বলীউডৰ অভিনেতা অজয় দেৱগনলৈ জয়পুৰৰ এজন কেন্সাৰ ৰোগী আহ্বান যে ধপাঁত জাতীয় মাদক দ্ৰব্যৰ বিজ্ঞাপন কৰা বন্ধ কৰক। ৪০ বয়সীয়া নানকৰামৰ পৰিয়ালৰ ভাষ্য যে নানকৰাম অজয় দেৱগনৰ অনুৰাগী ৷ অজয় দেৱগনেও ধপাঁত জাতীয় পদাৰ্থ সেৱন কৰি বিজ্ঞাপন দিয়ে ৷ কিন্তু সম্প্ৰতি নানকৰামে অনুভৱ কৰিছে যে ধপাঁতে তেওঁৰ জীৱন শেষ কৰি দিলে ৷
ইফালে নানকৰামৰ পুত্ৰৰ ভাষ্য যে মোৰ পিতৃয়ে বিগত কিছু বছৰৰ পূৰ্বৰ পৰা ধপাঁত জাতীয় এবিধ বস্তু খোৱা আৰম্ভ কৰিছে ৷ যিটোৰ বিজ্ঞাপন অজয় দেৱগনে দিয়ে ৷কাৰণ অজয় দেৱগনৰ ভীষণ অনুৰাগী নানকৰাম। কিন্তু যেতিয়া নানকৰামৰ কেন্সাৰ হ’ল তেতিয়া তেওঁ অনুভৱ কৰিলে যে অজয় দেৱগনৰ দৰে ছুপাৰষ্টাৰে এনেধৰণৰ বিজ্ঞাপন কৰিব নালাগে ৷ নানকৰামে এখন পত্ৰত লিখি যে সুৰা, চিগাৰেট আৰু ধঁপাত জাতীয় বস্তুৰ বিজ্ঞাপন ভয়ানক। অভিনেতা অভিনেত্ৰীসকলক এনেধৰণৰ বস্তুৰ বিজ্ঞাপন কেতিয়াও কৰিব নালাগে ।
দুটি সন্তানৰ পিতৃ নানকৰামে প্ৰথমতে চাহ দোকান দি পৰিয়ালটি চলাই আছিল যদিও সম্প্ৰতি নানকৰামে কথা পাতিব নোৱাৰে। ঘৰৰ পৰাই গাখীৰ বিক্ৰীৰ কাম কৰি আছে নানকৰামে । উল্লেখযোগ্য যে ২০১৬ চনত দিল্লী চৰকাৰে অজয় দেৱগনক এখন ন’টিছ দিছিল আৰু কৈছিল যে অজয় দেৱগন যাতে চিগাৰেট আৰু ধপাঁত জাতীয় সামগ্ৰীৰ পৰা আঁতৰত থাকে ৷
ন’টিছত লিখা আছিল যে পান মছালা বিজ্ঞাপনৰ দ্বাৰা বিশেষকৈ নাবালক সকল প্ৰভাৱিত হয়। চিগাৰেট আৰু ধপাঁত জাতীয় পদাৰ্থৰ আইন COPTA ২০০৩ ধাৰা ৫ থকাৰ পিছতো অজয় দেৱগনে এনেধৰণৰ কম্পনীৰ লগত জৰিত হৈ পৰিছে ৷এই সমূহ বিজ্ঞাপন দেখি বিশেষকৈ গ্ৰাহকসকল ভ্ৰমিত হয় ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন