শীৰ্ষ বাতৰি

ক'ৰ'নাঃ এইবাৰৰ ঈদৰ নামাজত ৫ জন লোকেহে অংশ ল'ব পাৰিব

Sentinel Digital Desk

ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ ঈদৰ নামাজত পাঁচজ লোককহে অংশ লোৱাৰ অনুমতি প্ৰদান কৰিছে কামৰূপ(মহানগৰ)জিলা প্ৰশাসনে। এক নিৰ্দেশনাত এই কথা সদৰী কৰি জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ বিশ্বজিত পেগুৱে কয় যে অহা ১ আগষ্টত পালম কৰিবলগীয়া বকৰি ঈদৰ মছজিদ, দৰগাহ আদিৰ নামাজত কেৱল ৫ জন লোককহে অংশ লবলৈ দিয়া হব। ক'ৰ'না প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে এনে ব্যৱস্থা গ্ৰহণ কৰিছে।

তদুপৰি মছজিদ বা দৰগাহত নামাজত অংশ লোৱাৰ সময়ত সকলোৱে সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পৰিধান কৰিব লাগিব। এনে এক নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগেও। গৃহ আৰু ৰাজনৈতিক বিভাগৰ নিৰ্দেশনাটো কোৱা হয় য়ে মছজিদ বা দৰগাহত নামাজত অংশ লোৱাৰ সময়ত সকলোৱে সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পৰিধান কৰিব লাগিব। তদুপৰি মচজিদ বা দৰগাহৰ নামাজত সৰ্বোচ্চ ৫ জন লোকেহে অংশগ্ৰহণ কৰিব পাৰিব।