মনোৰঞ্জন

মুক্তি পালে মেঘনা গুলজাৰৰ বলীউডৰ চৰ্চিত চপাক ছবিৰ প্ৰথম প’ষ্টাৰ

Sentinel Digital Desk

বলীউডৰ ডিম্পল গাৰ্ল দীপিকা পাডুকনৰ অভিনীত চপাক ছবিখনৰ প্ৰথম প’ষ্টাৰ মুকলি হৈছে ৷ এই প’ষ্টাৰখনক দীপিকা পাডুকনে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে ৷ চপাক ছবিখন এচিড আক্ৰমণ কৰা লক্ষ্মী আগৰৱালৰ জীৱনৰ ওপৰত আধাৰিত ৷ ২০১৮ চনত মুক্তি লাভ কৰা পদ্মাৱত ছবিখনত দীপিকা পাডুকনৰ চৰিত্ৰটো আছিল বিশেষ ভাৱে প্ৰত্যাহ্বানপূৰ্ণ ৷ ইয়াৰ পিছত চপাক ছবিখনতো দীপিকাৰ পাডুকনৰ চৰিত্ৰটো হ’ব বিশেষভাৱে লক্ষ্যনীয় ৷

https://www.instagram.com/p/Bvao-MEAT56/

বহু চৰ্চিত আৰু শেহতীয়াকৈ ফিল্ম ফেয়াৰত বহু কেইটা পুৰস্কাৰেৰে পুৰস্কৃত ছবি পদ্মাৱতত অনবৈদ্য সুন্দৰতাৰে অভিনয় কৰাৰ পিছত চপাক ছবিখনত দীপিকাৰ অভিনয়,দীপিকা লুক মনকৰিব লগীয়া হ’ব ৷ এই সন্দৰ্ভত দীপিকা পাডুকনে কয় যে পদ্মাৱতত শাৰীৰিক সুন্দৰতা দেখা যায় ৷ কিন্তু চপাক ছবিখনত মানুহৰ আভ্যন্তৰীণ সুন্দৰতাক প্ৰতিফলিত কৰাত সহায় কৰিব ৷ চপাকত অভিনীত চৰিত্ৰটোৰ সন্দৰ্ভত অভিনেত্ৰী দীপিকাই কয় যে ছবিখন কেৱল এগৰাকী লক্ষ্মীৰে নহয় ৷

এচিড আক্ৰমণত আঘাট হোৱা প্ৰত্যেক গৰাকী যুৱতীৰে লক্ষ্মীৰ দৰে শাৰীৰিক দুখ,সামাজিকভাৱে অৱহেলা,অস্থিৰতা প্ৰাপ্ত নহয় ৷ তেওঁলোক বহুত শক্তিশালী ৷ আৰু কিছুসংখ্যক যুৱতী এতিয়াওঁ এনেধৰণৰ আঘাতৰ পৰা নিজকে মুক্ত কৰিব পৰা নাই ৷ মই এনে ধৰণৰ কিছু যুৱতীক সাক্ষাৎ কৰিম ৷ আৰু তেওঁলোকৰ লগত একেলগ হৈ কাম কৰিম ৷ মোৰ বিশ্বাস যে তেওঁলোকৰ মানসিক স্থিতি পৰিৱৰ্তন কৰাটো অতিকে প্ৰয়োজন। আৰু মই এচিড আক্ৰমণ হোৱা যুৱতী সকলৰ পৰিয়ালৰ লগত মিলিত হ’ম ৷ এই মন্তব্য বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনৰ।

চপাক ছবিখনত দীপিকা পাডুকন লক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰিব ৷ ইফালে নিজৰ চৰিত্ৰটোৰ বিষয়ে বিশ্লেষণ কৰিবলৈ দীপিকা দিল্লীত উপস্থিত হৈছিল ৷ এই ছবি খনত দীপিকা পাডুকনৰ ওপৰিও বিক্ৰান্ত মেছীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ চপাক ছবিখন নিৰ্দেশন কৰিছে মেঘনা গুলজাৰে ৷ ইতিমধ্যে মেঘনা গুলজাৰে “চপাক” ছবিখনৰ দৃশ্যগ্ৰহণ স্থলীৰ পৰা এখন দুপাট্টা শ্বেয়াৰ কৰিছিল ৷ গতিকে ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে চপাক ছবিখনৰ কাৰণে ইতিমধ্যে ব্যস্ত হৈ পৰিছে ছবিখনৰ কলা কুশলীসকল ৷

অন্যহাতে মেঘনা গুলজাৰে দীপিকা পাডুকনৰ লগত চপাক ছবিখন মুক্তি দিয়াৰ পিছতে দীপিকা পাডুকনৰ স্বামী তথা বলীউডৰ অভিনেতা ৰনবীৰ সিঙৰ ছবি কৰাৰ আশা কৰিব পাৰি ৷ ৰনৱীৰ সিং সম্প্ৰতি কবীৰ খানৰ ছবি ৮৩ ৰ দৃশ্য গ্ৰহণ কৰি আছে ৷ ৮৩ ছবিখন কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত ৷ ইফালে মেঘনা গুলজাৰে ৰনৱীৰ সিঙৰ লগত কৰিব লগীয়া ছবিখন হৈছে সোম মানেকশাঁ নামৰ এজন ভাৰতীয় সেনাৰ জীৱনৰ ওপৰত আধাৰিত ।

বিগত বৰ্ষত ১৪ আৰু ১৫ নবেম্বৰ বলীউডত নৱ বিবাহিত দম্পতী দীপিকা পাডুকন আৰু ৰনৱীৰ সিঙৰ বিবাহ সম্পন্ন হৈ যায় ৷ দীপিকা ৰনবীৰ বিবাহৰ প্ৰথম গ্ৰেণ্ড পাৰ্টী হৈ গ’ল বিগত বৰ্ষৰ ২১ নৱেম্বৰত ৷ বেংগালুৰুস্থিত লীলা পেলেচত অনুষ্ঠিত হ’ল দীপিকা আৰু ৰনৱীৰ অৰ্থাৎ দীপৱীৰৰ গ্ৰেণ্ড পাৰ্টী ৷ বেংগালুৰুৰ এই পাৰ্টীটোত উপস্থিত আছিল দীপিকা ৰনৱীৰৰ ঘনিষ্ঠসকল ৷ ইয়াৰ পিছত মুম্বাইত দীপিকা ৰনৱীৰৰ বিবাহৰ উপলক্ষে দিয়া পাৰ্টীটো অনুস্থিত হৈছিল ২৮ নৱেম্বৰত। মুম্বাইত হ’ব লগীয়া পাৰ্টীটোত উপস্থিত আছিল ৰনৱীৰ দীপিকা ঘনিষ্ঠসকলৰ লগতে অন্যান্য লোকসকলৰ উপৰিও বি টাউনৰ ষ্টাৰ ছুপাৰষ্টাৰসকল ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন