শীৰ্ষ বাতৰি

পুনৰ বিজেপিমুখী হোৱা যতীন বৰাৰ বিৰুদ্ধে সৰৱ প্ৰাক্তন সাংসদ ৰমেন ডেকা

Sentinel Digital Desk

নাগৰিকত্ব(সংশোধনী) আইনবিৰোধী প্ৰতিবাদৰ সময়ত বিজেপি ত্যাগ কৰা যিসকল লোকে পুনৰ দললৈ উভতিব বিচাৰিছে, সেইসকলৰ বিৰুদ্ধে সৰব হৈ উঠিছে, দলৰ জ্যেষ্ঠ নেতা তথা মঙলদৈৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা। লক্ষ্যণীয় যে কা-বিৰোধী আন্দোলনৰ সময়ত দলত্যাগ কৰা জনপ্ৰিয় অভিনেতা যতীন বৰা পুনৰ দললৈ উভতিব বুলি ব্যাপক চৰ্চা হৈছে। আনকি কাইলৈ ১৬ আগষ্টত বৰাই পুনৰ দলত যোগদান কৰিব বুলিও চৰ্চা তুংগত উঠিছে। এনে সময়তে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ডেকা কা-বিৰোধী আন্দোলনৰ সময়ত দলত্যাগ কৰাসকলৰ বিৰুদ্ধে সৰব হৈ উঠিছে।

অভিনেতা বৰাকে ইংগিত কৰি প্ৰাক্তন সাংসদজনে কয়, " নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত দল এৰা কোনো লোককে আদৰি ল'ব নালাগে। যিসকল লোকে সেই সময়ত দল এৰি গৈছিল তেওঁলোক দৰাচলতে সুবিধাবাদী।'

ইপিনে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ নামত বিজেপি ত্যাগ কৰা অভিনেতা বৰাই আন্দোলনৰ গতি হ্ৰাস পোৱাৰ পিছত পুনৰ বিজেপিত যোগদান কৰিব বুলি চৰ্চা হোৱাত  অভিনেতাজনৰ চৰম 'সুবিধাবাদী মানসিকতা' প্ৰকাশ পোৱা বুলি মন্তব্য কৰিছে বহুজনে।