মনোৰঞ্জন

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ এখন বিশেষ ফ’টো

Sentinel Digital Desk

বলীউডৰ মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ শেহতীয়াকৈ এখন ফ’টোৱে বিশেষ ভাৱে চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত ৷ ফ’টোখনত শ্ৰদ্ধাক বিভিন্ন প্ৰকাৰৰ খাদ্য লৈ বহি থকা দেখা গৈছে । লগতে বিভিন্ন প্ৰকাৰৰ খাদ্যসমূহ দেখি অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ অত্যন্ত উৎসাহী দেখিবলৈ পোৱা গৈছে ৷ বিভিন্ন প্ৰকাৰৰ খাদ্য সম্ভাৰেৰে শ্ৰদ্ধাই নিজৰ ইনষ্টাগ্ৰাম একাউন্টত ফ’টোখন অনুৰাগীসকলৰ লগত শ্বেয়াৰ কৰি লিখিছে It's tough but we share৷

সম্প্ৰতি শ্ৰদ্ধাৰ ইনষ্টাগ্ৰামত পোষ্ট কৰা এই ফটোখন ভাইৰেল হৈছে অনুৰাগীসকলৰ মাজত ৷ ইফালে,শ্ৰদ্ধা কাপুৰে শ্বেয়াৰ কৰা খাদ্য সম্ভাৰসমূহত প্ৰায় ২৩ বিধ ব্যঞ্জনৰ ভিতৰত আছে কণীৰ কাৰী,মাংস,মিক্স ভাজি,দালিকে ধৰি বিভিন্ন ব্যঞ্জন ৷ অন্যহাতে দেখাত অত্যন্ত সোৱাদ লগা ব্যঞ্জনসমূহ দেখি ইনষ্টাগ্ৰামত বিভিন্ন কমেন্ট কৰিছে শ্ৰদ্ধাৰ অনুৰাগীসকলে ৷

খাদ্যৰ বিভিন্ন ব্যঞ্জনসমূহ দেখি এজন অনুৰাগীয়ে শ্ৰদ্ধাক কমেন্ট কৰিছে ইমানেই যথেষ্ট নে ? আন এজন অনুৰাগীয়ে শ্ৰদ্ধাক মন্তব্য কৰিছে যদি ইমানখিনি খাদ্য খোৱা তেতিয়া শকত হৈ যাবা ৷

উল্লেখ্য যে,অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে ছ’চিয়েল মিডিয়াত বাইৰেল হোৱা বিভিন্ন খাদ্য সম্ভাৰৰ ফ’টোখন লৈছিল "সাহু""ৰ দৃশ্যগ্ৰহণ থলীৰ পৰা ৷ "সাহু" ত শ্ৰদ্ধা কাপুৰে অভিনয় কৰিছে দক্ষিন ভাৰতৰ জনপ্ৰিয় অভিনেতা "প্ৰভাস"ৰ সৈতে ৷ প্ৰায় ৩০০ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা ছবিখনৰ দৃশ্য গ্ৰহণ হৈছে হাইদৰাবাদ,মুম্বাই, অবুধাবী,ডুবাই, ৰোমানিয়া আৰু ইউৰোপত ৷ কিন্তু সম্প্ৰতি "সাহু"ছবিখনৰ দৃশ্য গ্ৰহণ সমাপ্ত হোৱা নাই লগতে ধাৰ্য কৰা নাই ছবিখনৰ মুক্তিৰ তাৰিখ ৷

অন্য খবৰৰ বাবে পঢ়ক:মনোৰঞ্জন