মনোৰঞ্জন

বলীউডৰ ছবি "দে দে প্যাৰ দে"ৰ দুদিনত বক্স অফিচত উপাৰ্জন কৰিলে ২৩ কোটি

Sentinel Digital Desk

বলীউডৰ সদ্য মুক্তি প্ৰাপ্ত ছবি দে দে প্যাৰ দে ছবি খনে উপাৰ্জন কৰিছে ২৩.৮০ কোটি টকা ৷ অজয় দেৱগন,টাবু আৰু ৰকুল প্ৰীত সিংঙৰ অভিনীত দে দে প্যাৰ ছবিখনে মুক্তিৰ দ্বিতীয় দিনাই উপাৰ্জন কৰে ১৩.৩৯ কোটি টকা ৷ ১০.৪৯ কোটি টকাৰে মুকলি হোৱা দে দে প্যাৰ দে ছবিখন ভাৰতত ৩১০০ টা চিত্ৰ গৃহত মুক্তি হৈছে ।

ছবি সমীক্ষক তৰুণ আদৰ্শই এই সন্দৰ্ভত টুইটাৰ যোগে প্ৰকাশ কৰিছে ৷ ইফালে অভিনেতা অজয় দেৱগনৰ ছবি ট’টেল ধামালেও বিগত সময়ত দুটা দিনত ৩৬ কোটি টকা উপাৰ্জন কৰিছিল৷ আকিভ আলীৰ নিৰ্দেশনাত নিৰ্মিত দে দে প্যাৰ দে ছবিখনত টাবু,অজয় দেৱগন আৰু ৰকুল প্ৰীত সিঙৰ উপৰিও আলোক নাথ,জাভেদ জাফাৰী আৰু জিমী শ্বেৰগিলে অভিনয় কৰিছে ৷

উল্লেখ্য যে বলীউডৰ সিংঘম অজয় দেৱগনৰ ৫০ সংখ্যক জন্ম দিনৰ দিনাই অজয় দেৱগন,টাবু আৰু ৰকুল প্ৰীত সিঙৰ অভিনয়েৰে নিৰ্মাণ কৰা ছবি দে দে প্যাৰ দে ছবিখনৰ ট্ৰেইলৰ মুকলি কৰিছে ৷ ইফালে ছবিখনৰ ট্ৰেইলাৰটো ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ৷ ছবিখনত ৫০ বছৰীয়া এজন পুৰুষ জীয়েকৰ বয়সৰ এগৰাকী যুৱতীৰ হোৱা প্ৰেমৰ সম্পৰ্ক দেখুওৱা হৈছে ৷

লগতে ট্ৰেইলৰটোত সকলোৰে হাস্য মধুৰ সংলাপসমূহে আকৃষ্ট কৰিব চলচ্চিত্ৰ প্ৰেমীক ৷ অন্যহাতে সমগ্ৰ বলীউড কঁপাই যোৱা মী টুৰ অভিযোগত অভিযুক্ত আলোক নাথৰ সন্দৰ্ভত অজয় দেৱগনে কয় যে এইয়া উচিত সময় নহয় ৷

অন্যহাতে, বলীউডৰ অভিনেতা অজয় দেৱগনলৈ জয়পুৰৰ এজন কেন্সাৰ ৰোগী আহ্বান যে ধপাঁত জাতীয় মাদক দ্ৰব্যৰ বিজ্ঞাপন কৰা বন্ধ কৰক। ৪০ বয়সীয়া নানকৰামৰ পৰিয়ালৰ ভাষ্য যে নানকৰাম অজয় দেৱগনৰ অনুৰাগী ৷ অজয় দেৱগনেও ধপাঁত জাতীয় পদাৰ্থ সেৱন কৰি বিজ্ঞাপন দিয়ে ৷ কিন্তু সম্প্ৰতি নানকৰামে অনুভৱ কৰিছে যে ধপাঁতে তেওঁৰ জীৱন শেষ কৰি দিলে ৷

ইফালে নানকৰামৰ পুত্ৰৰ ভাষ্য যে মোৰ পিতৃয়ে বিগত কিছু বছৰৰ পূৰ্বৰ পৰা ধপাঁত জাতীয় এবিধ বস্তু খোৱা আৰম্ভ কৰিছে ৷ যিটোৰ বিজ্ঞাপন অজয় দেৱগনে দিয়ে ৷কাৰণ অজয় দেৱগনৰ ভীষণ অনুৰাগী নানকৰাম। কিন্তু যেতিয়া নানকৰামৰ কেন্সাৰ হ’ল তেতিয়া তেওঁ অনুভৱ কৰিলে যে অজয় দেৱগনৰ দৰে ছুপাৰষ্টাৰে এনেধৰণৰ বিজ্ঞাপন কৰিব নালাগে ৷ নানকৰামে এখন পত্ৰত লিখি যে সুৰা, চিগাৰেট আৰু ধঁপাত জাতীয় বস্তুৰ বিজ্ঞাপন ভয়ানক। অভিনেতা অভিনেত্ৰীসকলক এনেধৰণৰ বস্তুৰ বিজ্ঞাপন কেতিয়াও কৰিব নালাগে ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন