বলীউডৰ চিৰসেউজ অভিনেত্ৰী শ্ৰীদেৱীৰ মৃত্যুৰ এবছৰৰ পিছত বনী কাপুৰে ১৯৮৭ চনৰ ব্লক ব্লাষ্টাৰ ছবি মিষ্টাৰ ইণ্ডিয়া দ্বিতীয় বাৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে ৷ বনী কাপুৰে এক সাক্ষাৎকাৰত কয় যে শ্ৰী দেৱীৰ মৃত্যু পিছত মিষ্টাৰ ইণ্ডিয়া নিৰ্মাণ কৰাত বহুত জৰুৰী ৷
ইফালে বনী কাপুৰে পূৰ্বতে কৈছিল যে প্ৰথমতে ছবিখনৰ চিকুৱেল নিৰ্মাণ কৰাৰ প্ৰসংগত চৰ্চা কৰা হৈছিল ৷ কিন্তু আমি সম্প্ৰতি মিষ্টাৰ ইণ্ডিয়াক নতুন অভিনেতা অভিনেত্ৰীসকলক লৈ নিৰ্মাণ কৰিম। ইয়াৰ পিছত এই ছবিখনৰ চিকুৱেল নিৰ্মাণ কৰা হ’ব । ছবিখনৰ পৰিচালক শেখৰ কাপুৰ আৰু মুখ্য চৰিত্ৰত অভিনয় কৰা অনিল কাপুৰে ২৫ মে’ত ছবিখনৰ ৩২ বাৰ্ষিকীত এই ছবিখনৰ চিকুৱেল নিৰ্মাণ কৰাৰ ইংগিত দিছিল ৷
১৯৮৭ চনত নিৰ্মাণ কৰা মিষ্টাৰ ইণ্ডিয়াৰ কথা স্মৰণ কৰি বনি কাপুৰে কয় যে এই ছবিখনৰ ৪ কোটি টকা ব্যয় হৈছিল ৷ সেই সময়ত ৪কোটি ব্যয়েৰে এখন ছবি নিৰ্মাণ কৰাটো বহুত ডাঙৰ কথা আছিল ৷ অন্যহাতে মোগেম্বৰ চৰিত্ৰত অভিনয় কৰা অমৰেশ পুৰীয়ে এই চৰিত্ৰটোৰ কাৰণে প্ৰাণঢালী অভিনয় কৰিছিল ৷
লগতে এই ছবিখনৰ জৰিয়তে শ্ৰীদেৱীয়ে অনুৰাগীসকলৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হয়। ২০১৮ চনৰ ২৪ ফ্ৰেব্ৰুৱাৰীত মৃত্যু হোৱা শ্ৰীদেৱীক আজিও সুঁৱৰে অনুৰাগীসকলে ৷ লগতে সুঁৱৰে শ্ৰীদেৱীৰ পৰিয়ালবৰ্গৰ ৷এক বিশেষ অনুষ্ঠানত শ্ৰীদেৱীৰ স্বামী বনি কাপুৰে কয় যে মই আজিও তেওঁৰ যোৱাৰ দুখ পাহৰিব বিচাৰোঁ ৷কিন্তু এইয়া সম্ভৱ নহয় ৷
লগতে আজিলৈকে পইচা যিকোনো পৰিস্থিতিত ব্যয় কৰাৰ প্ৰসংগত বনি কাপুৰে কয় যে মই আজিলৈকে পইচা এনেয়ে বা যিকোনো অসামাজিক কামত ব্যয় কৰা নাই ৷কেতিয়াও মই জুৱা খেলত বা ৰেচত পইচা ব্যয় কৰা নাই ৷ এনেধৰণৰ স্থিতিত পৰিয়াল পৰা সহায় লাভ নকৰিলে পত্নীৰ পৰা সহায় ল’ব ৷
বনী কাপুৰৰ এনেধৰণৰ কথাৰ পৰা শ্ৰীদেৱীক তেওঁ কিমান স্মৰণ কৰে সেই কথা জানিব পাৰি ৷ এটি পুৰস্কাৰ বিতৰণ অনুষ্ঠানত বনি কাপুৰে কয় যে আজি শ্ৰীদেৱী নাই যদিও যি শুভকামনা,আশীৰ্বাদ তেওঁ দি থৈ গৈছে তাৰ লগতে আমি জীয়াই আছো ৷ তেওঁ মোৰ লগত,মোৰ সন্তানৰ লগত আছে ৷
উল্লেখ যে ,শ্ৰীদেৱীৰ অন্তিম ছবিখন ১০ মে’ত চীনত প্ৰদৰ্শন হয়। মুক্তি পোৱাৰ পিছত এই ছবিখনে তিনিদিনৰ ভিতৰতে ৪১.৮১ কোটি টকাৰ ব্যৱসায় কৰে ৷ ছবিখনত শ্ৰীদেৱী এগৰাকী বিদ্যালয়ৰ শিক্ষয়ত্ৰীৰ ভূমিকাত অভিনয় কৰিছিল ৷ম’ম ছবিখনত শ্ৰী দেৱী ছোৱালীৰ চৰিত্ৰত সজল আলীয়ে অভিনয় কৰিছে ।ছবিখনত সজল আলীৰ লগত কোনো ব্যক্তিয়ে দুস্কাৰ্য সংঘটিত কৰে। ইয়াৰ পিছত নিজৰ ছোৱালীক ন্যায় দিবৰ কাৰণে আৰম্ভ হয় শ্ৰী দেৱীৰ সংঘৰ্ষ ৷ উল্লেখ্য যে শ্ৰীদেৱীৰ উপৰিও মম ছবিখনত নৱিজুদ্দিন চিদ্দীকী, অক্ষয় খান্নাই অভিনয় কৰিছে ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন