মনোৰঞ্জন

২.০ ট্ৰেইলাৰ মুকলি: ৰজনীকান্ত অভিনীত 'ৰৱট'(২.০)ৰ ট্ৰেইলাৰ,খলনায়ক চৰিত্ৰত অক্ষয়

Sentinel Digital Desk

মুকলি হ'ল সম্পূৰ্ন দীঘল ২.০ ট্ৰেইলাৰ । ছবি খনত অভিনয় কৰিছে ৰজনীকান্ত,অক্ষয় কুমাৰ আৰু অভিনেত্ৰী এমি জেকচনক দেখা পোৱা যাব । ছবি খনৰ নিৰ্দেশক এছ শানকাৰ, ২০১০চনৰ প্ৰথম ৰৱট খনো তেওঁৰেই নিৰ্দেশনা । প্ৰথম খন ছবিত অভিনয় কৰিছিল ঐশ্বৰ্য্য ৰায় আৰু ৰজনীকান্ত ।

ছবি খন তামিল ভাষাতো মুক্তি হ'ব । আৰু এইখন অক্ষয়ৰ বাবে প্ৰথম তামিল দ্ৰাবিং ছবি । ছবি খনত অক্ষয়ে ৰিচাৰ্ড/ক্ৰমেনৰ চৰিত্ৰত অভিনয় কৰিব আনহাতে,ৰজনীকান্তে ড° ভাষিগাৰন/চিট্টী ৰ চৰিত্ৰত অভিনয় কৰিব ।

অলপ সময়ৰ আগত মুক্তি পোৱা ২ মিনিটৰ দীঘলীয়া ট্ৰেইলাৰটিত ৰজনীকান্তক এজন 'চুপাৰ-হিৰ'" হিচাপে দেখা পোৱা গৈছে আৰু আৰু অক্ষয়ে ম'বাইল ফোন ব্যৱহাৰকাৰী আৰু নিৰ্মানকাৰী বৈজ্ঞানিক সকলক বেয়া পোৱা দেখা পোৱা গৈছে ।

অক্ষয় চৰিত্ৰটি এইদৰে সজোৱা হৈছে যাতে দৰ্শকে আকোৱালি লয় আৰু ভাল পাব । ছবি তথা ট্ৰেইলাৰ দেখা পোৱা অনুসৰি পৃথিৱীত ম'বাইল ফোন ব্যৱহাৰকাৰী সকলক মাৰি দিয়া । অতি সোনকালে দুষ্ট বৈজ্ঞানিক 'চিট্টী' সংস্কৰন ২.০ৰ সন্মুখত আহিব আৰু বিশাল যুদ্ধৰ সৃষ্টি হ'ব ।

https://www.youtube.com/watch?time_continue=38&v=_qOl_7qfPOM

৭৫ মিলিয়ন আমেৰিকা ডলাৰত ২.০ সফল হলীউড বিএফএক্স কলাসিক্সতকৈ অধিক দাম ।

ইয়াৰোপৰি ছবি খনত দেখা পোৱা যাব অসম সন্তান আদিল হুছেইন,সুদানশু পাণ্ডে,এমি জেকচন । এআৰ ৰহমানে কৰিছে মিউজিক কম্পউচ ।

২.০ ছবি খন বহুদিনৰ পৰাই ছবি হলত আহিব বিচাৰি আছিল । ছবি খন যোৱা বছৰৰ দিপাৱলী সময়ত মুক্তি পোৱা কথা আছিল,তাৰপিছত ২০১৭চনৰ ডিচেম্বৰত মুক্তি পোৱা কথা আছিল । অৱশেষত ২০১৮ মুক্তি পোৱা কথা আছিল যদিও মুক্তি নাপালে । অৱশেষত আজি ছবি খনৰ ট্ৰেইলাৰ মুক্তি পালে আৰু এই মাহত ২৯ নবেম্বৰত ছবি খন মুক্তি হ'ব ।

ছবি খনত বিষয়ে অভিনেতা অক্ষয়ে মত প্ৰকাশ কৰা অনুসৰি,"ৰজনীকান্ত এগৰাকী সঁচা চুপাৰষ্টাৰ । আৰু তেওঁ কৃতজ্ঞতা স্বীকাৰ কৰিব বিচাৰে যে ৰজনীকান্তৰ দৰে চুপাৰ হিৰ' এজনৰ সৈতে তেওঁ অভিনয় কৰিবলৈ সুবিধা পাইছে"

"অক্ষয়ৰ বৰ্তমানলৈ মুঠ ১৩০খন ছবি(বলীউড) ছবি অভিনয় কৰিছে আৰু ২.০ খনৰ সৈতে মুঠ ১৩১ খন ছবি হ'ব । তেওঁ মত প্ৰকাশ কৰা অনুসৰি প্ৰতিখন ছবিৰ পৰাই কিবা নহয় কিবা এটা নতুন কথা শিকিব পায়,কিন্তু ২.০ ছবি খনৰ শ্বুট্যিংৰ সময়ত প্ৰশিক্ষিত হৈ আছিল বুলি অভিনেতা গৰাকীয়ে মত প্ৰকাশ কৰিছে" ।