মনোৰঞ্জন

বলীউডৰ ছবিলৈ কাইৰা আদৱানি আৰু সিদ্ধাৰ্থ মালহোত্ৰাঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

Sentinel Digital Desk

বলীউডৰ (Bollywood) প্ৰযোজক,পৰিচালক,এংকৰ,অভিনেতা, বিচাৰক কৰন জোহৰ মন্তব্য কৰিলে শেৰশ্বাহ ছবিখনৰ প্ৰসংগত ৷ ছবিখনৰ প্ৰসংগত মন্তব্য কৰি কৰন জোহৰ ছচিয়েল মিডিয়াৰ জৰিয়তে জানিবলৈ দিয়ে চলচ্চিত্ৰ প্ৰেমীক।কাৰগিল যুদ্ধৰ নায়ক বিক্ৰম ব’ট্ৰাৰ জীৱনৰ ওপৰত আধাৰতিত শেৰশ্বাহ ছবিখন ৷ শেৰশ্বাহ ছবিখনত অভিনয় কৰিব সিদ্ধাৰ্থ মালহোত্ৰা আৰু কাইৰা আদৱানিয়ে ৷

https://twitter.com/SidMalhotra/status/1123885761596665856

https://twitter.com/Advani_Kiara/status/1123882959520575490

কৰণ জোহৰে জানিবলৈ দিয়া অনুসৰি ছবিখনৰ দৃশ্যগ্ৰহণ অনতিপলমে আৰম্ভ হ’ব ৷ ইফালে কৰন জোহৰৰ উপৰিও ছবিখনৰ দৃশ্য গ্ৰহণৰ কাৰণে বিশেষ ভাৱে উৎসুক হৈ পৰিছে সিদ্ধাৰ্থ মালহোত্ৰা ৷ কাৰণ সিদ্ধাৰ্থ মালহোত্ৰাই নিজৰ উৎসুকতাৰ কথা ইতিমধ্যে দৰ্শকক জনাইছে ৷ ইয়াৰ লগতে ছবিখনৰ অভিনেত্ৰী কাইৰা আদৱানিয়েও শেৰশ্বাহত অভিনয় কৰিবলৈ উৎসুকতাৰ কথা প্ৰকাশ কৰিছে ৷

চণ্ডীগড়ত দৃশ্যগ্ৰহণ কৰিব লগীয়া ছবিখনৰ কাৰণে অভিনেতা অভিনেত্ৰী সকলে অনতিপলমে উপস্থিত হ’ব চণ্ডীগড়ত ৷ ছবিখন প্ৰধানকৈ বিক্ৰম বত্ৰাৰ জীৱনৰ ওপৰত আধাৰিত কাৰণে বত্ৰাৰ গাৰ্লফেণ্ড ডিম্পল চীমাৰ লগত তেওঁৰ সম্পৰ্কও দেখা যাব ৷ ইফালে ছবিখনত এটি ৰোমান্টিক গীতৰ দৃশ্যগ্ৰহণ চত্তীশগড়ত কৰা হ’ব। ডাইৰেক্টৰ কৰন জোহৰৰ ছবি শেৰশ্বাহৰ কাহিনী লিখিছে সন্দীপ শ্ৰীবাস্তৱাই

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন