মনোৰঞ্জন

বলীউডৰ ছবিত বহু বিৰতিৰ পিছত অক্ষয় কুমাৰৰ সৈতে অভিনয় কৰিব এইগৰাকী অভিনেত্ৰীয়ে

Sentinel Digital Desk

বলীউডৰ (Bollywood) প্ৰযোজক, পৰিচালক,অভিনেতা,এংকৰ কৰণ জোহৰ আৰু ৰোহিত চেট্টীৰ সূৰ্যবংশীৰ সন্দৰ্ভত চৰ্চিত সকলোতে ৷ বলীউডৰ অভিনেতা অক্ষয় কুমাৰে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব ৷ পিছে বিগত দিনত ছবিখনত অভিনয় কৰা অভিনয় কৰা সন্দৰ্ভত চৰ্চিত হৈ আছিল ৷

কিন্তু সকলো জল্পনা কল্পনাৰ অন্ত পেলাই সূৰ্যবংশীত অভিনয় কৰিব বলীউডৰ অভিনেত্ৰী কেটৰীনা কাইফে ৷ ইফালে এই সন্দৰ্ভত ইতিমধ্যে কৰণ জোহৰ টুইটাৰ যোগে কেটৰীনা কাইফক সূৰ্যবংশী ছবিখনৰ পৰিয়াললৈ স্বাগতম জনাইছে ৷

https://twitter.com/karanjohar/status/1120137323365060609

অন্যহাতে কেটৰীনা কাইফেও সূৰ্যবংশী ছবিখনত অভিনয় কৰা উৎসুকতাৰ সম্পৰ্কে উল্লেখ কৰিছে ৷ দৃশ্যগ্ৰহণ কৰিবলৈ যাৱতীয় সকলো কাম কাজ আৰম্ভ কৰা ছবিখনৰ নিৰ্মাতায়ে জনাইছে যে ছবিখন অনাগত বৰ্ষৰ ঈদত মুক্তি দিব। অভিনেতা অক্ষয় কুমাৰ সম্প্ৰতি ব্যস্ত আছে গুড নিউজ,হাউছ ফুল ৪ আৰু মিশ্যন মংগলত ৷ আৰু কেটৰীনা কাইফ ব্যস্ত আছে ভাৰত ছবিত।

https://www.instagram.com/p/BwiiL6Fg9jU/

উল্লেখ্য যে চলমান খান আৰু কেটৰীণা কাইফৰ অভিনীত ছবি “ভাৰত”ৰ দৃশ্যগ্ৰহণ হৈছে মুম্বাই,মালতা,দিল্লী আৰু পঞ্জাৱত ৷ ছবিখনৰ প্ৰযোজক পৰিচালকসকলে সদ্যহতে ছবিখনৰ teaser মুকলি কৰিছে আৰু সেই সময়তে ছবিখনৰ ট্ৰেইলৰ চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে সকলো চলচ্চিত্ৰ প্ৰেমীয়ে৷

ইফালে ভাৰত ছবিখনৰ যিকোনো সময়তে ফ’টো অথবা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । সদ্যহতে,ভাৰত ছবিখনৰ এখন ফ’টো মুকলি হৈছে অনুৰাগীসকলৰ মাজত৷ ফ’টোখনত দেখা গৈছে যে,ছবিখনৰ অভিনেতা চলমান খানে এখন চকীত বহি আছে আৰু চকীখনত লিখা আছে ভাৰত । ভাৰত ছবি খনত চলমান খান আৰু কেটৰীণা কাইফৰ উপৰিও অভিনয় কৰিছে দিশা পাটানী,সুনীল গ্ৰ’ভাৰ,টাবু আৰু জেকী শ্ৰফে ৷অন্যহাতে, ভাৰত ছবিখনৰ গীতসমূহৰ ক্ষেত্ৰটো বিশেষ গুৰুত্ব প্ৰদান কৰিছে নিৰ্মাতাসকলে ৷ইতিমধ্যে ছলমান খান আৰু কেটৰীণা কাইফে এটা বিয়াৰ এটি গান দৃশ্যগ্ৰহণ কৰিছে।

এক তথ্য অনুসৰি ভাৰত ছবিখনত বহু কেইটা গীত সংযোজিত কৰিছে৷ সততে দেখা যায় যে চলমান খানৰ প্ৰায় সমূহ ছবি ঈদত মুক্তি লাভ কৰে ৷ব্যক্তিক্ৰম নহয় এইবাৰো ৷চলিত বৰ্ষৰ ঈদত মুক্তি পাব চলমান খানৰ “ভাৰত” ৷ ইফালে অভিনেত্ৰী কেটৰীনা কাঈফেও ভাৰত ছবিখনৰ দৃশ্যগ্ৰহণ স্থানৰ পৰা এখন ফ’টো শ্বেয়াৰ কৰিছে কৰিঅ’গ্ৰাফাৰ বৈভৱী মাৰ্চেন্টৰ সৈতে ৷ ফ’টোখনত কেটৰীণাই কৰিঅ’গ্ৰাফাৰ বৈভৱী মাৰ্চেন্টক সৌহাদ্দ্যপূৰ্ণ আলিংগণেৰে থকা দেখা গৈছে। লগতে ফ’টোখনৰ বেকগ্ৰাউণ্ড আছে ফুলেৰে সজ্জিত হৈ ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন