বলীউডৰ সদ্য মুক্তি প্ৰাপ্ত ছবি কলংকৰ সত্যা অৰ্থাৎ সোনাক্ষী সিন্হাই মন্তব্য কৰিছে যে অভিনেত্ৰী গৰাকীয়ে কেতিয়াও আশা এৰি নিদিয়ে ৷ কাৰণ এখন ছবিয়ে সফলতা লাভ কৰাৰ প্ৰসংগ সোনাক্ষীৰ হাতত নাথাকে। লগতে সোনাক্ষীয়ে নিজকে এগৰাকী সাধাৰণ কলাকাৰ বুলি মানি লয়। আৰু কিছু ক্ষেত্ৰত অসফলতাৰ পিছতো সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ তৎপৰ হৈ থাকে ৷
সোনাক্ষী সিন্হাই কয় যে প্ৰত্যেকখন ছবি মোৰ কাৰণে মহত্ত্বপূৰ্ণ ৷ মই আশা কৰোঁ,প্ৰাৰ্থনা কৰো যাতে প্ৰত্যেকখন ছবিয়ে ভাল প্ৰদৰ্শন কৰক। মোৰ দুৰ্ভাগ্য যে বিগত সময়ত মোৰ ছবিসমূহে ভাল ফলাফল দেখুওৱা নাই। কিন্তু মই আশা এৰি নিদিওঁ ৷ মই তৎপৰতাৰে ভাল ফলাফল দেখুওৱাবলৈ সাজু আছোঁ । মই ছবিসমূহ সহজেৰে লওঁ ৷ বক্স অফিচ মোৰ নিয়ন্ত্ৰণ নাই। প্ৰত্যেকখন ছবিয়ে মোক শিক্ষা দিয়ে ৷ ব্যৱসায়িক ৰূপত ছবিসমূহে সফলতা নেদেখুৱালেও সেই ছবিসমূহৰ পৰা মই কিছু শিকিবলৈ পাঁও৷
কলংকৰ পিছত অভিনেত্ৰীগৰাকীৰ অন্য এখন ছবি হৈছে মিশ্যন মংগল ৷ ছবিখনত বিদ্যা বালান,তাপ্সী পন্নু আৰু অক্ষয় কুমাৰৰ লগত দেখা যাব সোনাক্ষী সিন্হাক ৷ ইফালে ছলমান খানৰ লগত চৰ্চিত দাবাং ৩ ছবিত দেখা যাব সোনাক্ষী সিন্হাক । অন্যহাতে ভূজ দ্য প্ৰাইড অৱ ইণ্ডিয়া ছবিত অভিনয় কৰাৰ কথা উল্লেখ কৰে সোনাক্ষীয়ে ৷ জুনৰ পৰা দৃশ্যগ্ৰহণ হ’বলগীয়া ছবিখনত অভিনয় কৰিবলৈ পায় বহুত সুখী বুলি মন্তব্য কৰে সোনাক্ষী সিন্হাই ৷
উল্লেখযোগ্য যে নিজৰ গতানুগতিক ব্যস্ততাৰ মাজতে কলংক ছবিৰ প্ৰমোশ্যনত নিজৰ বিয়াৰ কথা ক’লে সোনাক্ষী সিন্হাই ৷ বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিন্হাই (Sonakshi Sinha) মন্তব্য কৰে যে আলিয়া ভাট্ট আৰু বৰুণ ধাৱনতকৈ আগেয়ে বিবাহ পাশত আৱদ্ধ হ’ব সোনাক্ষী ৷ কলংক ছবিৰ প্ৰমোশ্যনত টেলিভিশ্যনৰ এটি অনুস্থানত দিয়া এই মন্তব্যটোৱে সম্প্ৰতি চৰ্চা লাভ কৰিছে ।
অনুষ্ঠানটিত হোৱা এক মত বিনিময়ত বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ট ,অভিনেত্ৰা বৰুণ ধাৱন আৰু অভিনেত্ৰী সোনাক্ষী সিন্হাক প্ৰশ্ন কৰে যে সকলোতকৈ আগেয়ে কোনে বিবাহ পাশত আৱদ্ধ হ’ব ৷ তেতিয়া সোনাক্ষী সিন্হাই নিজৰ নাম লোৱাৰ লগতে আলিয়া আৰু বৰুণ ধাৱনতকৈ আগেয়ে বিয়া হোৱাৰ কথাও উল্লেখ কৰে ৷ সম্প্ৰতি বিয়াৰ কাৰণে উপযুক্ত পাত্ৰৰ সন্ধানত থকাৰ কথাও উল্লেখ কৰে ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন