মনোৰঞ্জন

ৰনবীৰে মোক পৃথক অনুভৱ কৰোৱাইঃ বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ট

Sentinel Digital Desk

বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰৰ প্ৰেমৰ সম্পৰ্ক সম্প্ৰতি সৰ্বজন বিদিত ৷ শেহতীয়াকৈ দুয়োজনকে বিভিন্ন অনুষ্ঠানত প্ৰত্যক্ষ কৰিছে সকলো অনুৰাগীয়ে ৷ বিগত দিনত,ৰনবীৰ কাপুৰে আলিয়া ভাট্টক কেনেধৰণৰ অনুভৱ দিয়ে সেই সম্পৰ্কত মন্তব্য দিয়ে। এগৰাকী অভিনেত্ৰী হিচাপে ৰনবীৰ কাপুৰৰ বিষয়ে কি ভাবে সেই কথা ব্যক্ত কৰিছে ৷

ৰনবীৰ কাপুৰৰ সন্দৰ্ভত আলিয়াই কয় যে ৰনবীৰে অভিনেত্ৰী গৰাকীক পৃথক অনুভৱ কৰোৱাই। ৰনবীৰৰ পৰা বহুত কথা শিকিবলৈ পায় আলিয়াই ৷ সেয়া লাগিলে এজন অভিনেতা ৰূপতেই হওক বা এজন ব্যক্তি ৰূপতেই হওক ৷ ৰনবীৰৰ লগত আয়ান মুখাৰ্জীৰ ব্ৰহ্মাস্ত ছবিত অভিনয় কৰাৰ সন্দৰ্ভত আলিয়া ভাট্টে কয় যে ৰনবীৰক এজন অভিনেতাৰ ৰূপত আলিয়াই বহু ভাল পায় ৷ৰনবীৰৰ ছবিসমূহত অভিনেতাজন বহু সতেজ,শক্তিশালী আৰু বাস্তৱ সম্পন্ন ৷ ৰনবীৰে আলিয়াই বিভিন্ন ক্ষেত্ৰত যাতে উচ্চ সম্পন্ন কাম কৰিব পাৰে তাৰ কাৰনে সদায় প্ৰেৰণা দি অহাৰ কথাও উল্লেখ কৰে ৷

লগতে কামক লৈ ৰনবীৰ কাপুৰৰ একাগ্ৰতা আৰু নৈতিক এই সকলোবোৰ আলিয়াৰ কাৰণে উল্লেখ্যনীয় বুলিও মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে ৷ ইফালে শেহতীয়া কলংক ছবিৰ প্ৰমোশ্যনত যাওঁতে আলিয়া বৰণ ধাৱনক ভূলবশত ৰনবীৰ বুলি কোৱাক লৈ চৰ্চা হৈছিল ৷

আলিয়াৰ পিতৃ তথা নিৰ্দেশক মুকেশ ভট্টে জীয়ৰী আলিয়া আৰু ৰনবীৰৰ সম্পৰ্কটোৰ সম্পৰ্কে কয় যে তেওঁলোক দুয়োজন প্ৰেমৰ সম্বন্ধত আছে ৷ আলিয়াইও এই সম্বন্ধত কয় যে এনেকুৱা নহয় যে এনেধৰণৰ এটা সম্পৰ্ক এটা অনুভৱ ৷এই সম্পৰ্কটো মোৰ জীৱনৰ এটি মহত্ত্বপূৰ্ণ অংশ ৷ এই সম্পৰ্কটো অত্যন্ত সুন্দৰ ৷সংবাদমাধ্যমৰ তথ্য অনুসৰি জুহুত সদ্যহতে ক্ৰয় কৰা বাসগৃহটো প্ৰেমিক ৰনবীৰ কাপুৰ সৈতে ভৱিষ্যতে বাস কৰিবলৈ আলিয়াই ক্ৰয় কৰিছে৷

ভাৰতীয় ছবি নিৰ্দেশক মহেশ ভাট্ট আৰু অভিনেত্ৰী সোনী ৰাজদানৰ সন্তান আলিয়া ভাট্ট ৷ পুজা ভাট্ট আৰু ৰাহুল ভাট্ট হৈছে আলিয়াৰ ভগ্নী আৰু ভাতৃ ৷ ইফালে ইমৰান হাছমী আৰু মোহিত ছুৰী হৈছে আলিয়াৰ সম্পৰ্কীয় ভাতৃ ৷ আলিয়া এগৰাকী অভিনেত্ৰী হিছাপে বলীউডত পদাৰ্পন কৰিছিল ২০১২ চনৰ ছুপাৰ হিট ছবি ষ্টুডেন্ড অৱ দ্য ইয়েৰৰ জৰিয়তে ৷ ইয়াৰ পিছত আলিয়াই ইমতিয়াজ আলীৰ ছবি হাই ৱে,টু ষ্টেটচ আৰু হামটি শৰ্মা কী দুলহনীয়া ছবিত অভিনয় কৰে ৷

বলীউডত আলিয়াৰ অভিনয়ৰ কাৰণে বহু পুৰস্কাৰেৰে সমাদৃত হয় ৷ আলিয়াই সিদ্ধাৰ্থ মালহোত্ৰা,বৰুণ ধাৱন,ঋষি কাপুৰ,ৰণদীপ হুড্ডা,অৰ্জুন কাপুৰ,ৰ’নীত ৰায়,ৰিতেশ দেশমুখ,চাহিদ কাপুৰ,দিলজীত ডোচাঞ্জ,ৰনবীৰ কাপুৰ আৰু শ্বাহৰুখ খানৰ দৰে অভিনেতাৰ লগত কাম কৰে ৷ বলীউডৰ এগৰাকী সফল অভিনেত্ৰী হোৱাৰ লগতে আলিয়া এগৰাকী সফল মডেলো ৷ লগতে এগৰাকী গায়িকা হিচাপেও চিনাকী দিছে আলিয়াই ৷ আলিয়াৰ মোহনীয়তা,অভিনয় দক্ষতাৰ কাৰণে কোটি কোটি অনুৰাগীৰ প্ৰিয় অভিনেত্ৰী গৰাকী ৷

অন্যহাতে আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰে অভিনয় কৰা ব্ৰহ্মাস্ত ছবিখনত অভিনয় কৰিছে বলীউডৰ বিগ বি অমিতাভ বচ্চন,মৌনি ৰয়,ডিম্পল কাপাড়িয়া আদি ন পুৰণি শিল্পীয়ে ৷ছবিখল মুক্তি পাব চলিত বৰ্ষৰ ২০ ডিচেম্বৰত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন