শীৰ্ষ বাতৰি

ক'ৰ'নাঃ গুৱাহাটী কাৰাগাৰৰ পৰিস্থিতি বুজ ল'লে স্বাস্থ্য মন্ত্ৰীয়ে

Sentinel Digital Desk

ক্ৰমে ৰাজ্যত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পোৱাৰ সময়তে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰিস্থিতি বুজ ল'লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ কাৰাগাৰসমূহত প্ৰায় ২১০জন ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত হৈছে। এই ক'ৰ'না আক্ৰান্তসকলৰ ১৮৫জন গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ।এই আক্ৰান্তসকলৰ অন্যতম হৈছে অখিল গগৈ আৰু ৰঞ্জন দৈমাৰী। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰাৰ পৰিস্থিতি বুজ লোৱাৰ বিষয়ে টুইটাৰত সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী শৰ্মাই। কাৰাগাৰৰ পৰিস্থিতি বুজ লোৱাৰ সময়ত তেওঁৰ সৈতে স্বাস্থ্য বিভাগৰ বিষয়াবৰ্গ থাকে।