মনোৰঞ্জন

মুক্তি পালে কলংক ছবিৰ ট্ৰেইলৰঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

Sentinel Digital Desk

মুক্তি পালে কলংক ছবিৰ ট্ৰেইলৰ ৷ অভিষেক শৰ্মাৰ কলংক ছবিখনৰ প্ৰথম প’ষ্টাৰ মুকলি হোৱাৰ পিছতে উৎসুকৰ সৃষ্টি হৈছিল চলচ্চিত্ৰ প্ৰেমী সকলৰ মাজত ৷ আলিয়া ভাট্ট ,বৰুণ ধাৱান,আদিত্য ৰয় কাপুৰ,সোনাক্ষী সিন্হা আৰু মাধুৰী দীক্ষিত আৰু সঞ্জয় দত্ত সকলো ষ্টাৰ ছুপাৰষ্টাৰৰ সমাহাৰত কলংকৰ টিজাৰৰ পিছতেই চলচ্চিত্ৰ প্ৰেমীসকলৰ ট্ৰেইলাৰ প্ৰত্যক্ষ কৰিবলৈ যেন অপেক্ষাৰ অন্ত নাই ৷

https://www.youtube.com/watch?v=p4Z_ueeT_XQ

সম্প্ৰতি কলংক ট্ৰেইলৰে আৰু অধিক উৎসুকতাৰ সৃষ্টি কৰিছে দৰ্শকৰ মাজত আলিয়া ভাট্টৰ ৰূপ চৰিত্ৰ,সত্যা ৰুপী সোনাক্ষী সকলোৰে জীৱন্ত তথা অন্যবৈদ্য অভিনয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ইয়াৰ পিছতে কলংক ছবি গীতসমূহ ৷অৱশ্যে এতিয়ালৈকে ঘৰ মোৰে পৰদেশীয়া,ফাষ্ট ক্লাচ আৰু কলংক ছবিৰ টাইটেল গীতটি মুক্তি পাইছে ৷ আৰু মুক্তি পোৱাৰ লগে লগে দৰ্শকে আঁকোৱালি লয় গীতকেইটিক।

ইফালে মুক্তিৰ অপেক্ষাত থকা ছবি কলংকৰ শেহতীয়াকৈ প্ৰকাশ পোৱা এখন প’ষ্টাৰে খলকনি তুলিছে বলীউডৰ অনুৰাগীৰ মাজত ৷ প’ষ্টাৰ খনত ছবিখনৰ অভিনেতা বৰুন ধাৱনে এটা ষাড় গৰুৰ লগত যুঁজ দি থকা দেখিবলৈ পোৱা গৈছে। এই প’ষ্টাৰখনত চলচ্চিত্ৰ প্ৰেমীক সোঁৱৰাই তুলিব বাহুবলী ছবি খনৰ কথা ৷ প’ষ্টাৰ খনত দাড়ি,আটিল শৰীৰেৰে বৰুণ ধাৱানৰ চকুত দেখা পোৱা গৈছে যুঁজ দিয়াৰ সাহস।

কলংক ছবিৰ টিজাৰ মুকলি কৰাৰ প্ৰাকমুহুৰ্তত ছবি খনৰ নিৰ্মাতাই প’ষ্টাৰসমূহৰ জৰিয়তে এক জনসাধাৰণৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছিল। তাৰ ভিতৰত আলিয়া ভাট্ট আৰু সোনাক্ষী সিন্হা অন্যতম ৷ কলংক ছবি আলিয়া ভাট্ট অত্যন্ত সুন্দৰ দেখাইছে ৷ ৰঙা ৰঙৰ লেহেংগা পৰিধান কৰি আলিয়াই ইনষ্টাগ্ৰামত ফ’টো শ্বেয়াৰ কৰিছে ৷ ছবি খনত আলিয়াই ৰূপ নামৰ এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে।

দ্বিতীয়তে ছবি খনৰ আন এটা প’ষ্টাৰত আছে সোনাক্ষী সিন্হা ৷ সোনাক্ষীয়ে সত্যা নামৰ চৰিত্ৰ অভিনয় কৰিছে “কলংক”ত ৷ছবিখনত বৰুন ধাৱনে জফৰ আৰু আদিত্য ৰয় কাপুৰে দেৱ চৌধুৰীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ কলংকত সঞ্জয় দত্তকো দেখা পাব দৰ্শকে ৷ সঞ্জয় দত্তই বলৰাজ চৌধুৰীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ অন্যহাতে নিৰ্দেশক অভিষেক বৰ্মনৰ কলংক ছবিখন মুক্তি লাভ কৰিব চলিত বৰ্ষৰ এপ্ৰিল মাহত ৷ সোনাক্ষী সিন্হাই কলংকত অভিনয় কৰা সত্যা চৰিত্ৰটোৰ সম্পৰ্কত লিখে যে প্ৰেম,অখণ্ডতা আৰু ত্যাগ মানেই সত্যা ৷

ইয়াৰ পিছতে মুক্তি পালে কলংকৰ টিজাৰ ৷চলচ্চিত্ৰ প্ৰেমীৰ মাজলৈ কলংকৰ টিজাৰ অহাৰ লগে লগে প্ৰতি মুহুৰ্ততে বাঢ়িছে অনুৰাগীৰ উৎসুকতা ৷ সঞ্জয় লীলা ভাঞ্চালীৰ সপোনৰ এটি অংশ হিছাপে কলংকৰ টিজাৰ ।কলংকৰ টিজাৰটো উৎসকতাৰে ভৰা ৷ টিজাৰটোৰ অনুসৰি ছবিখনৰ অভিনেত্ৰী আলিয়া ভাট্টে স্পষ্ট ৰূপত বৰুন ধাৱনত প্ৰেমিকা। কিন্তু বিয়া হয় আদিত্য ৰয় কাপুৰৰ লগত ৷ ইফালে বিয়াৰ মণ্ডপত বহি আলিয়াই নিৰৱে চকুলো টোকা দেখা গৈছে । লগতে মাধুৰী দিক্ষীত,সঞ্জয় দত্ত আৰু সোনাক্ষী সিন্হা সকলোকে চিন্তিত দেখা গৈছে কলংকৰ টিজাৰটোত ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন