মনোৰঞ্জন

শাড়ী পিন্ধি ৭২ সংখ্যক কান্স ছবি মহোৎসৱত বলীউডৰ কুইন কংগনা ৰাণাউট

Sentinel Digital Desk

বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাউট উপস্থিত হ’লগৈ ৭২ সংখ্যক কান্স ছবি মহোৎসৱত ৷ বৃহস্পতিবাৰে ৰেড কাৰ্পেটত ৱাক কৰিবৰ কাৰণে কংগনাই ডিজাইনাৰ ফাল্গুনী আৰু শেন পীকাৰ্কৰ কাঞ্জীভৰম শাড়ী পৰিধান কৰি উপস্থিত হ’লগৈ ছবি মহোৎসৱত ৷ ইয়াৰ উপৰিও কান্স ছবি মহোৎসৱৰ পিছত হোৱা পাৰ্টিত Nedret Taciroglu ৰ চ্যুট পৰিধান কৰে কংগনা ৰানাউটে ৷

সম্প্ৰতি কংগনা ৰানাউটৰ প্ৰতিখন ফ’টো ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কংগনা ৰানাউটে কয় যে সম্প্ৰতি বলীউডত পৰিৱৰ্তনৰ ধাৰা নামি আহিছে ৷ কাৰণ অভিনেত্ৰীসকলে সম্প্ৰতি ৰুছী বাদৰ পৰা ওলাই আহি নিজক প্ৰতিষ্ঠা কৰিছে ৷ লগতে কংগনাই কয় যে বলীউডত বহু অভিনেত্ৰী আছে যিসকলে ডান্স কৰিব নাজানে ৷ কিন্তু তেওঁলোক সফল হৈছে ৷

নীনা গুপ্তা আৰু মাধুৰী দীক্ষিতৰ প্ৰসংগ উল্লেখ কৰি কংগনাই কয় যে,সম্প্ৰতি,বহু মহিলাই আকৌ বলীউডলৈ উভতি আহিছে ৷ বলীউডত নিজৰ পূৰ্বৰ অভিজ্ঞতা সুঁৱৰি কংগনা ৰানাউটে কয় যে মই শক্তিশালী ভূমিকাৰে কেৰিয়াৰ আৰম্ভ কৰিছিলো৷ কিন্তু কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত মোৰ হাতত কাম নাছিল ৷ কাৰণ সেই বিশেষ চৰিত্ৰসমূহৰ কাৰণে মই উপযুক্ত নাছিলো ৷

কিন্তু সম্প্ৰতি এনেধৰণৰ কিছু অভিনেত্ৰী আছে যি নৃত্য কৰিব নোৱাৰে কিন্তু তেওঁলোকে ভাল ছবি কৰি আছে ৷মই সকলো কৰিব পাৰোঁ কিন্তু নৃত্য কৰিব নোৱাৰোঁ ৷ এই মন্তব্য কংগনা ৰানাউটৰ ৷

ইফালে কংগনা ৰানাউটে অভিনেত্ৰী আৰু ৰাজনৈতিক নেত্ৰী জয়াললিতাৰ বায়’পিকত অভিনয় কৰিব অভিনেত্ৰী কংগনা ৰানাউটে ৷ কিন্তু জয়াললিতাৰ বায়’পিকত কংগনা ৰানাউটক অ’ফাৰ কৰা পাৰিশ্ৰমিকেহে সকলোকে আচম্বিত কৰিছে ৷ কাৰণ কংগনা ৰানাউটক পাৰিশ্ৰমিক হিচাপে অ’ফাৰ কৰিছে ২৪ কোটি টকা ৷ আৰু ইয়াৰ কাৰণে কংগনা ৰানাউটে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইয়াৰ কাৰণে কংগনা ৰানাউটে তামিল শিকিব ৷ যাতে জয়া ললিতাৰ চৰিত্ৰটো বাস্তৱায়িত কৰিব পাৰে ৷

এই সন্দৰ্ভত কংগনা ৰানাউটে কয় যে মই জয়াললিতাৰ চৰিত্ৰটো আৰু ওচৰৰ পৰা জানিব বিছাৰো ৷ সেই চৰিত্ৰটোৰ লগত মই একাত্ম হ’ব বিচাৰোঁ ৷ কাৰণেই মই তামিল শিকিব বিছাৰোঁ ৷ যেতিয়াই পংগা আৰু মেন্টল হ্যে কিয়া ছবি খনৰ দৃশ্য গ্ৰহণ সমাপ্ত হ’ব তেতিয়াই মই তামিল ভাষা শিকিবলৈ ক্লাছ কৰিম ৷

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটে ২৩ মাৰ্চত হৈ যোৱা জন্ম দিনত ৰাজনৈতিক নেত্ৰী জয়াললিতাৰ বায়’পিকত অভিনয় কৰাৰ কথাটো ঘোষণা কৰে । আৰু ইয়াৰ লগে লগে কংগনা ৰানাউট দেশৰ সকলোতকৈ দামী অভিনেত্ৰীৰ খিতাপো লাভ কৰে ৷ এক তথ্য অনুসৰি তামিল আৰু হিন্দী ভাষাত নিৰ্মিত হ’ব লগা এই ছবিখনৰ নিৰ্মাতাকাৰী সকলে কংগনা ৰাণাউটৰ ওপৰত বহুতো ভৰষা কৰিছে ৷ সেয়েহে ২৪ কোটি টকা দিবলৈও কোনো চিন্তা কৰা নাই ছবিখনৰ নিৰ্মাতাসকলে ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন