মনোৰঞ্জন

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানক দ্বিতীয় পিতৃ বুলি ভাৱে এইগৰাকী অভিনেত্ৰীয়ে

Sentinel Digital Desk

বলীউডৰ নৱাগতা অভিনেত্ৰী অনন্যা পাণ্ডেই শ্বাহৰুখ খানক দ্বিতীয় পিতৃ হিছাপে মানি লয় ৷ এক বিশেষ সাক্ষাৎকাৰত অনন্যাই কয় যে বিগত সময়ত অনন্যা পাণ্ডেয় বেছিভাগ সময় শ্বাহৰুখ খানৰ সৈতে কটাইছে ।কাৰণ শ্বাহৰুখ খানৰ জীয়ৰী সুহানা আৰু সঞ্জয় কাপুৰৰ জীয়ৰী চানায়া অনন্যাৰ প্ৰিয় বান্ধবী । আৰু তিনিও গৰাকীকে বিভিন্ন সময়ত ছ’চিয়েল মেডিয়াত দেখা যায় ৷

বলীউডৰ ছবিত অভিনয় কৰা প্ৰসংগত অনন্যা পাণ্ডেই কয় যে সম্প্ৰতি মই ২০ বছৰ অতিক্ৰম কৰিছোঁ ৷ মই ছবিত অভিনয় কৰাৰ সপোন সৰুৰে পৰা দেখি আহিছোঁ ৷ কিন্তু এই সন্দৰ্ভত বিভিন্ন লোকসকলে কয় যে মই বলীউডৰ ছবিত জৰিত এটি পৰিয়ালত জন্ম গ্ৰহণ কৰাৰ কাৰণে এনেধৰণৰ সপোন দেখিব নালাগে ৷ পিছে অনন্যা পাণ্ডেই কয় যে বলীউডত জৰিত থকা এটি পৰিয়ালৰ পৰা অহা কাৰণে ছবি জগতলৈ অহাত সুবিধা হয় অভিনেত্ৰী গৰাকীৰ ৷

লগতে অনন্যা পাণ্ডেয় বলীউডত ষ্টাৰ কিডক অগ্ৰাধিকাৰ কৰা কথাটোত সন্মতি প্ৰদান কৰে ৷ অনন্যাৰ মতে কেৱল বলীউডতে নহয় এনেধৰণৰ পৰম্পৰা প্ৰত্যেক ইণ্ডাষ্ট্ৰীতে এনেধৰণৰ পৰম্পৰা আছে ৷ ছবিৰ কাৰণে অডিশ্যন দি সফলতা লাভ কৰাটোত নিজকে সোভাগ্যবান বুলি ভাৱে অনন্যাই ৷

ষ্টুডেন্ট অৱ দ্য ইয়েৰৰ অনন্যা প্ৰথম অভিনয় কৰিবলৈ সুযোগ পোৱাৰ সন্দৰ্ভত মাতৃ ভাৱনা পাণ্ডেই কয় যে কৰণ জোহৰৰ এই ছবিখনৰ অডিশ্যন আৰম্ভ হৈছিল ৷ইয়াৰ মাজতে ছবিখনৰ ডাৰেক্টৰ পুনিত মালহোত্ৰাৰ সন্মুখত অনন্যাই অ’ডিশ্যন দিয়ে ৷ যেতিয়া আমি পেৰিছত আছিলো তেতিয়া আমি জানিছিলো যে অনন্যাক এই ছবিখনত সুযোগ দিয়া হৈছে ৷ ইয়াতকৈ সুখৰ খবৰ সেইসময়ত আমাৰ কাৰণে একোৱেই নাছিল ৷এই মন্তব্য অনন্যাৰ মাতৃৰ ৷ ২০ বছৰীয়া অনন্যাৰ বাহিৰেও চাংকি পাণ্ডে আৰু ভাৱনা পাণ্ডেৰ ১৫ বছৰীয়া এজনী ছোৱালীও আছে ৷

পুনিত মালহোত্ৰাৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰত শ্ৰেয়া নামৰ এক চৰিত্ৰত অভিনয় কৰিছে অনন্যা পাণ্ডেই ৷ অনন্যা পাণ্ডেৰ লগতে ছবিখনত অভিনয় কৰিছে তাৰা চুতাৰিয়া আৰু টাইগাৰ শ্ৰফে ৷ ছবিখনত অনন্যা ৰ চৰিত্ৰটো বাস্তৱিক জীৱনৰ লগত সম্পৰ্কিত ৷ অনন্যা পাণ্ডেই আশা কৰিছে যে দৰ্শকে তেওঁক আদৰি ল’ব ৷ লগতে অভিনেত্ৰী গৰাকীয়ে কয় যে মই সকলো আৰম্ভনিৰ পৰা শিকিব নিবিচাৰোঁ ৷মই ভূল কৰি শিকিব বিচাৰোঁ ৷

অন্যহাতে কৰণ জোহৰৰ কফী উইথ কৰণ অনুষ্ঠানটোত টাইগাৰ শ্ৰফৰ লগতে আহিছিল অন্যন্যা ৷ এই অনুষ্ঠানত অন্যন্যাই কয় যে কৰণ জোহৰৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ মই উৎসাহী যদিও ৷ মই তেনেধৰণে একো কাম কৰা নাই ৷ যাৰ কাৰণে মই এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিম ৷ মই ভাগ্যৱান যে মোৰ দেউতা এজন অভিনেতা ৷ আৰু অভিনয় কৰিবলৈ মোৰ সৌভাগ্য হৈছে ৷ অন্যন্যা পাণ্ডে হৈছে বলীউডৰ অভিনেতা চাকি পাণ্ডেৰ জীয়ৰী ৷ ছবিখনৰ পিছত অন্যন্যাক দেখিবলৈ পোৱা যাব কাৰ্তিক আয়ান আৰু ভূমি পাদনেকাৰৰ সৈতে পতি পত্নী আৰু ৱ’ ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন