মনোৰঞ্জন

বলীউডৰ ধক ধক গাৰ্ল মাধুৰী দীক্ষিতলৈ জন্ম দিনৰ অলেখ শুভেচ্ছা

Sentinel Digital Desk

বলীউডৰ প্ৰসিদ্ধ নৃত্য শিল্পী তথা ধক ধক গাৰ্ল মাধুৰী দীক্ষিতৰ আজি ৫২ সংখ্যক জন্ম দিন ৷ প্ৰথমতে বলীউডৰ অভিনেত্ৰী তথা নৃত্য শিল্পী গৰাকীলৈ জনাইছো জন্ম দিনৰ অলেখ শুভেচ্ছা ৷ মাধুৰীৰ মধুৰ হাঁহি তথা আকৰ্ষনীয় ব্যক্তিত্ব প্ৰত্যেক জন অনুৰাগীৰ হৃদয় জয় কৰি আহিছে ৷১৯৬৭ চনৰ ১৫ মে’ত মুম্বাইৰ মহাৰাষ্ট্ৰত জন্ম গ্ৰহণ কৰিছিল ৷প্ৰায় তিনিবছৰ বয়সৰ পৰাই নৃত্যত অতি পাৰ্গত মাধুৰী কথক নৃত্যত বিশেষভাৱে পাৰ্গত ৷

কথকৰ প্ৰমাণ পত্ৰ মাধুৰী দীক্ষিতে নবছৰ বয়সতে লাভ কৰিছিল ৷ ১৯৮৪ চনত ৰাজশ্ৰী প্ৰডাকশ্যনৰ ছবি অবোধৰ জৰিয়তে মাধুৰী দীক্ষিতে ছবিজগতত প্ৰবেশ কৰিছিল ৷ ছবিখনত মাধুৰী দীক্ষিত বিপৰীতে বেংগলী অভিনেতা তাপস প’লে অভিনয় কৰিছিল ৷ কিন্তু প্ৰথম ছবিখনৰ পিছত বলীউডত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হয় মাধুৰী দীক্ষিত ৷

কিন্তু ১৯৮৮ চনত মুক্তি প্ৰাপ্ত ছবি তেজাবৰ পিছত যেন মাধুৰী গতি পথেই পৰিৱৰ্তন হয় ৷এই ছবিখনৰ কাৰণে মাধুৰী দীক্ষিতে লাভ কৰে ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ নমিনেশ্যন৷ ইয়াৰ পিছত মাধুৰী দীক্ষিতে ইখনৰ পিছত সিখনকৈ বলীউডৰ ছবি উপহাৰ দিয়ে ৷ ইয়াৰ ভিতৰত বৰ্দি,ৰাম লখন,প্ৰেম প্ৰতিজ্ঞা,ত্ৰিদেৱ,পৰিন্দা,ইলাকা,মুজৰিম,কানুন অপনা অপনা,পাপা কী আন্ট,থানেদাৰ,জামাই ৰাজা, চাজন,খলনায়ক,হাম আপকে হ্যে কৌন, প্ৰেম গ্ৰন্থ, কয়লা, দিল তো পাগল হ্যে, দেৱদাস আদিৰ উপৰিও বহু ছবিত অভিনয় কৰিছে মাধুৰী দীক্ষিতে ৷

শেহতীয়াকৈ মাধুৰী দীক্ষিত দেখিবলৈ পোৱা গ’ল ট’টেল ধামাল আৰু কলংক ছবিখনত ৷ ইফালে মাধুৰী দীক্ষিতক বলীউডৰ বহু নামী দামী অভিনেতাৰ লগত একে খন স্কীণত অভিনয় কৰা দেখিবলৈ পোৱা যায় ৷ প্ৰেমৰ বিভিন্ন চৰ্চাৰ ভিতৰত দীক্ষিতৰ সঞ্জয় দত্তৰ লগত থকা সম্পৰ্কই বিশেষ ভাৱে জনপ্ৰিয়তা লাভ কৰে ৷ কিন্তু সকলো চৰ্চাৰ অন্ত পেলাই মাধুৰী দীক্ষিতৰ ১৯৯৯ চনৰ ১৭ অক্টোবৰত ড° শ্ৰীৰাম মাধৱ নেনেৰ লগত বিবাহ পাশত আৱদ্ধ হয়৷

সম্প্ৰতি দুটি সন্তানৰ সৈতে মাধুৰীৰ এখন সুখৰ সংসাৰ ৷ অন্যহাতে মাধুৰী দীক্ষিতে কেৱল অভিনয়ৰ দ্বাৰা চলচ্চিত্ৰ প্ৰেমীসকলসক মোহিত কৰিবলৈ সক্ষম হোৱাই নহয় ৷ মাধুৰীৰ নৃত্যৰ প্ৰতিটো লয়লাসে মুগ্ধ কৰে জনসাধাৰণক ৷ সেয়েহে নৃত্যৰ বহু প্ৰতিযোগিতামূলক অনুষ্ঠানত মাধুৰী দীক্ষিতক বিচাৰক হিচাপে দেখিবলৈ পোৱা যায় । উল্লেখ্য যে সম্প্ৰতি বলীউডৰ বহু চেলীবেট্টীয়ে মাধুৰী দীক্ষিতক জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন