মনোৰঞ্জন

মুক্তি পালে বহু চৰ্চিত কবীৰ সিঙৰ ট্ৰেইলৰঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

Sentinel Digital Desk

মুক্তি পালে বলীউডৰ বহু চৰ্চিত ছবি কবীৰ সিঙৰ ট্ৰেইলৰ ৷ শ্বাহিদ কাপুৰ আৰু কাইৰা আডৱানিৰ ছবিখনৰ ট্ৰেইলৰ মুক্তি পোৱাৰ পিছত অনুৰাগীসকলৰ মাজত চৰ্চা লাভ কৰিছে ৷ ছবিখনত শ্বাহিদ কাপুৰে কবীৰ সিঙৰ চৰিত্ৰত আৰু কাইৰা আডৱানিয়ে কবীৰ সিঙৰ প্ৰেমিকা প্ৰীতিৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ছবিখনৰ ট্ৰেইলৰটোৰ প্ৰথমতে শ্বাহিদ কাপুৰে সুৰা,ড্ৰাগছ খাই থকা দেখা পোৱা গৈছে ৷

https://www.youtube.com/watch?v=RiANSSgCuJk

এই চৰিত্ৰটোৱে চলচ্চিত্ৰ প্ৰেমীসকলে ৰোমন্থন কৰিব উড়তা পাঞ্জাৱক৷ ইফালে কবীৰ সিং এজন চিকিৎসা সেৱাৰ ছাত্ৰ ৷ প্ৰেমিকা প্ৰীতিৰ লগত বিচ্ছেদ হোৱাৰ পিছত সম্পূৰ্ণ পৰিৱৰ্তন হয় কবীৰ সিং ৷ কবীৰ সিং প্ৰীতি কাৰণে কেনেধৰণে পৰিৱৰ্তন হৈছে সেই সম্পৰ্কে দেখুওৱা হৈছে ৷ কবীৰ সিঙ সন্দৰ্ভত শ্বাহিদ কাপুৰে কয় যে ষ্টাৰ হিচাপে নহয় মই এজন অভিনেতা হিছাপে কাম কৰিছোঁ ৷ এই ছবিখন তেলেগু ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক ৷ অৰ্জুন ৰেড্ডীত অভিনয় কৰিছে বিজয় দেৱৰকোণ্ডাই ৷

ছবিখন ব্লক ব্লাষ্টাৰ হিছাপে পৰিগণিত হৈছিল ৷ ট্ৰেইলৰ লন্চ কৰি শ্বাহিদ কাপুৰে কয় যে ছবিখনৰ কাৰণে ওজন বৃদ্ধি কৰিছিল অভিনেতা গৰাকীয়ে ৷ ছবিখনত বহু দৃশ্য আছে য’ত মই এটি কোঠাত অকলে বঢ়ি থাকো,সুৰা পান কৰি থাকোঁ। এজন ষ্টাৰ হিছাপে এই দৃশ্যসমূহ কৰিবলৈ আপোচ লাগে যদিও সেই দৃশ্য সমূহত এগৰাকী অভিনেতা হিছাপে অভানয় কৰিছোঁ ৷

ইফালে, কবীৰ সিঙৰ টিজাৰ ছোৱাৰ পিছতে বলীউডৰ অভিনেতা ছাহিদ কাপুৰলৈ এক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে টলীউডৰ ছুপাৰষ্টাৰ প্ৰভাসে ৷ টলীউডৰ অভিনেতা প্ৰভাস সম্প্ৰতি ব্যস্ত হৈ সাহুৰ দৃশ্যগ্ৰহণত ৷

সেই সময়ত প্ৰভাসে প্ৰত্যক্ষ কৰে কবীৰ সিঙৰ টিজাৰ ৷ আৰু লগে লগে বলীউডৰ অভিনেতা ছাহিদ কাপুৰলৈ ফোন যোগে বাৰ্তালাপ কৰে আৰু ছাহিদ কাপুৰক কবীৰ সিঙত কৰা অন্যবৈদ্য অভিনয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ছাহিদ আৰু প্ৰভাসৰ মাজত প্ৰায় সাত মিনিট ধৰি হোৱা কথা বাৰ্তাত তেলেগু ছবি “অৰ্জুন ৰেড্ডীত”কৈও অধিক উৎকৃষ্ট মানদণ্ডৰ বুলি মন্তব্য কৰে ৷ কাৰণ কবীৰ সিং হৈছে অৰ্জুন ৰেড্ডীৰ হিন্দী ৰিমেক।

দক্ষিণ ভাৰতীয় ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক কবীৰ সিং। বলীউডৰ অভিনেতা ছাহিদ কাপুৰে মুখ্য ভূমিকাত অভিনয় কৰা কবীৰ সিঙৰ টিজাৰ সম্পৰ্কত অভিনেতাগৰাকীয়ে টুইট কৰে যে I am not a not a rebel without a cause .

ইফালে সঞ্জয় লীলা ভাঞ্চালীৰ পদ্মাৱতত ছাহিদ কাপুৰৰ সফলতাৰ পিছত সম্প্ৰতি অনুৰাগীসকলৰ মাজত উৎসুক দেখা গৈছে ৷ সন্দীপ ৰেড্ডী ভাংগাৰ তেলেগু ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক কবীৰ সিঙ মুক্তি পাব ২০১৯ চনৰ ২১ জুনত।কবীৰ সিঙত ছাহিদ কাপুৰৰ বিপৰীতে অভিনয় কৰিছে অভিনেত্ৰী কাইৰা আদৱানিয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন