেখা যায় ৷ আলিয়াৰ পিতৃ তথা নিৰ্দেশক মুকেশ ভট্টে জীয়ৰী আলিয়া আৰু ৰনবীৰৰ সম্পৰ্কটোৰ সম্পৰ্কে কয় যে তেওঁলোক দুয়োজন প্ৰেমৰ সম্বন্ধত আছে ৷ আলিয়াইও এই সম্বন্ধত কয় যে এনেকুৱা নহয় যে এনেধৰণৰ এটা সম্পৰ্ক এটা অনুভৱ ৷এই সম্পৰ্কটো মোৰ জীৱনৰ এটি মহত্ত্বপূৰ্ণ অংশ ৷ এই সম্পৰ্কটো অত্যন্ত সুন্দৰ ৷

সংবাদমাধ্যমৰ তথ্য অনুসৰি জুহুত সদ্যহতে ক্ৰয় কৰা বাসগৃহটো প্ৰেমিক ৰনবীৰ কাপুৰ সৈতে ভৱিষ্যতে বাস কৰিবলৈ আলিয়াই ক্ৰয় কৰিছে ৷ অন্যহাতে আলিয়া আৰু ৰনবীৰে দুয়ো একেলগে বলীউডৰ ছবি “ব্ৰহ্মাস্ত্ৰ”ত একেলগে অভিনয় কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন