মনোৰঞ্জন

হেপী বাৰ্থ ডে দীপিকা পাডুকন

Sentinel Digital Desk

আজি বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা ৰনৱীৰ সিঙৰ ধৰ্মপত্নী দীপিকা পাডুকনৰ জন্ম দিন ৷ ১৯৮৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল দীপিকাৰ ৷ বিখ্যাত বেডমিন্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ দ্বিতীয় জীয়ৰী দিপীকা পাডুকন ৷ পিতৃ মাতৃ আৰু ভগ্নীৰ সৈতে দীপিকাৰ এটি সৰু পৰিয়াল ৷ সমগ্ৰ বি টাউনে সম্প্ৰতি শুভেচ্ছা জনাইছে দীপিকা পাডুকনক ৷ ইফালে বিগত বৰ্ষৰ ১৪ -১৫ নৱেম্বৰত ৰণৱীৰ সিং আৰু দীপিকা পাডুকনৰ বিবাহ পাশত আৱদ্ধ হয়৷গতিকে এইবাৰৰ দীপিকাৰ জন্ম দিন বিশেষভাৱে উল্লেখ্য ৰণৱীৰৰ সিঙৰ কাৰণে৷ দীপিকা পাডুকন যেনেকৈ এগৰাকী সফল অভিনেত্ৰী, ঠিক তেনেদৰে এগৰাকী সফল মডেল হিছাপে প্ৰতিষ্ঠিত হৈছিল কলেজৰ দিনৰ পৰাই। লিৰিল, ডাবৰ, ক্ল’জ-আপ টুথপেষ্ট আৰু লিমকাৰ মডেল আছিল দীপিকা । দীপিকাই যথেষ্ট প্ৰতিষ্ঠিত মডেলিঙৰ প্ৰস্তাৱ পাইছিল ৷ লগতে মেৱলিনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰবক্তা হিছাপে নিযুক্তি পোৱাটো দীপিকাৰ কাৰণে এক বৃহৎ সাফল্য । কিংফাশ্যাৰে দীপিকাক বাৰ্ষিক ফেন্সন সমাৰোহত বৰ্ষটোৰ শ্ৰেষ্ঠ মডেল হিছাপে সন্মানিত কৰিছিল ৷ ২০০৬ চনত কিংফিশ্যাৰেই স্বিমসুট কেলেণ্ডাৰ খনৰ কাৰণে এগৰাকী মডেলৰ ৰূপত দীপিকাক নিৰ্বাচিত কৰে ৷

ইয়াৰ পিছতেই আইডিয়া ফেন্সন পুৰস্কাৰৰ পৰা দুটা বটাঁ, ফীমেল মডেল অফ দ্য ইয়েৰ,ফেছ অৱ দ্য ইয়েৰ পুৰস্কাৰেৰে সন্মানিত কৰে দীপিকাক ৷ মডেলিঙৰ জগতখনত সফলতা লাভ কৰাৰ পিছত দীপিকাই অভিনয় জগত খনত পদাৰ্পন কৰে ৷ হিমেশ ৰেশমীয়াৰ "আপ কা সুৰুৰ" এলবামৰ এটি গীতত অভিনয় কৰে দীপিকাই ৷ কন্নড় ছবি "ঐশ্বৰ্য্য"নামৰ ছবি খনত দীপিকাই উপেন্দ্ৰৰ লগত অভিনয় জগতত খোজ পেলাই । ইয়াৰ পিছত দীপিকাই প্ৰথমবাৰৰ কাৰণে ২০০৭ চনত বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ লগত "ওম শান্তি ওম"ৰ জৰিয়তে সফলতা লাভ কৰে বলীউডত ৷ এই ছবিখন ভাৰত আৰু বিদেশতো যথেষ্ট সফলতা লাভ কৰে। দীপিকাই বলীউডৰ বহু অভিনেতাৰ লগত একেলগে কাম কৰিছে ৷ ২০১০ চনত দীপিকাই ৰনবীৰ কাপুৰৰ লগত "বচনা এ হসীনো", অক্ষয় কুমাৰৰ লগত "চান্দনী চ’ক টু চাইনা" আদিত অভিনয় কৰে। ২০১২ চনৰ মুক্তি লাভ কৰা "ক’কটেইল" ছবিখন আছিল দীপিকাৰ অভিনয় জীৱনৰ টাৰ্নিং পইন্ট। দীপিকাৰ কাৰণে ২০১৩ বৰ্ষটো অত্যন্ত লাকী ৷ কাৰণ এই বৰ্ষতেই "ইয়ে জৱানী হ্যে দীৱানী,""ৰামলীলা", "চেন্নাই এক্সপ্ৰেছ" ছবি ধুমুহাৰ সৃষ্টি কৰিছিল বক্স অফিচত। ২০১৫ চনত "বাজীৰাও মস্তানী," "তমাশা"ৰ দৰে ছবি উপহাৰ দিয়ে অনুৰাগীসকলক ৷ ২০১৫ চনত "পিকু"ৰ লগতে হলীউডলৈ যাত্ৰা কৰে xXx:Return of Xander Cage ৰ জৰিয়তে ৷

অন্যহাতে প্ৰেমৰ ক্ষেত্ৰত দীপিকা পাডুকনে বহু ঘাত প্ৰতিঘাতৰ মাজেৰে অতিবাহিত কৰিলে ৷ য়ুৱৰাজ সিং, মহেন্দ্ৰ সিং ধোনী, ৰনবীৰ কাপুৰৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল যদিও, ৰনবীৰ কাপুৰৰ লগত হোৱা প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ হয় দীপিকাৰ ৷ আৰু একে বাৰে ভাগি পৰে দীপিকা পাডুকন ৷ ইয়াৰ পিছত বিভিন্ন প্ৰত্যাহ্বানৰ লগত যুঁজ কৰি দীপিকা নিজক প্ৰতিষ্ঠিত হয় জীৱনৰ লগতে বলীউডত ৷ দীপিকা পাডুকন হতাশাত ভূগি জীৱনৰ লগত যুঁজি নিজক প্ৰতিষ্ঠা কৰাৰ প্ৰসংগই জোকাৰি যাব অনুৰাগীসকলক ৷ অৱশ্যে প্ৰেমত প্ৰতাৰিত হ’লেও ৰনৱীৰ সিঙে হৃদয় জয় কৰে দীপিকাৰ । আৰু বিগত বৰ্ষৰ ১৪ আৰু ১৫ নবেম্বৰত বিবাহ পাশত আৱদ্ধ হয় দীপিকা আৰু ৰণৱীৰ । উল্লেখ্য যে নিজৰ সাৱলীল অভিনয়ৰ কাৰণে দীপিকা যথেষ্ট পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ৷ জি চিনে এৱাৰ্ডৰ পৰা ওম শান্তি ওমৰ কাৰণে নৱাগত অভিনেত্ৰী বটাঁ আৰু শ্বাহৰুখ খানৰ লগত বেষ্ট যোৰী বটাঁ লাভ কৰে দীপিকাই ৷

ইয়াৰোপৰি আইফা, ষ্টাৰডাষ্ট আদি বিভিন্ন বটাঁৰে সন্মানিত হয় দীপিকা৷ অন্যহাতে দীপিকা বিগত বৰ্ষত এখনেই ছবিত অভিনয় কৰিছিল ৷ সেই খন হৈছে "পদ্মাৱত" ৷কেৱল পদ্মাৱত ছবিৰেই দীপিকাই দৰ্শকৰ পৰা মৰম বুটলিবলৈ সক্ষম হয় ৷ দীপিকাৰ চলিত বৰ্ষৰ নিৰ্মাতা মেঘনা গুলজাৰৰ "চপাক"ছবি খনৰ দৃশ্যগ্ৰহণ হ’ব মাৰ্চ মাহত। ২০০৫ চনত এজন লোকে লক্ষ্মী নামৰ এগৰাকী যুৱতী ওপৰত এচিডেৰে আক্ৰমণ কৰিছিল ৷ইয়াৰ পিছত লক্ষ্মীৰ সম্পূৰ্ণ মুখমণ্ডল জ্বলি গৈছিল। লক্ষ্মীয়ে বিউটি পাৰ্লাৰ কাম জানিছিল যদিও জ্বলা মুখমণ্ডলেৰে লক্ষ্মীক কোনেও কাম দিয়া নাছিল । চপাক ছবিত খনত দীপিকাই "লক্ষ্মী"নামৰ যুৱতী গৰাকীৰ চৰিত্ৰত অভিনয় কৰিব। শেষত দীপিকাৰ ষ্টাইল,সৌন্দৰ্য, কমনীয়তা,মোহনীয়তাই সদায় আকৰ্ষণ কৰিছে আহিছে দীপিকাৰ অনুৰাগীসকলক ৷ গতিকে জন্ম দিনৰ কাৰণে দীপিকালৈ অশেষ শুভকামনা ৷ আগুৱাই যাওক দীপিকা ৷ লগতে সুন্দৰ ছবিৰে,সুন্দৰ অভিনয়ৰে অনুৰাগীক আমোদ দি মৰম বুটলক দীপিকা পাডুকনে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন