মনোৰঞ্জন

লেজী চান ডে'-অক্ষয় কুমাৰৰ বিশেষ শৰীৰ চৰ্চা,ভিডিঅ'টি উপভোগ কৰক

Sentinel Digital Desk

দৈনন্দিন গতিশীলতা জীৱনটোৰ মাজত পোৱা এটা বন্ধৰ দিন বিশেষকৈ দেওবাৰ দিনটোত আমি বোৰে শুই কটাও নাইবা কামৰ পৰা আতৰি জিৰাবলৈ হে বিচাৰো । তলত দেখুওৱা ভিডিঅ' এটাৰ জৰিয়তে এই কথাৰ সম্পূৰ্ন ওলোটা ছবিহে দেখা পোৱা গৈছে । হয়, আপোনালোক সকলোৰে প্ৰিয় তথা চুপাৰ ষ্টাৰ অক্ষয় কুমাৰে বন্ধৰ দিনত যোৱা দেওবাৰে কৰিছে এক বিশেষ শৰীৰ চৰ্চা ।

অক্ষয় বৰ্তমান ব্যস্ত আছে হাউছফুল-৪ খনৰ শ্বুটিংৰ কামত,সেয়ে তেওঁ ছবি খনৰ অন্য সদস্য সকলৰ সৈতে জেয়চলমাত আছে । যোৱা দেওবাৰে অক্ষয় শৰীৰ চৰ্চা তথা ডিঙিৰ এক বিশেষ চৰ্চা কৰা দেখিবলৈ পোৱা গ'ল। তেওঁ শৰীৰ ডিঙি চৰ্চা কৰি থকা ভিডিঅ' এটি ইনষ্টাগ্ৰাম জৰিয়তে শ্ৰেয়াৰ কৰিছে ।

শ্ৰেয়াৰ কৰা ভিডিঅ'টিৰ জৰিয়তে,অক্ষয়ে এক কেপছন দিছে এইদৰে,"Always been a fan of mornings...even more beautiful here in Jaisalmer. Doing a neck exercise today and I personally love exercising outdoors as it helps boost the body, mind and mood. What about you guys? #FitIndia."

https://www.instagram.com/p/BoVqoQaASRm/?utm_source=ig_embed

অতি সুন্দৰ শৰীৰৰ গৰাকী তথা অক্ষয়ৰ তেওঁৰ আহিবলগীয়া নতুন ছবিৰ প্ৰতি শুভেচ্ছা থাকিল ।