শীৰ্ষ বাতৰি

প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈৰ বিৰুদ্ধে দাখিল হোৱা আবেদন খাৰিজ

Sentinel Digital Desk

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ বিৰুদ্ধে দাখিল হোৱা এখন আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে। অৰুণ ৰামচন্দ্ৰ হুবলীকাৰ নামৰ লোকজনে এখন তিনিজনীয়া বিচাৰপীঠ স্থাপন কৰি প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈৰ বিৰুদ্ধে তদন্তৰ ব্যৱস্থা কৰিবলৈ আৰ্জি জনায়। লোকজনে অভিযোগ কৰে যে গগৈয়ে ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত পেশাগত আচৰণ বিধি ভংগ কৰিছিল। কিন্তু আজি শুকুৰবাৰে ন্যাযাধীশ অৰুণ মিশ্ৰৰ এখন পীঠে হুবলীকাৰৰ আবেদন খাৰিজ কৰে।

আবেদনখন খাৰিজৰ সময়ত বিচাৰপীঠে মন্তব্য কৰে যে প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈয়ে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে । গতিকে তেওঁৰ বিৰুদ্ধে তদন্তৰ ব্যৱস্থা কৰিব পৰা নাযাব । আবেদনখন খাৰিজৰ সময়ত বিচাৰপীঠে কয়, " আমি এই আবেদন খাৰিজ কৰিছো। আবেদনখন কৰিব পৰা কোনো উপায় নাই। পদকীয়াই ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে "। উল্লেখ্য যে ২০১৮ৰ অক্টোবৰৰ পৰা ২০১৯ৰ নৱেম্বৰলৈ গগৈয়ে দেশৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।