মনোৰঞ্জন

সুদীৰ্ঘ সাত বছৰৰ পিছত পুনৰ ৱেব চিৰিজত বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰ

Sentinel Digital Desk

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মা কাপুৰ সাত বছৰৰ পিছত পুনৰ ঘূৰি আহিব ছবি জগতলৈ ৷ ডেঞ্জাৰ্চ ইস্কৰ পিছত অনাগত দিনত কৰিব লগীয়া ছবিখনৰ কাৰণে যথেষ্ট উৎসুক অভিনেত্ৰী গৰাকী ৷ ইফালে কৰিশ্মা কাপুৰে পুনৰ উভতি আহিব সৰু পৰ্দাৰ ধাৰাবাহিকৰ কুইন একতা কাপুৰৰ এখন ৱেব চিৰিজৰ জৰিয়তে ৷ ৱেব চিৰিজ খনৰ নাম মেন্টেল হুড ৷

এই প্ৰসংগত কৰিশ্মা কাপুৰে কয় যে বিগত সময়ত মোৰ ওচৰলৈ বহু অভিনয়ৰ প্ৰস্তাৱ আহিছে। কিন্তু মোৰ কাহিনীসমূহ ভাল লগা নাই ৷ কিন্তু যেতিয়া মোক একতা কাপুৰে ছবিখনৰ কাহিনীটো শুনাই তেতিয়া মোৰ কাহিনীটো ভাল লাগে আৰু মই একতা কাপুৰক ৱেব চিৰিজত অভিনয়ৰ কাৰণে সন্মতি প্ৰদান কৰোঁ ৷ আৰু মই মোৰ সিদ্ধান্ত সুখী ৷

ইফালে ৱেব চিৰিজখনত মাৰ চৰিত্ৰত অভিনয়ৰ কাৰণে যথেষ্ট উৎসুক আৰু ভাবুক হৈ পৰিছে কৰিশ্মা কাপুৰ ৷ এই চিৰীজখনত আবেগৰ লগতে হাস্যধৰ্মী বিভিন্ন পৰিস্থিতি থাকিব ৷ লগতে স্কীণত যেনেদৰে এগৰাকী আধুনিক মাতৃৰ চৰিত্ৰত অভিনয় কৰিছোঁ ৷তেনেদৰে মই মোৰ জীৱনটো এগৰাকী আধুনিকা মাতৃ। আনহাতে ৱেব চিৰিজ খনত কৰিশ্মা কাপুৰৰ লগত ডিনো মুৰীয়াও অভিনয় কৰিছে ৷

এই সন্দৰ্ভত কৰিশ্মা কাপুৰে কয় যে মই ডিনো মুৰীয়াৰ লগত সুৰ্দীঘ ১৬ বছৰৰ পিচত অভিনয় কৰিছোঁ ৷ ডিজিটেল এন্টাৰটেইনমেন্ট ইণ্ডাষ্ট্ৰীৰ বিষয়ে কয় যে কৰিশ্মা কাপুৰে কয় যে ডিজিটেল এন্টাৰটেইনমেন্টৰ ভৱিষ্যত উজ্জ্বল । ইয়াৰ কাৰণে মই যথেষ্ট সুখী ৷ উল্লেখযোগ্য যে সাত বছৰৰ পিছত নিজকে স্কীণত পাবলৈ যথেষ্ট উৎসুক কৰিশ্মা কাপুৰ ৷

অভিনেত্ৰী গৰাকীয়ে আশা কৰিছে যাতে অনুৰাগীসকলে এই ৱেব চিৰিজখনক আদৰি লয় ৷ আৰু যদি একতা কাপুৰে এই ৱেব চিৰিখনৰ দ্বিতীয় অংশ নিৰ্মাণ কৰে ৷ তেন্তে সেইখনটো কৰিশ্মাই অভিনয় কৰাৰ কথা আশা প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন