২৫ জানুৱাৰী মুক্তি লাভ কৰা কংগনা ৰানাউটৰ মণিকৰ্নিকাঃদ্য স্কীন অফ ঝান্সী নামৰ ছবিখনৰ সম্প্ৰতি বক্স অফিচত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ছবি খনে বক্স অফিচত তিনি দিনত প্ৰায় ৪২ কোটি ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ বিপৰীতে নৱাজুদ্দিন চিদ্দীকীৰ ঠাকৰেও প্ৰায় ২৩ কোটি টকা উপাৰ্জন কৰে ৷এই কথা টুইটাৰ যোগে প্ৰকাশ কৰে ট্ৰেড এনালিষ্ট তৰুণ আদৰ্শই ৷ ট্ৰেড এনালিষ্ট তৰুণ আদৰ্শই টুইটাৰ যোগে প্ৰকাশ কৰে যে মণিকৰ্নিকাৰ উইকেণ্ড বহুত ভাল ৷ ছবিখনৰ আৰম্ভনি ইমান ভাল নহলেও ছবিখন উপাৰ্জন কৰে ৪০ কোটি ৷ছবি খনে দিল্লী,এনচি আৰ,উত্তৰ প্ৰদেশ,পঞ্জাৱ আৰু ৰাজস্থানত ভাল প্ৰদৰ্শন দেখু্ৱাবলৈ সক্ষম হৈছে ৷শুক্ৰবাৰে ৮.৭৫ কোটি,শনিবাৰে ১৮.১০ কোটি,ৰবিবাৰে ১৫.৭০ উপাৰ্জন কৰি, মুঠ উপাৰ্জন কৰে ৪২.৫৫ কোটি ৷
ইফালে তৰুণ আদৰ্শই "ঠাকৰে" ছবি খনেও ভাল ফলাফল দেখুৱালৈ সক্ষম হোৱা বুলি মন্তব্য কৰে ৷ হিন্দী তথা মাৰাঠী ভাষাত নিৰ্মিত ছবি খনে মাৰাঠী ভাষাটো ভাল উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷ শুক্ৰবাৰে ঠাকৰে ছবি খনে ৬ কোটি,শনিবাৰে ১০ কোটি আৰু দেওবাৰে ৬.৯০ কোটি টকা উপাৰ্জন কৰি মুঠ ২২.৯০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷
মনোজ কুমাৰে ছবিখনৰ বিশেষ স্কীণ প্ৰত্যক্ষ কৰিছিল যে, মণিকৰ্নিকা ছবিখন অত্যন্ত উন্নত মানদণ্ডৰ হৈছে ৷ এই ছবিখনৰ জৰিয়তে ইতিহাসৰ বহুত পৃষ্ঠা খোল খালে ৷ যাৰ দ্বাৰা ৰাণী লক্ষ্মী বাঈৰ জীৱন কাইিনী জনসাধাৰণৰ সন্মুখত নতুনকৈ উপস্থাপন হ’ব । লগতে কংগনা ৰানাউটৰ সাৱলীল অভিনয়ৰ সম্পৰ্কে প্ৰশংসা কৰি মনোজ কুমাৰে কয় যে,হৰ হৰ মহাদেৱৰ জয়ধ্বনিৰে সম্পূৰ্ণ ছবি খনৰ পৰা অনুভৱ হয় যে ৰানী লক্ষ্মীবাঈৰ চৰিত্ৰত অভিনয় কৰা কংগনা ৰানাউটে লক্ষ্মীবাঈৰ চৰিত্ৰত অভিনয় কৰিবলৈয়ে তৈয়াৰ কৰিছে ৷ লগতে মনোজ কুমাৰ কয় যে মনিকৰ্নিকা ছবি খনত কংগনাই নিজকে ৰাণী লক্ষ্মীবাইৰ ৰূপত উপস্থাপন কৰিবলৈ কৃপণালি কৰা নাই ৷
উল্লেখ্য যে কংগনাৰ "মণিকৰ্নিকা" মুক্তি পোৱাৰ প্ৰাকমুহুৰ্তত যথেষ্ট বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল ৷কৰণী সেনাই মন্তব্য কৰিছিল যে যদিহে “মণিকৰ্নিকা”মুক্তি পোৱাৰ প্ৰাকমুহুৰ্তত তেওঁলোকক প্ৰদৰ্শন নকৰে তেন্তে কৰণী সেনা ছবিগৃহ সমূহ ভাঙি দিব ।ইয়াৰ পিছতেই কংগনাও কৰণী সেনাৰ বাক্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যদিহে কৰণী সেনাই মণিকৰ্নিকাৰ ওপৰত কৰা বিতৰ্কসমূহ স্তব্ধ নকৰে তেন্তে পৰিস্থিতি ভীষন হ’ব ৷ এই কথাতেই ক্ষুদ্ধ হৈ কৰণী সেনাই কংগনাক ক্ষমা খুজিবলৈ কয়। লগতে কয় যে যেতিয়ালৈকে কংগনাই ক্ষমা নোখোজে তেতিয়ালৈকে কৰণী সেনাই প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাও কয়।কংগনা হৈছে বলীউডৰ অত্যাধিক উপাৰ্জন কৰা চেলিব্ৰেট্ৰীসকলৰ ভিতৰত অন্যতম ৷ সাৱলীল অভিনয়ৰ কাৰণে কংগনাই বহু পুৰস্কাৰেৰে পুৰস্কৃত হৈছে। ইয়াৰ ভিতৰত তিনিবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লগতে জনপ্ৰিয় ফৰ্বছ আলোচনীত পাঁচবাৰকৈ নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন