মনোৰঞ্জন

হোলীৰ প্ৰাকমুহুৰ্তত চাওঁ আহক বলীউডৰ ছবিত হোলী গীতৰ বিশেষত্ব

Sentinel Digital Desk

হোলীৰ ৰঙত সমগ্ৰ বলীউড ৰঙীন হৈ পৰা কথাটো নতুন কথা নহয়। হোলীৰ এটি গীতেই একোখন ছবিত সোণত সুৱগা চৰাই ৷ কাৰণ হোলী বুলি ক’লেই আমাৰ মনলৈ আহে,ৰং আনন্দ ইত্যাদি ৷ আৰু এটি হোলী গীতেই একোখল ছবি পট পৰিৱৰ্তন কৰিব পাৰে ৷ সেয়া বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ ছবিয়েই হওক বা বিগ বি অমিতাভ বচ্চনৰ ছবিয়েই হওঁক ৷ শ্বাহৰুখ খানৰ মোহব্বাতে ছবিত অমিতাভ বচ্চনক হোলীৰ ফোঁট দিয়া প্ৰসংগই হওক,চিলচিলা ছবিত ৰেখা আৰু অমিতাভ বচ্চনৰ ডান্সেই হওক অথবা দীপিকা পাডুকন আৰু ৰনৱীৰ সিঙৰ "লহো মুহ লগ গয়া" গীতটিয়েই হওঁক। এই ছবি সমূহক হোলীৰ আনন্দৰ এনেদৰে চিত্ৰায়িত কৰা হৈছে যে আজিও চলচ্চিত্ৰ প্ৰেমীয়ে ছবি দৃশ্যসমূহক স্মৰণ কৰে ৷গতিকে হোলী যিহেতু সমাগত ৷চাওঁ আহক বলীউডৰ ছবিসমূহত হোলীৰ সেই বিখ্যাত দৃশ্য সমূহৰ কথা ৷

কটী পতংগঃ ৰাজেশ খান্না আৰু আশা পাৰেখৰ এই ছবিখনত এটি দৃশ্য আজিও স্মৰণ কৰে চলচ্চিত্ৰ প্ৰেমীয়ে ৷ ছবিখনত ৰাজেশ খান্নাই আয়শা পাৰিখক হোলী খেলিবলৈ নিজৰ ফালে টানি আনে ৷ কাটি পতংগ ছবিখনত আজ ন চোড়েংগে হম গীতটি আজিও জনপ্ৰিয় ৷ চলচ্চিত্ৰ প্ৰেমীসকলৰ কাৰণে তথা সংগীত প্ৰেমীসকলে আজিও এই গীতটিত গুনগুনাই ৷

দীবানাঃ দীবানা ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু দিব্যা ভাৰতী ।এই ছবিখনত নায়ক শ্বাহৰুখ খানে নায়িকা দিব্যা ভাৰতীক প্ৰেমৰ প্ৰস্তাৱ দিয়ে ৷আৰু ইয়াৰ পিছত বগা শাড়ীৰ ওপৰত হোলীৰ ৰঙ ছটিয়াই দিয়ে ৷এই দৃশ্যটিৰ পিছত ছবিখনৰ কাহিনীটোৰ পৰিৱৰ্তন হৈ যায় ৷

শ্বোলেঃবলীউডৰ চিৰ সেউজ ছবিৰ চিৰ সেউজ অভিনেতাৰ দ্বাৰা অভিনীত শ্বোলে ছবিখনক পাহৰিব নোৱাৰে চলচ্চিত্ৰ প্ৰেমীয়ে৷ছবিখনৰ এটি গান হোলী কে দিন দিল মিল জাতে হ্যে গীতটি চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত যতেষ্ট জনপ্ৰিয় ৷ এই গীতটিৰ পিছতে ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ মাজত ৰোমাঞ্চ আৰম্ভ হয় ৷

চিলচিলাঃ চিলচিলা ছবিখনৰ ৰঙ বৰসে গীতটি কিমান জনপ্ৰিয় সেয়া হয়তো কোৱাৰ প্ৰয়োজন নাই । এই গীতটিৰ প্ৰথমতে জয়া বচ্চন,অমিতাভ,ৰেখা আৰু সঞ্জীৱ কুমাৰৰ লগত হোলী খেলে। তেতিয়াই ৰেখাই গৈ জয়াক কয় যে ৰেখাই ভালপোৱা জনৰ লগত বিবাহ পাশত আৱদ্ধ হোৱা নাই ৷আৰু এই কথাটোকে অমিতাভ বচ্চনেও সঞ্জীৱ কুমাৰক কয় ৷ ইয়াৰ পিছতেই সমগ্ৰ কাহিনীটোৰ পট পৰিৱৰ্তন হয়।

দামিনীঃ দামিনী ছবিখনটো হোলীৰ দৃশ্য দৃশ্যায়িত কৰা হয়। দামিনী ছবিখনত এটি দৃশ্যত ঘৰৰ কাম কৰা এগৰাকী যুৱতীক বলাৎকাৰ কৰা দেখুওৱা হয়। আৰু সমগ্ৰ ছবিখনেই এই দৃশ্যটোৰ পিছতে পৰিৱৰ্তন হয়। কাৰণ দামিনী ছবিখনৰ নায়িকা মীনাক্ষী সেই যুৱতীগৰাকীক ন্যায় দিবৰ কাৰণে যুঁজ কৰি থাকে ৷

ডৰঃ ডৰ ছবিখনতো হোলীৰ দৃশ্য দেখুওৱা হৈছে ৷ছবিখনৰ এটি দৃশ্যত শ্বাহৰুখ খানে হোলী লগাই ড্ৰমা বজোৱা দেখা যায় ৷

মোহব্বতেঃ মোহব্বতে ছবি খনত পৰম্পৰা ভাঙি সকলোৱে হোলী খেলা দেখা যায় ৷ ছবিখনত শ্বাহৰুখ খানে অমিতাভ বচ্চনক কপালত হোলীৰ ফোঁট লগোৱা দৃশ্যটো আজিও জনপ্ৰিয় ৷

গ’লীয়ো কী ৰাসলীলা ৰামলীলাঃ এই ছবিখনৰ কথা উল্লেখ কৰিলে মনলৈ আহে দীপিকা পাডুকন আৰু ৰণৱীৰ সিঙৰ কেমেষ্ট্ৰী । ছবিখনত লহো মুহ লগ গয়া গীতটিত দীপিকা আৰু ৰনৱীৰে দুয়ো জনেই হোলী লগোৱা দেখা যায়। আৰু দুয়োজনৰ মাজত চুম্বনৰ দৃশ্যও দেখুওৱা হৈছে ছবিখনত ৷

য়ে জবানী হ্যে দীৱানীঃ বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন আৰু ৰনবীৰ কাপুৰৰ অভিনীত এই ছবিখনৰ বলম পিছকাৰী গীতটি অতি জনপ্ৰিয় ৷ ছবিখনত দীপিকা আৰু ৰনবীৰৰ ডান্স চলচ্চিত্ৰ প্ৰেমীসকলে আদৰি লয় ৷ ছবিখনত হোলীৰ দৃশ্যসমূহ অসাধাৰণ ৰূপত চিত্ৰায়িত কৰা হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন